/asomiyapratidin/media/media_files/2025/06/28/260-2025-06-28-21-10-59.jpg)
ডিজিটেল ডেস্ক : দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইণ্টাৰনেচনেল স্পেচ চেণ্টাৰত থকা ভাৰতীয় বায়ুসেনাৰ গ্ৰুপ কেপ্টেইন শুভাংশু শুক্লাৰ সৈতে শনিবাৰে বিয়লি ভিডিঅ’কলযোগে কিছু সময় বাৰ্তালাপ কৰে। এই বাৰ্তালাপ ভাৰতৰ বাবে বিশেষ, কিয়নো শুভাংশু শুক্লা বিগত ৪০ বছৰত মহাকাশলৈ যোৱাৰ প্ৰথম ভাৰতীয়।
উল্লেখ কৰিব পাৰি যে, শুভাংশু শুক্লাৰ লগতে আন তিনিজন মহাকাশচাৰীয়ে যোৱা ২৫ জুনত নাছাৰ কেনেডী স্পেচ চেণ্টাৰৰ পৰা স্পেচ-এক্সৰ ড্ৰেগন কেপচুলত বহি ইণ্টাৰনেচনেল স্পেচ চেণ্টাৰত উপস্থিত হৈছে। ইতিমধ্যে প্ৰধানমন্ত্ৰী মোদীৰে হোৱা এই বাৰ্তালাপৰ এখন ফটো প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে সামাজিক মাধ্যমত আপলোড কৰিছে।
আজিৰ এই বাৰ্তালাপত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে এই সময় ভাৰতৰ বাবে গৌৰৱৰ সময়। তেওঁ শুভাংশুক সোধে যে মহাকাশত কেনেকুৱা লাগিছে আৰু কি অনুভৱ হৈছে ? ইয়াৰ উত্তৰত শুভাংশুৱে কয়- মহাকাশৰ পৰা পৃথিৱীখন চোৱাৰ অনুভৱেই সুকীয়া আৰু তাৰ পৰা ভাৰতখন চোৱা বহুত গৌৰৱৰ কথা।