PRAGATI- প্ৰধানমন্ত্ৰী হিচাপে ২০০বিলিয়ন ডলাৰৰ কাম আৰম্ভ নৰেন্দ্ৰ মোডীৰ

প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোডীয়ে ৩৪০টা প্ৰকল্পৰ আন্তগাথঁনিৰ কাম আৰম্ভ কৰিলে। প্ৰধানমন্ত্ৰীৰ প্ৰগতি আঁচনিৰ অধীনত এই ৩৪০টা প্ৰকল্পৰ বাবে ব্যয় কৰা হব প্ৰায় ২০০বিলিয়ন ডলাৰ।

author-image
Asomiya Pratidin
New Update
মোডী

ডিজিটেল ডেস্কঃ  প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোডীয়ে ৩৪০টা প্ৰকল্পৰ আন্তগাথঁনিৰ কাম আৰম্ভ কৰিলে। প্ৰধানমন্ত্ৰীৰ প্ৰগতি আঁচনিৰ অধীনত এই ৩৪০টা প্ৰকল্পৰ বাবে ব্যয় কৰা হব প্ৰায় ২০০বিলিয়ন ডলাৰ। আগন্তুক ২০বছৰৰ ভিতৰত এই সমূহ প্ৰকল্পৰ কাম সম্পূৰ্ণ হৈ উঠিব। এই তথ্য শেহতীয়াকৈ প্ৰকাশ পাইছে অক্সফৰ্ডৰ এক প্ৰতিবেদনত। 

এই প্ৰতিবেদনত কোৱা হৈছে যে,  প্ৰগতি আঁচনিৰ জৰিয়তে আগবাঢ়ি যোৱা ৩৪০টা আন্তঃগাঁথনি প্ৰকল্পৰ প্ৰতিটোকে পৰ্যালোচনা কৰি মোডীয়ে অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছে। প্ৰধানমন্ত্ৰীৰ এই নিৰীক্ষণে এই সকলো প্ৰকল্পৰ কাম সুচাৰুৰূপে হোৱাত সহায়ক হৈছে। প্ৰধানমন্ত্ৰীৰ এই প্ৰদক্ষেপৰ বাবে বহু বৃহত আৰু গুৰুত্বপূৰ্ণ প্ৰকল্প পুনৰ জীৱিত হৈ উঠিছে। 

৯বছৰৰ পূৰ্বৰে পৰা আৰম্ভ হোৱা এই প্ৰগতি আঁচনিৰ অধীনত ২০২৩ৰ জুন মাহলৈকে ১৭.০৫লাখ কোটি টকাৰ প্ৰকল্পৰ কাম আৰম্ভ হৈছে।  প্ৰগতি আঁচনিক লৈ শেহতীয়াকৈ প্ৰধানমন্ত্ৰীয়ে কয় যে,  “প্ৰগতিয়ে প্ৰযুক্তি আৰু শাসনৰ এক আচৰিত সংমিশ্ৰণক প্ৰতিনিধিত্ব কৰে,  প্ৰতিবন্ধকতাসমূহ আঁতৰোৱা আৰু প্ৰকল্পসমূহ সময়মতে সম্পূৰ্ণ হোৱাটো নিশ্চিত কৰে।  @OxfordSBS আৰু @GatesFoundation ৰ অধ্যয়নত PRAGATI ৰ ফলপ্ৰসূতাক স্বীকৃতি দিয়াত আনন্দিত হৈছো।"

নৰেন্দ্ৰ মোডী