/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/131d8617-5be2-4259-8a24-608bc1d8b2c8/modi_05.jpg)
narendra modi
ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি বিলাসপুৰৰ লুহনু খেলপথাৰত উপস্থিত হৈ এইছম উদ্বোধন কৰে। ইয়াৰ পিছতে প্ৰধানমন্ত্ৰীগৰাকীয়ে ২১৮০ কোটি টকাৰ কেইবাটাও প্ৰকল্প উদ্বোধন কৰাৰ লগতে আধাৰশিলা স্থাপন কৰে।
প্ৰধানমন্ত্ৰী মোডীয়ে লুহনু ময়দানৰ পৰা বান্দলাত চৰকাৰী হাইড্ৰ' অভিযান্ত্ৰিক মহাবিদ্যালয়ৰো আধাৰশিলা স্থাপন কৰে। তেওঁ ভাৰতমালা আঁচনিৰ অধীনত পিঞ্জোৰ আৰু নালাগাড়ৰ মাজত নিৰ্মাণ কৰিবলগীয়া প্ৰায় ৩১ কিলোমিটাৰ চাৰিলেন যুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ আধাৰশিলাও স্থাপন কৰে।
ইফালে এই চৰকাৰী কাৰ্যসূচীৰ পিছতে প্ৰধানমন্ত্ৰী মোডীয়ে এখন নিৰ্বাচনী প্ৰচাৰ সভাতো অংশগ্ৰহণ কৰিব। এই সভাখনত দেখা গৈছে বিজেপি তথা প্ৰধানমন্ত্ৰী মোডীৰ অনুৰাগীৰ পাৰ ভঙা উৎসাহ। আনহাতো মোডীৰ এই কাৰ্যসূচীৰ বাবে নিৰাপত্তাৰ খাতিৰত পুৱা ৯-১৫ বজাৰ পৰা আবেলি ৩ বজালৈ বিলাসপুৰত আৰু দিনৰ ১ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ কুল্লুৰ আকাশক উৰণবিহীন অঞ্চল বুলি ঘোষণা কৰা হৈছে।
আনহাতে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডাই এই সভাত অংশগ্ৰহণ কৰি কয় যে, পূৰ্বে হিমাচল প্ৰদেশে কেন্দ্ৰীয় চৰকাৰৰ পৰা বিশেষ একো সুবিধা লাভ কৰা নাছিল। কিন্তু বিজেপি চৰকাৰ ক্ষমতালৈ অহাৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে হিমাচল প্ৰদেশৰ প্ৰতিটো দাবীক সমৰ্থন জনাই অহাৰ লগতে সেই দাবীক পূৰণ কৰি আহিছে।
কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰে কয় যে, এইমছ. বিলাসপুৰত ৰে'ললাই, কিৰাটপুৰ-মানালী সংযোগী চাৰি লেন যুক্ত পথ, হামিৰপুৰ-মাণ্ডি সেউজ ঘাইপথ, হাইড্ৰ'ইঞ্জিনিয়াৰিং মহাবিদ্যালয় আদি কেৱল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বাবেহে হিমাচল প্ৰদেশে লাভ কৰিবলৈ সক্ষম হৈছে।
উল্লেখ্য যে আজি বিয়লি প্ৰায় ৩-১৫ বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কুল্লুৰ ধলপুৰ খেলপথাৰত আন্তঃৰাষ্ট্ৰীয় দশেহৰা উৎসৱত অংশগ্ৰহণ কৰিব। ২০১৭ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এইমছৰ আধাৰশিলা স্থাপন কৰিছিল। সেই এইনমছ প্ৰধানমন্ত্ৰী মোডীয়ে আজি কুল্লুৰৰ দশেহৰা অনুষ্ঠানৰ পৰাই উদ্বোধন কৰিব।
ইফালে প্ৰধানমন্ত্ৰীৰ মোডীৰ আগমণৰ পূৰ্বে কংগ্ৰেছে তেওঁক সমালোচনাৰ লক্ষ্য কৰি লৈছে। কংগ্ৰেছৰ প্ৰচাৰ সমিতিৰ অধ্যক্ষ সুখবিন্দৰ সিং চুখুৱে মোডীক ৰাজ্যখনত কোনো নতুন প্ৰতিশ্ৰুতি দিয়াৰ পৰিৱৰ্তে পূৰ্বে প্ৰদান কৰা প্ৰতিশ্ৰুতিসমূহ পূৰণ কৰিবলৈহে দাবী জনাইছে।
তেওঁ কয় যে, প্ৰধানমন্ত্ৰী মোডীয়ে কওক আপেলৰ ওপৰত ১০০ শতাংশ আমদানি শুল্ক ৰাজ্যখনৰ ৬৯ টা ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ, শীতল পানীয়ত আপেলৰ ৰস মিহলি কৰাৰ প্ৰতিশ্ৰুতি আজিলৈকে কিয় নকৰিলে। তেওঁ কয় প্ৰধানমন্ত্ৰী মোডীৰ ৮ বছৰীয়া কাৰ্যকালত হিমাচলৰ বাবে বিশেষ গুৰুত্বপূৰ্ণ কি ঘোষণা কৰিলে।
তেওঁৰ মতে হিমাচল প্ৰদেশ ৬৫ হাজাৰ কোটি টকাৰো অধিক ঋণৰ ডুবি আছে। ৰাজ্যখনত জন্মতেই প্ৰতিটো শিশু ঋণী হৈছে। সেয়েহে মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী মোডীৰ পৰা এক বিশেষ পেকেজ ল'ব লাগে। যাতে পাহাৰীয়া ৰাজ্যখনৰ সূচনীয় বিত্তীয় অৱস্থাৰ কিছু উন্নতি হয়।