দেশত কাৰ্যকৰী হ'ল থলুৱাভাৱে নিৰ্মিত দেশৰ প্ৰথমটো সেউজ হাইড্ৰ'জেন প্ৰকল্প

ইয়াৰ লগে লগে কণ্ডলা মেগাৱাট পৰিসৰৰ থলুৱা সেউজ হাইড্ৰজেনৰ সুবিধা থকা প্ৰথমটো ভাৰতীয় বন্দৰ হিচাপে পৰিগণিত হয়, যিয়ে নবীকৰণযোগ্য শক্তি আৰু বহনক্ষম আন্তঃগাঁথনিৰ ক্ষেত্ৰত গুজৰাটৰ ক্ৰমবৰ্ধমান ভূমিকাক আলোকপাত কৰে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ  গুজৰাটৰ কণ্ডলা বন্দৰত থলুৱাভাৱে নিৰ্মিত দেশৰ প্ৰথমটো সেউজ হাইড্ৰ'জেন প্ৰকল্প কাৰ্যকৰী হোৱাৰ লগে লগে বহনক্ষমতাৰ দিশত এটা গুৰুত্বপূৰ্ণ পদক্ষেপৰ সূচনা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেওবাৰে কণ্ডলা বন্দৰ খণ্ডত ভাৰতৰ প্ৰথমটো মেক-ইন-ইণ্ডিয়া সেউজ হাইড্ৰ'জেন প্ৰকল্প আৰম্ভ কৰে।

দীনদয়াল বন্দৰ কৰ্তৃপক্ষই (ডিপিএ) গ্ৰহণ কৰা এই প্ৰকল্পটোৱে দেশখনৰ নেট-জিৰ’ নিৰ্গমনৰ লক্ষ্যত উপনীত হোৱাৰ প্ৰচেষ্টাত এক বৃহৎ অগ্ৰগতি লাভ কৰিছে। এক্সৰ এটা পোষ্টত দীনদয়াল বন্দৰ কৰ্তৃপক্ষই এই উন্নয়নৰ কথা ঘোষণা কৰি কয়, “ইয়াৰ লক্ষ্য সেউজ উদ্ভাৱনেৰে প্ৰগতিৰ ইন্ধন যোগোৱা ! আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেট জিৰ’ দৃষ্টিভংগীৰ দিশত ই এক শক্তিশালী অগ্ৰগতি।”

এই ঘোষণাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি প্ৰধানমন্ত্ৰী মোডীয়ে কয়, “এয়া এক প্ৰশংসনীয় প্ৰচেষ্টা, বহনক্ষমতা তথা আমাৰ নেট-জিৰ’ দৃষ্টিভংগীক শক্তিশালী কৰা।” ২০২৫ চনৰ মে’ মাহত ভূজ ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী মোডীয়ে ১০ মেগাৱাট শক্তিৰ সেউজ হাইড্ৰ’জেন সুবিধাৰ ভেটি স্থাপন কৰাৰ মাত্ৰ চাৰি মাহৰ পিছতে উদ্যোগটো কাৰ্যক্ষম হৈ উঠে।

ইয়াৰ লগে লগে কণ্ডলা মেগাৱাট পৰিসৰৰ থলুৱা সেউজ হাইড্ৰজেনৰ সুবিধা থকা প্ৰথমটো ভাৰতীয় বন্দৰ হিচাপে পৰিগণিত হয়, যিয়ে নবীকৰণযোগ্য শক্তি আৰু বহনক্ষম আন্তঃগাঁথনিৰ ক্ষেত্ৰত গুজৰাটৰ ক্ৰমবৰ্ধমান ভূমিকাক আলোকপাত কৰে।

উল্লেখ্য যে, ৩১ জুলাইত কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ বিভাগৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মন্ত্ৰী শান্তনু ঠাকুৰ, মন্ত্ৰালয়ৰ সম্পাদক টি কে ৰামচন্দ্ৰন, ডি পি এৰ অধ্যক্ষ সুশীল কুমাৰ সিংকে ধৰি অন্যান্য জ্যেষ্ঠ বিষয়াৰ উপস্থিতিত উদ্যোগটো উদ্বোধন কৰিছিল।

নৰেন্দ্ৰ মোডী গুজৰাট