১২৬৮ কোটি টকা ব্যয়ত কেদাৰনাথত নিৰ্মাণ হ'ব ৰ'পৱে, প্ৰধানমন্ত্ৰীয়ে কৰিলে শিলান্যাস

শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে উত্তৰাখণ্ডত উপস্থিত হৈ কেদাৰনাথ মন্দিৰ দৰ্শন কৰে।
PM Modi lays foundation stone of ropeway in Kedarnath
PM Modi lays foundation stone of ropeway in Kedarnath

ডিজিটেল ডেস্ক:  শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে উত্তৰাখণ্ডত উপস্থিত হৈ কেদাৰনাথ মন্দিৰ দৰ্শন কৰে।এই ভ্ৰমণৰ সময়চোৱাত প্ৰধানমন্ত্ৰী গৰাকীয়ে তেওঁৰ সপোনাৰ প্ৰকল্পৰ শিলান্যাস কৰে।

সোনপ্ৰয়াগ-কেদাৰনাথ ৰ'পৱে প্ৰকল্পৰ শিলান্যাস কৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে। প্ৰকল্পটোৰ সৈতে জড়িত ৰাষ্ট্ৰীয় ঘাইপথ লজিষ্টিক মেনেজমেণ্ট লিমিটেডৰ অভিযন্তা  এজনে কয় যে ভিডিঅ'গ্ৰাফী আৰু ফটোগ্ৰাফীৰ জৰিয়তে প্ৰধানমন্ত্ৰীক প্ৰকল্পটোৰ বিষয়ে অৱগত কৰা হৈছিল।

উল্লেখনীয় যে এই ৰ'পৱেটো কেদাৰনাথ ধামলৈকে প্ৰায় ৯.৭ কিলোমিটাৰ দীঘল হ'ব। ই গৌৰীকুণ্ডক কেদাৰনাথৰ সৈতে সংযোগ কৰিব।এই ৰপৱে নিৰ্মাণৰ পাছতেই দুয়োটা স্থানৰ মাজত ভ্ৰমণৰ সময় বৰ্তমানৰ ৬-৭ ঘণ্টাৰ পৰা প্ৰায় ৩০ মিনিটলৈ হ্ৰাস হ'ব।

এই ৰ'পৱে ২ বছৰৰ ভিতৰত সম্পূৰ্ণ কৰাৰ চেষ্টা কৰা হ'ব। ৯.৭০ কিলোমিটাৰ দীঘল এই ৰ'পৱেটো নিৰ্মাণত প্ৰায় ১২৬৮ কোটি টকা ব্যয় হ'ব।

এই ৰ'পৱে শিলান্যাস কৰাৰ পাছতেই মোডীয়ে আদিগুৰু শংকৰাচাৰ্যৰ সমাধিস্থললৈ যায়। তাৰ পাছতেই তেওঁ বদ্ৰীনাথ ভ্ৰমণৰ বাবে ৰাওনা হয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in