Advertisment

ৰোজগাৰ মেলাৰ অধীনত ৭১ হাজাৰ প্ৰাৰ্থীক নিযুক্তি পত্ৰ বিতৰণ প্ৰধানমন্ত্ৰী মোদীৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোমবাৰে ৰোজগাৰ মেলাত ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে বিভিন্ন চৰকাৰী বিভাগ আৰু সংস্থাত নৱনিযুক্ত যুৱক-যুৱতীসকলক ৭১,০০০তকৈও অধিক নিযুক্তি পত্ৰ বিতৰণ কৰে।

author-image
Asomiya Pratidin
New Update
sarba

ডিজিটেল ডেস্কঃ  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোমবাৰে ৰোজগাৰ মেলাত ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে বিভিন্ন চৰকাৰী বিভাগ আৰু সংস্থাত নৱনিযুক্ত যুৱক-যুৱতীসকলক ৭১,০০০তকৈও অধিক নিযুক্তি পত্ৰ বিতৰণ কৰে। ৰোজগাৰ মেলাৰ জৰিয়তে নিযুক্তি সৃষ্টিক অগ্ৰাধিকাৰ দিয়াৰ দিশত প্ৰধানমন্ত্ৰীয়ে চৰকাৰৰ দৃঢ় প্ৰতিশ্ৰুতিৰ সন্দৰ্ভত আলোকপাত কৰে। এই পদক্ষেপসমূহে যুৱক-যুৱতীসকলক ৰাষ্ট্ৰ নিৰ্মাণ আৰু যুৱ সবলীকৰণত অৰিহণা যোগোৱাৰ অৰ্থপূৰ্ণ সুযোগ প্ৰদান কৰিব বুলি প্ৰধানমন্ত্ৰীয়ে কয়।

Advertisment

আজি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালেও গুৱাহাটীত অনুষ্ঠিত ৰোজগাৰ মেলাত অংশগ্ৰহণ কৰে আৰু নৱনিযুক্ত প্ৰাৰ্থীসকলক নিযুক্তি পত্ৰ বিতৰণ কৰে। আজি গুৱাহাটীৰ ৰোজগাৰ মেলাত মুঠ ৩৩৫ জন প্ৰাৰ্থীক নিযুক্তি পত্ৰ বিতৰণ কৰা হয়।

SARBA
SARBA

 

সমবেত লোকসকলক ভাৰ্চুৱেলী সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে তেখেতে যোৱা নিশা কুৱেইট ভ্ৰমণ সামৰি আহিছে, কুৱেইটত তেখেতে ভাৰতীয় যুৱক-যুৱতী আৰু পেছাদাৰীসকলৰ সৈতে গুৰুত্বপূৰ্ণ আলোচনাতো মিলিত হয়। "আজি দেশৰ হাজাৰ হাজাৰ যুৱক-যুৱতীৰ বাবে এক নতুন আৰম্ভণি হৈছে। 

আপোনালোকৰ বছৰ বছৰজোৰা সপোনবোৰ বাস্তৱায়িত হৈছে, বহু বছৰৰ কঠোৰ পৰিশ্ৰমৰ ফল পোৱা গৈছে। ২০২৪ চনৰ এই বিদায়বেলাই আপোনালোকৰ বাবে নতুন সুখ-আনন্দ কঢ়িয়াই আনিছে। মই আপোনালোক সকলোকে আৰু আপোনাৰ পৰিয়ালক আন্তৰিক অভিনন্দন জনাইছোঁ", প্ৰধানমন্ত্ৰীয়ে কয়।

প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখ কৰে যে যোৱা ডেৰ বছৰত প্ৰায় ১০ লাখ স্থায়ী চৰকাৰী চাকৰি আগবঢ়োৱা হৈছে, যাৰ ফলত এক উল্লেখযোগ্য অভিলেখ গঢ়ি উঠিছে। এই চাকৰিবোৰ সম্পূৰ্ণ স্বচ্ছ প্ৰক্ৰিয়াৰে প্ৰদান কৰা হৈছে আৰু নতুন নিযুক্তিপ্ৰাপ্তসকলে নিষ্ঠাৰে দেশক সেৱা আগবঢ়াই আছে। 

sarbananda
sarbananda

 

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে এখন দেশৰ উন্নয়ন ইয়াৰ যুৱপ্ৰজন্মৰ কঠোৰ পৰিশ্ৰম, সামৰ্থ্য আৰু নেতৃত্বৰ ওপৰত নিৰ্ভৰ কৰে। ভাৰত ২০৪৭ চনৰ ভিতৰত এখন বিকশিত আৰু আত্মনিৰ্ভৰ ৰাষ্ট্ৰ হ'বলৈ দৃঢ় প্ৰতিশ্ৰুতিবদ্ধ। এইক্ষেত্ৰত যুৱচামে সুদূৰপ্ৰসাৰী ভূমিকা পালন কৰিব লাগিব।

