/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/04/modi.png)
ডিজিটেল ডেস্ক: আমাৰ বেছিভাগ প্ৰধানমন্ত্ৰী অতি সাধাৰণ পৰিয়ালৰ পৰা অহাটো আমাৰ ভাৰতীয়সকলৰ বাবে গৌৰৱৰ বিষয়- এই মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ। প্ৰধানমন্ত্ৰী মোডীয়ে বৃহস্পতিবাৰে ১৪ জন প্ৰধানমন্ত্ৰীক উৎসৰ্গিত নৱনিৰ্মিত প্ৰধানমন্ত্ৰী সংগ্ৰাহালয় উদ্বোধন কৰাৰ সময়ত এই মন্তব্য কৰে।
প্ৰধানমন্ত্ৰীয়ে সংবিধানৰ স্থাপতি বাবা চাহেব আম্বেদকাৰক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি ভাষণ আৰম্ভ কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে সংবিধানৰ স্থাপতি বাবাচাহেবে আমাৰ গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ ভেঁটি স্থাপন কৰিছে। তেওঁ কয় যে ভাৰতে আজি যি উচ্চতাৰ শিখৰ লাভ কৰিছে তাত প্ৰতিখন চৰকাৰে যোগদান আগবঢ়াইছে।
মোডীয়ে কয় যে, এইটো ভাৰতৰ জনসাধাৰণৰ বাবে গৌৰৱৰ বিষয় যে দেশৰ বেছিভাগ প্ৰধানমন্ত্ৰী এটা অতি সাধাৰণ পৰিয়ালৰ আৰু গ্ৰাম্যঅঞ্চলৰ পৰা অহা। ইয়াৰোপৰি মোডীয়ে দেশৰ যুৱ প্ৰজন্মৰ বাবেও মন্তব্য প্ৰদান কৰে।
আৰু পঢ়ক:নিৰাপত্তাৰক্ষীৰ গুলীত নিহত ৪ জনকৈ সন্ত্ৰাসবাদী…