Advertisment

দিল্লীত পৰিৱৰ্তন অনিবাৰ্যঃ কেজৰিৱালক আঁতৰাবলৈ আহ্বান প্ৰধানমন্ত্ৰীৰ...

আগন্তুক দিল্লী বিধানসভা নিৰ্বাচনক লৈ ততপৰ হৈছে শাসকীয় দল বিজেপি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নিজেই প্ৰায় প্ৰতিটো মাহতে দিল্লীৰ ভিন্ন প্ৰান্তত আয়োজন কৰিছে জনসভাৰ। শেহতীয়াকৈ

author-image
Asomiya Pratidin
New Update
দিল্লী

দিল্লী Photograph: (দিল্লী)

ডিজিটেল ডেস্কঃ আগন্তুক দিল্লী বিধানসভা নিৰ্বাচনক লৈ ততপৰ হৈছে শাসকীয় দল বিজেপি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নিজেই প্ৰায় প্ৰতিটো মাহতে দিল্লীৰ ভিন্ন প্ৰান্তত আয়োজন কৰিছে জনসভাৰ। শেহতীয়াকৈ দিল্লীৰ জাপানীজ পাৰ্কত পৰিৱৰ্তন ৰেলী শীৰ্ষক এক জনসভাত অংশ লৈ আপ নেতৃত্বাধীন চৰকাৰখনক তীব্ৰ কটাক্ষ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে।

Advertisment

জনসভাত প্ৰদান কৰা ভাষণৰ প্ৰসংগত মোডীয়ে কয় যে, দিল্লীৰ বাবে আপ চৰকাৰখন এটা ডাঙৰ ট্ৰেজেডী। প্ৰধানমন্ত্ৰী মোডীয়ে বিজেপিক দিল্লীবাসীয়ে বিশ্বাসত লৈছে বুলি দাবী কৰি কয় যে, দিল্লীবাসীয়ে উন্নয়ন বিচাৰে আৰু বিজেপিয়ে উন্নয়নৰ কাম কৰে বাবেই দিল্লীবাসীৰ বিশ্বাস জিনিছে।

বিজেপিয়ে সমৰ্পিত মনোভাৱেৰে, সেৱাৰ মনোভাৱেৰে কাম কৰে। বিজেপিয়ে দিল্লীবাসীৰ সকলো সপোনক সাকাৰ ৰূপ দিব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে। কেজৰিৱালক আওপকীয়াকৈ কটাক্ষ কৰি তেওঁ লগতে কয়, দিল্লীৰ পৰা কেৱল মাত্ৰ এটা মাতেই আমি শুনো। আপোনালোকে ভয় নকৰিব, পৰিৱৰ্তনৰ বাবে সকলোৱে সমস্বৰে মাত মাতক। পৰিৱৰ্তন এইবাৰ অনিবাৰ্য।

প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে কয়, উত্তৰ ভাৰতেই হওঁক, ওড়িশাই হওঁক নাইবা হাৰিয়ানাই হওঁক। সকলোৱে বিজেপিৰ ওপৰতে শেষ ভৰষা ৰাখিছে। মই দৃঢ় বিশ্বাসী যে দিল্লীয়েও ২০২৫ত বিজেপিকেই হৃদয়ত স্থান দিব। উল্লেখ কৰা প্ৰয়োজন যে, দেওবাৰৰ দিনটোত নমো ভাৰত ৰেলত উঠি স্কুলীয়া শিক্ষাৰ্থীসকলৰ সৈতেও মতবিনিময় কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে। 

 

দিল্লী