নতুন দিল্লীত দুটাকৈ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্প উদ্বোধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ

যোগাযোগ উন্নত কৰা, যাত্ৰাৰ সময় হ্রাস কৰা, দিল্লী আৰু ইয়াৰ আশে-পাশে থকা এলেকাসমূহত যান-জট হ্রাস কৰাৰ উদ্দেশ্যে চৰকাৰে গ্ৰহণ কৰা সৰ্বাত্মক পৰিকল্পনাৰ অধীনত এই প্রকল্প দুটা বিকশাই তোলা হৈছে।

New Update
WhatsApp Image

ডিজিটেল ডেস্কঃ  প্রধানমন্ত্রী নৰেন্দ্ৰ মোডীয়ে আজি নতুন দিল্লীত প্রায় ১১ হাজাৰ কোটি টকাৰ ব্যয়সাপেক্ষ দুটা গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় ঘাইপথ প্রকল্প উদ্বোধন কৰে। এই প্ৰকল্পৰ ভিতৰত দ্বাৰকা এক্সপ্ৰেছৱে'ৰ দিল্লী খণ্ড আৰু নগৰ সম্প্ৰসাৰণ পথৰ দ্বিতীয় পর্যায় আছে। 

Advertisment

এই প্ৰকল্পসমূহৰ লক্ষ্য হৈছে দিল্লী আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলত যাতায়ত সহজ কৰি তোলা, যাতায়তৰ সময় হ্ৰাস কৰা আৰু ৰাজধানীখনক যানজঁটৰ পৰা মুক্ত কৰা। এই কৰিড’ৰে দিল্লীক যান-জঁটৰ পৰা সকাহ দিয়া লগতে ৪০ মিনিটত আই জি আই বিমানবন্দৰত উপস্থিত হ’ব। এন চি আৰৰ পৰা চণ্ডীগড়লৈ যাত্ৰাও সহজ হৈ পৰিব। 

এই সন্দৰ্ভত প্রধানমন্ত্রীয়ে সামাজিক মাধ্যমত কয় যে, দিল্লীৰ আন্তঃগাঁথনি উন্নয়নৰ জৰিয়তে জনসাধাৰণৰ জীৱন সুচল কৰি তুলিবলৈ চৰকাৰ বদ্ধপৰিকৰ। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এটা বিবৃতিযোগে প্রকাশ কৰিছে যে যোগাযোগ উন্নত কৰা, যাত্ৰাৰ সময় হ্রাস কৰা, দিল্লী আৰু ইয়াৰ আশে-পাশে থকা এলেকাসমূহত যান-জট হ্রাস কৰাৰ উদ্দেশ্যে চৰকাৰে গ্ৰহণ কৰা সৰ্বাত্মক পৰিকল্পনাৰ অধীনত এই প্রকল্প দুটা বিকশাই তোলা হৈছে।

উল্লেখ কৰা প্ৰয়োজন যে, প্রকল্প দুটা উদ্বোধনৰ লগত সংগতি ৰাখি শ্রী মোডীয়ে এখন সমাবেশতো ভাষণ দিয়ে। উদ্বোধনী কাৰ্যসূচীত প্ৰধানমন্ত্ৰী মোডীৰ সৈতে কেন্দ্ৰীয় পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰী, দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তা আৰু হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নয়ব সিং ছাইনীও উপস্থিত থাকে।

নৰেন্দ্ৰ মোডী নতুন দিল্লী