PM Modi Gift: জন্মদিনত নিলাম হ'ব নৰেন্দ্ৰ মোডীৰ বহু সামগ্ৰী, দাম ৬০০টকাৰ পৰা ৮লাখ টকা...

PM Modi Gift: জন্মদিনত নিলাম হ'ব নৰেন্দ্ৰ মোডীৰ বহু সামগ্ৰী, দাম ৬০০টকাৰ পৰা ৮লাখ টকা...

author-image
Asomiya Pratidin
New Update
PM Modi Gift: জন্মদিনত নিলাম হ'ব নৰেন্দ্ৰ মোডীৰ বহু সামগ্ৰী,  দাম ৬০০টকাৰ পৰা ৮লাখ টকা...

ডিজিটেল ডেস্কঃ আজি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মদিন।  জীৱনৰ ৭৪টা বসন্ত অতিক্ৰম কৰি আজি ৭৫ত ভৰি দিলে প্ৰধানমন্ত্ৰীগৰাকীয়ে। প্ৰধানমন্ত্ৰীৰ জন্মদিনটোত দেশ-বিদেশৰ পৰা অনেকজনে জনাইছে শুভেচ্ছা আৰু শুভকামনা। প্ৰধানমন্ত্ৰীৰ এই জন্মদিনটোৰ পৰাই আৰম্ভ হৈছে এক বিশেষ প্ৰক্ৰিয়া। প্ৰধানমন্ত্ৰীয়ে বিভিন্ন সময়ত পোৱা মূল্যৱান উপহাৰসমূহৰ নিলাম প্ৰক্ৰিয়া আৰম্ভ হৈছে।

Advertisment

কেন্দ্ৰীয় মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱটে ৰাজহুৱা কৰিছে যে, প্ৰধানমন্ত্ৰীৰ মোডীৰ ওচৰত থকা প্ৰায় ডেৰ কোটিৰ টকাৰ ভিন্ন সামগ্ৰী নিলাম হব। নেচনেল গেলাৰী অৱ মৰ্ডাণ আৰ্টত এই সামগ্ৰীসমূহ প্ৰদৰ্শিত হব। এই নিলাম প্ৰক্ৰিয়াৰ বাবে এখন কমিটীও গঠন কৰি দিয়া হৈছে।

এই কমিটীখনে সদৰি কৰিছে যে, প্ৰধানমন্ত্ৰীৰ নিলাম হবলগীয়া সামগ্ৰীবোৰৰ মূল্য নূন্যতম ৬০০টকাৰ পৰা আৰম্ভ হৈছে সৰ্বাধিক মূল্য নিৰ্ধাৰণ কৰা হৈছে ৮.২৬লাখ। উল্লেখ কৰা প্ৰয়োজন যে, গুজৰাটৰ মুখ্যমন্ত্ৰী হৈ থকা অৱস্থাতো নৰেন্দ্ৰ মোডীয়ে এনেদৰে বিভিন্ন সময়ত পোৱা সামগ্ৰীবোৰ নিলাম কৰিছিল।

নিলামৰ জৰিয়তে লাভ কৰা ধনৰাশি জমা হয় ৰাষ্ট্ৰীয় গংগা কোষ নামৰ সংস্থাটোৰ একাউন্টত। এইবেলি নিলামত প্ৰায় ৬০০বিধ সামগ্ৰী নিলাম হব। যোৱা বছৰত প্ৰধানমন্ত্ৰীয়ে দেশে-বিদেশে লাভ কৰা এই সামগ্ৰীবোৰৰ ভিতৰত ৰাম মন্দিৰৰ আৰ্হি, পেৰা অলিম্পিকৰ পদক, বেডমিন্টন ৰেকেটৰ লগতে ভিন্ন সামগ্ৰী।

প্ৰাপ্ত খবৰ অনুসৰি, ৰাম মন্দিৰৰ আৰ্হিটোৰ মূল্য ৫.৫০লাখ টকা ধাৰ্য কৰা হৈছে। ময়ুৰৰ এটা মূৰ্তি আছে, যিটোৰ মূল্য ৩.৩০লাখ টকা, ৰাম দৰবাৰৰ এটা মূৰ্তি যিটোৰ মূল্য ২.৭৬লাখ টকা, ৰূপৰ এখন বীণাৰ মূল্য ১.৬৫লাখ টকা ধাৰ্য কৰিছে নিলাম কমিটীয়ে। প্ৰধানমন্ত্ৰীৰ জন্মদিনটোৰ পৰা আৰম্ভ হোৱা এই নিলাম প্ৰক্ৰিয়াৰ অন্ত পৰিব অহা ২অক্টোবৰত।

Also Read: Arvind Kejriwal Resignation: আজিৰ পৰা দিল্লীৰ মুখ্যমন্ত্ৰী নহয় অৰবিন্দ কেজৰিৱাল...

নৰেন্দ্ৰ মোডী