"অনুশোচনা নকৰো", মুখ্য ন্যায়াধীশলৈ জোতা নিক্ষেপ কৰা অধিবক্তাৰ স্পষ্টীকৰণ...

অভিযোগ অনুসৰি ৭১ বছৰীয়া অধিবক্তাগৰাকীয়ে মুখ্য ন্যায়াধীশগৰাকীৰ ওপৰত জোতা নিক্ষেপ কৰাৰ চেষ্টা কৰিছিল। এই ঘটনাক সকলো পক্ষই গৰিহণা দিছে ....

New Update
WhatsApp Image 2025-10-07 at 11.12.59 AM

ডিজিটেল ডেস্কঃ  উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বি আৰ গাভাইৰ ওপৰত জোতা নিক্ষেপ কৰাৰ চেষ্টা কৰা নিলম্বিত অধিবক্তা ৰাকেশ কিশোৰে এই বিষয়ত নিজৰ মৌনতা ভংগ কৰিছে। তেওঁ স্পষ্টকৈ কয় যে, "মই ভয় কৰা নাই। যি হ'ল তাৰ বাবে কোনো আক্ষেপো নাই।"

অধিবক্তা ৰাকেশ কিশোৰে আৰু কয়, ১৬ ছেপ্টেম্বৰত মুখ্য ন্যায়াধীশৰ আদালতত জনস্বাৰ্থৰ আৱেদন দাখিল কৰা হৈছিল। শুনানিৰ সময়ত মুখ্য ন্যায়াধীশে কোৱা কথাখিনিত মই গভীৰভাৱে আঘাত পাইছিলোঁ।মই মদ্যপান কৰা নাছিলোঁ; তেওঁ প্ৰথমে মোক উপহাস কৰি কৈছিল, 'যাওঁক, মূৰ্তিটোক প্ৰাৰ্থনা কৰি মূৰত পিন্ধি লওক।' 

ৰাকেশ কিশোৰে কয়, "আমি এই একেজন মুখ্য ন্যায়াধীশে বহু ধৰ্মকে ধৰি আন সম্প্ৰদায়ৰ লোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা দেখিছো। যেতিয়া নুপুৰ শৰ্মাৰ গোচৰ আহিছিল, তেতিয়া আদালতে কয় যে, তেওঁ পৰিৱেশটোক বিকৃত কৰি পেলাইছে। আমাৰ সনাতন ধৰ্মৰ সৈতে জড়িত গোচৰ এটা আহিলে উচ্চতম ন্যায়ালয়ে এনে নিৰ্দেশ জাৰি কৰে।

সোমবাৰে উচচতম ন্যায়ালয়ৰ শুনানিৰ সময়ত অধিবক্তা ৰাকেশ কিশোৰে হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰিছিল। অভিযোগ অনুসৰি ৭১ বছৰীয়া অধিবক্তাগৰাকীয়ে মুখ্য ন্যায়াধীশগৰাকীৰ ওপৰত জোতা নিক্ষেপ কৰাৰ চেষ্টা কৰিছিল। এই ঘটনাক সকলো পক্ষই গৰিহণা দিছে।

আনহাতে সমগ্ৰ ঘটনা সন্দৰ্ভত নিজৰ মত প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। শ্ৰী মোডীয়ে কয় যে, মুখ্য ন্যায়াধীশ গাভাইৰ সৈতে মই এই বিষয়টোক লৈ আলোচনা কৰিছো। তেওঁৰ ওপৰত হোৱা আক্ৰমণত ক্ষুব্ধ হৈ পৰিছে প্ৰতিজন ভাৰতীয়।

উল্লেখ্য যে, কংগ্ৰেছৰ প্ৰাক্তন সভানেত্ৰী ছোনিয়া গান্ধীয়ে এই ঘটনাক সংবিধানৰ ওপৰত আক্ৰমণ বুলি অভিহিত কৰিছে। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বি আৰ গাভাইৰ লগত হোৱা দুৰ্ব্যৱহাৰক লৈ চৰ্চা অব্যাহত আছে। চি জে আইৰ আদালতত সংঘটিত হোৱা এই ঘটনাৰ পিছত ভাৰতীয় বাৰ কাউন্সিলে অভিযুক্ত অধিবক্তা ৰাকেশ কিশোৰক তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ নিলম্বন কৰে।

মুখ্য ন্যায়াধীশ উচ্চতম ন্যায়ালয়