RSSৰ মুখ্য কাৰ্যালয়ত কাক সেৱা কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে...

সুদীৰ্ঘ ১১বছৰৰ পাছত প্ৰথমবাৰৰ বাবে নাগপুৰস্থিত ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘ তথা আৰ এছ এছৰ মুখ্য কাৰ্যালয়ত উপস্থিত হল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। ৩০মাৰ্চ, ২০২৫তাৰিখে পুৱাই আৰ এছ এছৰ

author-image
Asomiya Pratidin
New Update
dasasda

ডিজিটেল ডেস্কঃ সুদীৰ্ঘ ১১বছৰৰ পাছত প্ৰথমবাৰৰ বাবে নাগপুৰস্থিত ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘ তথা আৰ এছ এছৰ মুখ্য কাৰ্যালয়ত উপস্থিত হল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। ৩০মাৰ্চ, ২০২৫তাৰিখে পুৱাই আৰ এছ এছৰ মুখ্য কাৰ্যালয়ৰ স্মৃতি মন্দিৰত সংঘৰ প্ৰতিষ্ঠাপক সদস্যসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে। এই সময়ত তেওঁৰ সৈতে উপস্থিত থাকে আৰ এছ এছ প্ৰধান মোহন ভাগৱত। 

Advertisment

স্মৃতি মন্দিৰত থকা ভিজিটৰ বুকত এটা টোকাও লিখি থৈ আহে প্ৰধানমন্ত্ৰীগৰাকীয়ে। তেওঁ লিখে- পৰম পুজনীয় আৰ এছ এছ প্ৰতিষ্ঠাপক সকল। আপোনালোক মোৰ মন-মগজুত সদায়েই জীৱিত হৈ আছে। এই স্মৃতি মন্দিৰলৈ আহি আমি অভিভূত হলো। ভাৰতী সংস্কৃতি, ৰাষ্ট্ৰবাদ আৰু সংগঠনৰ বাবে সমৰ্পিত এই স্থলীয়ে ৰাষ্ট্ৰ সেৱাৰ বাবে সদায়েই উতসাহ প্ৰদান কৰি আহিছে। 

নাগপুৰত প্ৰধানমন্ত্ৰীক আদৰণি জনায় মহাৰাষ্ট্ৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নবিছ আৰু কেন্দ্ৰীয়মন্ত্ৰী তথা নাগপুৰৰ সাংসদ নীতিন গাডকাৰীয়ে। উল্লেখ কৰা প্ৰয়োজন যে, প্ৰধানমন্ত্ৰীয়ে আছে মাধৱ নেত্ৰালয় প্ৰিমিয়াম চেন্টাৰৰ আধাৰশিলা স্থাপনৰ বাবে উপস্থিত হৈছে নাগপুৰত।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আছে নাগপুৰৰ দীক্ষাভূমিতো উপস্থিত হব। এই দীক্ষাভূমিতে ১৯৫৬চনত বাবা চাহেব আম্বেদকাৰে সহস্ৰাধিক অনুগামীৰ সৈতে বৌদ্ধ ধৰ্ম গ্ৰহণ কৰিছিল। তাত উপস্থিত হৈ আম্বেদকাৰক শ্ৰদ্ধাঞ্জলি জনাব মোডীয়ে। 

উল্লেখ কৰা প্ৰয়োজন যে, আৰ এছ এছ মুখ্য কাৰ্যালয়ত প্ৰৱেশ কৰা দেশৰ দ্বিতীয়গৰাকী প্ৰধানমন্ত্ৰী হৈছে নৰেন্দ্ৰ মোডী। ইয়াৰ বাবে ২০২০চনৰ ২৭আগষ্টত অটল বিহাৰী বাজপেয়ী গৈছিল আৰ এছ এছ মুখ্য কাৰ্যালয়লৈ। 

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী