মালদ্বীপত মোদীঃ স্বাধীনতা দিৱসত অংশগ্ৰহণ, বুজাবুজি চুক্তিত স্বাক্ষৰৰ সম্ভাৱনা

বৃহস্পতিবাৰে মালদ্বীপলৈ ৰাওনা হয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। মালেত অৱতৰণ কৰাৰ লগে লগে প্ৰধানমন্ত্ৰীগৰাকীক ৰাষ্ট্ৰপতি মুইজু, বৈদেশিক মন্ত্ৰী, প্ৰতিৰক্ষা মন্ত্ৰী, বিত্তমন্ত্ৰী আৰু গৃহ নিৰাপত্তা মন্ত্ৰীয়ে দেশখনলৈ উষ্ম আদৰণি জনায়।

author-image
Asomiya Pratidin
New Update
modi

মালদ্বীপত মোদীঃ স্বাধীনতা দিৱসত অংশগ্ৰহণ, বুজাবুজি চুক্তিত স্বাক্ষৰৰ সম্ভাৱনা

ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে মালদ্বীপলৈ ৰাওনা হয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। মালেত অৱতৰণ কৰাৰ লগে লগে প্ৰধানমন্ত্ৰীগৰাকীক ৰাষ্ট্ৰপতি মুইজু, বৈদেশিক মন্ত্ৰী, প্ৰতিৰক্ষা মন্ত্ৰী, বিত্তমন্ত্ৰী আৰু গৃহ নিৰাপত্তা মন্ত্ৰীয়ে দেশখনলৈ উষ্ম আদৰণি জনায়।

Advertisment

মালদ্বীপৰ ৰাষ্ট্ৰপতি মহম্মদ মুইজুৰ আমন্ত্ৰণ অনুসৰি ২৫ জুলাইৰ পৰা ২৬ জুলাইলৈ মালদ্বীপ ভ্ৰমণলৈ অহা মোদীয়ে শুকুৰবাৰে ৰাজধানী মালেত দেশখনৰ ৬০ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ অনুষ্ঠানতো মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। মোদীৰ এই মালদ্বীপ ভ্ৰমণে দুয়োখন দেশৰ মাজৰ কূটনৈতিক সম্পৰ্কৰ দিশত পুনৰ এক নতুন মাত্ৰা প্ৰদান কৰিব বুলি অনুমান কৰা হৈছে। 

মালদ্বীপ ভ্ৰমণৰ এই সময়ছোৱাত মোদীয়ে ৰাষ্ট্ৰপতি মহম্মদ মুইজুৰ সৈতে বিস্তৃত আলোচনাত মিলিত হ’ব আৰু দ্বীপ ৰাষ্ট্ৰখনত ভাৰতৰ সহায়ত কেইবাটাও উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰিব বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰী মোদীৰ দ্বীপ ৰাষ্ট্ৰ ভ্ৰমণৰ সময়ত ভাৰত আৰু মালদ্বীপৰ মাজত বিভিন্ন বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হ’ব বুলি মালদ্বীপত থকা ভাৰতৰ উচ্চায়ুক্ত জি বালাসুব্ৰমণিয়ানে জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে, মালদ্বীপৰ একাংশ নেতাৰ নেতৃত্বত চলি থকা “ইণ্ডিয়া আউট” অভিযান আৰু ৰাষ্ট্ৰপতি মুইজুৰ চীন সমৰ্থক হোৱাৰ ফলত দুয়ো দেশৰ মাজত দ্বিপাক্ষিক সম্পৰ্কত প্ৰভাৱ পৰা দেখিবলৈ পোৱা গৈছিল। যাৰবাবে প্ৰধানমন্ত্ৰীগৰাকীৰ এই মালদ্বীপ ভ্ৰমণে বিশেষ তাৎপৰ্য বহন কৰিছে।

মালদ্বীপ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী প্ৰধানমন্ত্ৰী