কোনো বিশ্ব নেতাই ভাৰতক অপাৰেশ্যন সিন্দূৰ বন্ধ কৰিবলৈ কোৱা নাছিলঃ সদনত আক্ৰমণাত্মক ৰূপত প্ৰধানমন্ত্ৰী মোডী...

সদনৰ মজিয়াত অপাৰেশ্যন সিন্দূৰ আৰু অপাৰেশ্যন মহাদেৱক লৈ প্ৰশ্ন উত্থাপন কৰা বিৰোধীক তুলা-ধুনা দিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। তেওঁ কংগ্ৰেছক কটাক্ষ কৰি কয় যে, দেশৰ সুৰক্ষা

author-image
Asomiya Pratidin
New Update
new ap web 1 (12)

ডিজিটেল ডেস্কঃ সদনৰ মজিয়াত অপাৰেশ্যন সিন্দূৰ আৰু অপাৰেশ্যন মহাদেৱক লৈ প্ৰশ্ন উত্থাপন কৰা বিৰোধীক তুলা-ধুনা দিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। তেওঁ কংগ্ৰেছক কটাক্ষ কৰি কয় যে, দেশৰ সুৰক্ষা আৰু দেশমাতৃৰ বীৰত্বৰ গৌৰৱগাথাঁক লৈ তোমালাকে যি কথা কৈছা, সেই কথা শুনি আছি দেশবাসীয়ে আজি তোমালোকক হাঁহিছে।

Advertisment

ৰাহুল গান্ধী তথা কংগ্ৰেছে অপাৰেশ্যন সিন্দূৰ কিয় স্থগিত ৰখা হল সেই প্ৰশ্নৰো উত্তৰ অৱশেষত সদনৰ মজিয়াত ৰাখিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। তেওঁ কয় যে, বিশ্বৰ কোনো এগৰাকী নেতাই ভাৰতক অপাৰেশ্যন স্থগিত বা বন্ধ কৰিবলৈ হেচাঁ দিয়া নাছিল। বৰঞ্চ আমাক সমগ্ৰ বিশ্ববাসীয়ে সমৰ্থন কৰিছিল।

তেওঁ লগতে যুদ্ধৰ সন্দৰ্ভত কয়- ভাৰত যুদ্ধৰ দেশৰ নহয়, ভাৰত হৈছে বুদ্ধৰ দেশ। আমি শান্তিু আৰু সমৃদ্ধি সদায়েই কামনা কৰো। কিন্তু এটা কথা সকলোৱে মনত ৰখা দৰকাৰ যে, শান্তি আৰু সমৃদ্ধিৰ বাট শক্তিৰ পৰাই উদ্ভৱ হয়। ৰাষ্ট্ৰীয় সুৰক্ষাক লৈ কংগ্ৰেছৰ পূৰ্বতেও কোনো ভিজন নাছিল আৰু এতিয়াও নাই। কংগ্ৰেছে সদায়েই ৰাষ্ট্ৰীয় সুৰক্ষাগত বিষয়ত শত্ৰু ৰাষ্ট্ৰৰ সৈতে বুজাপৰা কৰি আহিছিল বুলিও বক্তব্য ৰাখে প্ৰধানমন্ত্ৰীগৰাকীয়ে।

শত্ৰুৰ ৰাষ্ট্ৰৰ সৈতে যুঁজি থকা সময়ত ভাৰতক সকলো দেশে সমৰ্থন কৰিছে। প্ৰতিগৰাকী বিশ্ব নেতাই ভাৰতৰ সৈতে থিয় দিছে। কিন্তু দুৰ্ভাগ্যৰ বিষয় যে, দেশৰ ভিতৰত থকা কংগ্ৰেছে দেশৰ সুৰক্ষাগত এই বিষয়ত দেশৰ সৈতে নাই। বৰঞ্চ কিছু হাস্যকৰ প্ৰশ্নহে উত্থাপন কৰি আছে। অপাৰেশ্যন সিন্দূৰক লৈ প্ৰশ্ন উত্থাপন কৰাসকলে দেশবাসীৰ অন্তৰত স্থান লাভ কৰিব নোৱাৰে বুলিও কটাক্ষ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে।

অপাৰেচন সিন্দুৰ অপাৰেচন মহাদেৱ