Advertisment

মহাকুম্ভৰ পদপিষ্ট ঘটনাক লৈ দুখ প্ৰকাশ প্ৰধানমন্ত্ৰী মোদী...

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক্সৰ জৰিয়তে সমগ্ৰ ঘটনাক লৈ দুখ প্ৰকাশ কৰে।তেওঁ কয় যে, এয়া অতি দুখজনক। প্ৰিয়জনক হেৰুওৱা ভক্তসকলৰ প্ৰতি মোৰ গভীৰ সমবেদনা থাকিল। ভুক্তভোগীসকলক সকলো ধৰণে সহায় কৰাত নিয়োজিত হৈ আছে স্থানীয় প্ৰশাসন।

author-image
Asomiya Pratidin
New Update
্িুি্ু

ডিজিটেল ডেস্কঃ  মহাকুম্ভ মেলাত সংঘটিত হোৱা দুৰ্ভাগ্যজনক ঘটনাক লৈ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। পদপিষ্ট ঘটনাৰ ভুক্তভোগী পৰিয়াল সমূহক গভীৰ সমবেদনা জ্ঞাপন কৰা লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে।

Advertisment

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক্সৰ জৰিয়তে সমগ্ৰ ঘটনাক লৈ দুখ প্ৰকাশ কৰে।তেওঁ কয় যে, এয়া অতি দুখজনক। প্ৰিয়জনক হেৰুওৱা ভক্তসকলৰ প্ৰতি মোৰ গভীৰ সমবেদনা থাকিল। ভুক্তভোগীসকলক সকলো ধৰণে সহায় কৰাত নিয়োজিত হৈ আছে স্থানীয় প্ৰশাসন। এই সন্দৰ্ভত মই মুখ্যমন্ত্ৰী যোগীজীৰ সৈতে কথা পাতিছো। লগতে ৰাজ্য চৰকাৰৰ সৈতে নিৰন্তৰ যোগাযোগত আছো বুলিও উল্লেখ কৰে মোদীয়ে। 

উল্লেখযোগ্য যে, উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত চলি থকা মহাকুম্ভত অমৃত স্নান কৰিবলৈ গৈ বুধবাৰে পুৱতি নিশা প্ৰায় ২ বজাত পদপিষ্ট হৈ বহু ভক্তৰ মৃত্যু হয়। সমান্তৰালভাৱে আহত হয় বহুলোক । ঘটনাৰ প্ৰতিক্ৰিয়া স্বৰূপে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ন্যায়িক তদন্তৰ নিৰ্দেশ দি নিহতৰ পৰিয়ালক ২৫ লাখকৈ টকাৰ ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰিছে। 

প্ৰধানমন্ত্ৰী মোদী