গুজৰাটত একাধিক উন্নয়নমূলক প্ৰকল্প শুভাৰম্ভ কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে

বাহনসমূহ ইউৰোপ আৰু জাপানকে ধৰি বিশ্বৰ ১০০ খন দেশলৈ ৰপ্তানি কৰা হ'ব। প্রধানমন্ত্রীয়ে লগতে থলুৱাভাৱে উৎপাদিত হাইব্রীড বেটেৰী ইলেকট্রডছ আৰু ভাৰতৰ বেটেৰী পৰিৱেশতন্ত্র দ্বিতীয় পর্যায়ৰো শুভাৰম্ভ কৰিব।

New Update
WhatsApp Image 2025-08-26 at 8.43.37 AM

ডিজিটেল ডেস্কঃ  দুদিনীয়াকৈ গুজৰাট ভ্ৰমনৰ উদ্দেশ্যে গুজৰাটলৈ আহিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। মঙলবাৰে গুজৰাটৰ হঞ্চলপুৰত থলুৱাভাবে উৎপাদিত হাইব্রীড বেটেৰী ইলেকট্রডছ আৰু ১০০ খন দেশলৈ বেটাৰীচালিত বাহনৰ ৰপ্তানি কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব প্রধানমন্ত্রী নৰেন্দ্র মোডীয়ে।

Advertisment

মেক ইন ইণ্ডিয়া উদ্যমৰ সাফল্যৰ চিন স্বৰূপে ভাৰতত নির্মিত ছুজুকীৰ প্ৰথম কৌশলগত বেটেৰী বৈদ্যুতিক বাহনৰ উদ্বোধন কৰিব প্রধানমন্ত্রীয়ে।  এই বাহনসমূহ ইউৰোপ আৰু জাপানকে ধৰি বিশ্বৰ ১০০ খন দেশলৈ ৰপ্তানি কৰা হ'ব।

প্রধানমন্ত্রীয়ে লগতে থলুৱাভাৱে উৎপাদিত হাইব্রীড বেটেৰী ইলেকট্রডছ আৰু ভাৰতৰ বেটেৰী পৰিৱেশতন্ত্র দ্বিতীয় পর্যায়ৰো শুভাৰম্ভ কৰিব। ইয়াৰ জৰিয়তে দেশৰ ঘৰুৱা নির্মাণ ক্ষেত্র অধিক উন্নয়নৰ দিশে আগবঢ়াৰ লগতে নিকা শক্তি প্রযুক্তি খণ্ডত ন-ন উদ্ভাৱনৰ অন্বেষণ হ'ব।

ইয়াৰ পূর্বে সোমবাৰে প্ৰধানমন্ত্ৰী মোডীয়ে আহমেদাবাদত ৫ হাজাৰ ৪০০ কোটি টকাৰো অধিক ব্যয় সাপেক্ষ ভালেমান উন্নয়নমূলক প্রকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। 

ইয়াৰ পাছত এখন বিশাল জনসভাত অংশগ্রহণ কৰে। সভাত ভাষণ দি তেওঁ কৃষক আৰু ক্ষুদ্র উদ্যোগীসকলৰ স্বাৰ্থ দেশৰ সৰ্বাধিক গুৰুত্বৰ বিষয় বুলি মন্তব্য কৰে। যিকোনো ধৰণৰ হেঁচা তথা পৰিস্থিতিৰ মাজতো ইয়াৰ সৈতে জড়িত লোকসকলৰ কোনোধৰণৰ ক্ষতি হ'বলৈ দিয়া নহ'ব বুলি তেওঁ স্পষ্ট কৰি দিয়ে।

সমাজৰ সকলো শ্ৰেণীৰ লোককে সন্মান সহকাৰে জীয়াই থকাৰ সুবিধা প্ৰদানৰ বাবে চৰকাৰ প্ৰতিশ্রুতিবদ্ধ বুলিও তেওঁ মন্তব্য কৰে। শ্রী মোডীয়ে কয় যে, চহৰাঞ্চলৰ দৰিদ্ৰ লোকসকলৰ জীৱন সুচল কৰি তোলাটো চৰকাৰৰ সর্বাধিক গুৰুত্বৰ বিষয়।

ভাৰতৰ পৰিৱৰ্তনৰ যাত্ৰাৰ বিষয়ে আলোকপাত কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে, দেশে স্ব-নিৰ্ভৰশীলতাৰে বিকাশৰ দিশে আগবাঢ়ি গৈছে। ২০৪৭ চনৰ ভিতৰত ভাৰত এখন উন্নত বাষ্ট্রত পৰিণত হ'ব বুলিও তেওঁ বিশ্বাস ব্যক্ত কৰে। 

গুজৰাট