আমাৰ চৰকাৰে মাতৃভাষাত শিকা আৰু প্ৰতিযোগিতামূলক পৰীক্ষাৰ ব্যৱস্থা কৰি যুৱচাম আৰু প্রান্তীয় সম্প্ৰদায়সমূহৰ বাবে ভাষাৰ প্ৰত্যাহ্বানসমূহো সমাধান কৰিছে, আৰু ১৩টা ভাষাত পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ সুযোগ প্ৰশস্ত কৰিছে। আজি ৫০,০০০তকৈও অধিক যুৱক-যুৱতীয়ে কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ বাবে নিযুক্তি পত্ৰ লাভ কৰে, যি এক গুৰুত্বপূৰ্ণ সাফল্য হিচাপে পৰিগণিত হৈছে", প্ৰধানমন্ত্ৰীয়ে লগতে কয়।

sarbananda
sarbananda

 

আজি গুৱাহাটীৰ অনুষ্ঠানত ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, "মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ গতিশীল নেতৃত্বত আমাৰ চৰকাৰে দেশৰ যুৱপ্ৰজন্মৰ সবলীকৰণ আৰু সংস্থাপনত যথেষ্ট গুৰুত্ব দিছে আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ যাত্ৰাক শক্তিশালী কৰি তুলিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দৃষ্টিভংগী অনুসৰি ভাৰতক আত্মনিৰ্ভৰ কৰি তুলিবলৈ দেশৰ লাখ লাখ যোগ্য যুৱক-যুৱতীয়ে ৰোজগাৰ মেলাত যোগদান কৰিছে। মই আনন্দিত যে ইয়াৰ জৰিয়তে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ লগতে বিভিন্ন ৰাজ্যৰ যুৱপ্ৰজন্মই নিযুক্তি লাভ কৰিছে।

 

তেওঁ লগতে কয়, এখন এক ভাৰত, শ্ৰেষ্ঠ ভাৰত আৰু আত্মনিৰ্ভৰশীল তথা সমৃদ্ধিশালী ভাৰত গঢ়াৰ দিশত যুৱপ্ৰজন্মই আগভাগ ল'ব লাগিব। ভাৰত এতিয়া এখন দ্ৰুত উন্নয়নমুখী দেশ, যি বিশ্বৰ পঞ্চম বৃহৎ অৰ্থনীতিলৈ ৰূপান্তৰিত হৈ পৰিছে। ২০৩০ চনৰ ভিতৰত আমি ভাৰতক বিশ্বৰ শীৰ্ষ তিনি অৰ্থনীতিৰ ভিতৰত অন্তৰ্ভুক্ত কৰাৰ দিশত অহোপুৰুষাৰ্থ কৰিব লাগিব।  মই যুৱশক্তিক ৰাষ্ট্ৰ নিৰ্মাণৰ উদ্দেশ্যৰ প্ৰতি এক সমৰ্পিত শক্তি হ'বলৈ আহ্বান জনালোঁ।

লগতে কয় যে, কংগ্ৰেছৰ শাসনকালত যুৱপ্ৰজন্মই হতাশাগ্ৰস্ত হৈ পৰিছিল, দিশহাৰা হৈ পৰিছিল। ইয়াৰ কাৰণ আছিল কংগ্ৰেছৰ দিনত মেধাৰ ভিত্তিত, যোগ্যতাৰ ভিত্তিত নিযুক্তি প্ৰক্ৰিয়াৰ কোনো স্থান নাছিল। দুৰ্নীতি, ভ্ৰষ্টাচাৰে চৌদিশ কলুষিত কৰি তুলিছিল।

 

কিন্তু মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত সমগ্ৰ প্ৰক্ৰিয়াটোকে শৃংখলাবদ্ধ আৰু স্বচ্ছ কৰি তোলা হ'ল। এতিয়া যুৱপ্ৰজন্মই যোগ্যতা আৰু মেধাৰ ভিত্তিত নিযুক্তি লাভ কৰি ৰাষ্ট্ৰ নিৰ্মাণৰ যাত্ৰাত উল্লেখযোগ্য অৰিহণা আগবঢ়াই যাবলৈ সক্ষম হৈছে বুলিও মন্তব্য কৰে সোণোৱালে।

sarbananda sonowal narendra modi