নৰেন্দ্ৰ মোডীক বিশ্বৰ অন্যতম প্ৰধান শান্তিৰ দূত আখ্যা

''প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিশ্বৰ অন্যতম প্ৰধান শান্তিৰ দূত হোৱাৰ সক্ষমতা আছে। তেওঁ আন্তৰ্জাতিক কূটনৈতিক দক্ষতাৰ বাবে শান্তিৰ নোবেল বঁটাৰ যোগ্য।''- এই মন্তব্য প্ৰখ্যাত বিনিয়োগকাৰী মাৰ্ক মোবিয়াছৰ। 

author-image
Asomiya Pratidin
New Update
''শান্তিৰ নোবেল বঁটাৰ যোগ্য নৰেন্দ্ৰ মোডী''

ডিজিটেল ডেস্কঃ ''প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিশ্বৰ অন্যতম প্ৰধান শান্তিৰ দূত হোৱাৰ সক্ষমতা আছে। তেওঁ আন্তৰ্জাতিক কূটনৈতিক দক্ষতাৰ বাবে শান্তিৰ নোবেল বঁটাৰ যোগ্য।''- এই মন্তব্য প্ৰখ্যাত বিনিয়োগকাৰী মাৰ্ক মোবিয়াছৰ। 

এক সাক্ষাতকাৰত ৮৮ বছৰীয়া মোবিয়াছে কয়, ‘‘প্ৰধানমন্ত্ৰী মোডী এজন মহান নেতা আৰু এগৰাকী অসাধাৰণ ব্যক্তি। তেওঁ অতি ভাল মানুহ। তেওঁৰ ৰাজনৈতিক বিভাজন সত্বেও বিশ্বৰ বিভিন্ন দেশৰ মাজত সংযোগ স্থাপন কৰাৰ সক্ষমতা আছে।’’ মোডীৰ এনে সক্ষমতাৰ বাবে মোবিয়াছে ৰাজহুৱাকৈ প্ৰশংসাও কৰিছে। 

বিনিয়োগকাৰীগৰাকীয়ে পুনৰ কয়, ''প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আন্তৰ্জাতিক পৰিসৰত ভূমিকা আৰু বৃদ্ধি পাব। কাৰণ তেওঁ বিশ্বব্যাপী সকলো ৰাজনৈতিক গোষ্ঠীৰ সৈতে কথা পাতিব পাৰে। তেওঁ ভৱিষ্যতে এগৰাকী গুৰুত্বপূৰ্ণ শান্তিৰ দূত হব পাৰিব।''

প্ৰথম উদীয়মান বজাৰ পুঁজি আৰম্ভ কৰা মোবিয়াছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী শান্তিৰ নোবেল বঁটাৰ যোগ্য বুলিও কয়। তেওঁৰ মতে মোডীৰ বাবে সকলো সম্ভৱ।

ভাৰতৰ কূটনৈতিক স্থিতিৰ সন্দৰ্ভত মোবিয়াছে কয়, ''ভাৰতে নিজৰ নিৰপেক্ষতা আৰু সকলো পক্ষৰ প্ৰতি ন্যায়সংগত আচৰণৰ বাবে বিশ্ব মঞ্চত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। শান্তিৰ মধ্যস্থতাকাৰী হিচাপে কাম কৰাৰ বাবে খুব ভাল অৱস্থানত আছে।''

বিশেষকৈ ৰাছিয়া-ইউক্ৰেইন সংঘাতত ভাৰতৰ নিৰপেক্ষ অৱস্থানে প্ৰধানমন্ত্ৰী মোডীক শান্তিৰ পক্ষে কথা কোৱাৰ সুযোগ দিছে। মোডীৰ ইউক্ৰেইন ভ্ৰমণে আন্তৰ্জাতিক শান্তিৰ প্ৰতিষ্ঠাৰ প্ৰচেষ্টাক আৰু অধিক দৃঢ় কৰিছে বুলিও কয় বিনিয়োগকাৰীগৰাকীয়ে। 

উল্লেখ্য যে, ১৯৯২ চনত কূটনৈতিক সম্পৰ্ক প্ৰতিষ্ঠাৰ পাছত প্ৰথমগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোডীয়ে যোৱা আগষ্ট মাহত ইউক্ৰেইন ভ্ৰমণ কৰিছিল। https://x.com/ians_india/status/1856264189062328665 

শান্তিৰ নোবেল নোবেল বঁটা নৰেন্দ্ৰ মোডী