/asomiyapratidin/media/media_files/2025/01/24/b6q2j81NjBcSILUvuec6.jpg)
ডিজিটেল ডেস্কঃ ভাৰতৰ দুই বৃহৎ ৰাজনৈতিক দল কংগ্ৰেছ আৰু বিজেপিৰ মাজত আদৰ্শগত বিভিন্নতাৰ লগতে দুয়োটা দলৰ নেতাৰ ইজনে আনজনক সমালোচনা কৰা দৃশ্য যেন ভাৰতৰ প্ৰতিজন নাগৰিকৰ বাবে চিৰপৰিচিত । কিন্তু শেহতীয়া এক খবৰে বিশেষভাৱে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে সংবাদ মাধ্যমৰ ।
২৩ জানুৱাৰী, বৃহস্পতিবাৰে নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্মজয়ন্তী উপলক্ষে সমগ্ৰ দেশে উদযাপন কৰে পৰাক্ৰম দিৱস । সমান্তৰালভাৱে দিল্লীৰ সংবিধান গৃহত আয়োজিত পৰাক্ৰম দিৱসত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে বহু শীৰ্ষ নেতাই স্মৰণ কৰে সুভাষ চন্দ্ৰ বসুক ।
উক্ত অনুষ্ঠানৰ এক দৃশ্যই বিশেষভাৱে চৰ্চা লাভ কৰিছে । অনুষ্ঠানৰ মাজতে দেশৰ প্ৰধানমন্ত্ৰী আৰু বিৰোধী দল তথা কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খৰ্গেৰ মাজত হোৱা কথোপথনৰ দৃশ্য এতিয়া ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত ।
উল্লেখযোগ্য যে, পৰাক্ৰম দিৱসৰ অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদীৰ লগতে উপস্থিত আছিল মল্লিকাৰ্জুন খৰ্গে । মোদীয়ে কংগ্ৰেছে সভাপতিগৰাকীৰ লগত প্ৰায় ১ মিনিট ধৰি বাৰ্তালাপ কৰা পৰিলক্ষিত হৈছে উক্ত অনুষ্ঠানৰ মাজতে ।