/asomiyapratidin/media/media_files/2025/03/18/bejeYIjl4JA8cPYdTQLT.png)
ডিজিটেল ডেস্কঃ টুইটাৰ একাউন্ট বিকল কৰি দিয়াৰ পিছতে ট্ৰাম্পে ঘোষণা কৰিছিল যে, তেওঁ এদিন নিজেই আৰম্ভ কৰিব এটা সমাজিক মাধ্যম। কথামতেই পুনৰ মাৰ্কিন ৰাষ্ট্ৰপতিৰ আসনত অধিষ্ঠিত হোৱাৰ পাছত ট্ৰাম্পে আৰম্ভ কৰিলে এটা সামাজিক মাধ্যম। এই মাধ্যম টোৰ নাম থোৱা হৈছে- ট্ৰুথ ছচিয়েল। এই মাধ্যমবোৰ ফিৰ্চাছ সমূহ প্ৰায় টুইটাৰ তথা এক্সৰ দৰেই। চৰ্চা চলিছে যে, এলন মাস্কৰ সৈতে মিলি ট্ৰাম্পে প্ৰস্তুত কৰিছে এই সামাজিক মাধ্যমটো।
সেয়া যি কি নহলেওঁ, ট্ৰাম্পৰ এই সামাজিক মাধ্যমত নিজৰ একাউন্ট খুলিলে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। শেহতীয়াকৈ মোডীয়ে ট্ৰুথ ছচিয়েলত একাউন্ট খোলাৰ লগে লগে তাত তেওঁৰ ফলৰ্ৱাছৰ সংখ্যা প্ৰতি মিনিটত সহস্ৰাধিককৈ বৃদ্ধি পাইছে।
প্ৰধানমন্ত্ৰী মোডীয়ে এতিয়ালৈকে এই সামাজিক মাধ্যমত কৰিছে দুটা পোষ্ট। এই দুটা পোষ্টতে মোডীয়ে ট্ৰাম্পৰ সৈতে বন্ধুত্ব আৰু তেওঁক প্ৰশংসাৰে উপচাই পেলাইছে। ইয়াৰ এটা পোষ্টত ১০হাজাৰৰো অধিক লাইক অহাৰ বিপৰীতে সহস্ৰাধিকজনে শ্বেয়াৰ কৰিছে।
ট্ৰুথ ছচিয়েলৰ আন এটা পোষ্টত ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে শেহতীয়াকৈ তেওঁ প্ৰদান কৰা পডকাষ্টৰ লিংক শ্বেয়াৰ কৰি ট্ৰাম্পক তেওঁক দূৰদৰ্শী নেতা বুলি প্ৰশংসা কৰিছে। উল্লেখ্য যে, মোডীৰ এই কামৰ আগতেই এই পডকাষ্টৰ লিংক ট্ৰাম্পে শ্বেয়াৰ কৰিছিল ট্ৰুথ ছচিয়েলত।
উল্লেখ কৰা প্ৰয়োজন যে, ২০২২ত চনত ট্ৰাম্পে আৰম্ভ কৰিছিল এই ট্ৰুথ ছচিয়েল। কিন্তু শেহতীয়াকৈ ইয়াৰ প্ৰসাৰতা আৰু অধিক বৃদ্ধি কৰিছে ট্ৰাম্পে। ট্ৰাম্প এই মাধ্যমত অতিকৈ সক্ৰিয় হৈ থাকে। আমেৰিকাৰ ভিন্ন গুৰুত্বপূৰ্ণ ঘোষণা এই সামাজিক মাধ্যমৰ জৰিয়তেই কৰে মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে।