/asomiyapratidin/media/media_files/2025/06/16/ADApk6V3VYEs0eA9Ox1T.jpeg)
ডিজিটেল ডেস্কঃ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক চাইপ্ৰাছৰ সৰ্বোচ্চ অসামৰিক বঁটা প্ৰদান কৰা হৈছে। ২৩ বছৰৰ ভিতৰত চাইপ্ৰাছ ভ্ৰমণ কৰা প্ৰথমজন ভাৰতীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক চাইপ্ৰাছৰ ৰাষ্ট্ৰপতি নিকোছ ক্রিষ্টোডুলিডেছে অৰ্ডাৰ অৱ মাকাৰিয়াছ তৃতীয়ৰ গ্ৰেণ্ড ক্ৰছ বঁটা প্ৰদান কৰে।
দেওবাৰে ভূমধ্য সাগৰীয় এই দ্বীপ দেশখনত উপস্থিত হয় প্ৰধানমন্ত্ৰী মোডী য’ত ৰাষ্ট্ৰপতি নিকোছে তেওঁক বিমানবন্দৰত আদৰণি জনায়। এই সন্মান লাভ কৰাৰ পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, "ৰাষ্ট্ৰপতি, গ্ৰেণ্ড ক্ৰছ অৱ দ্য অৰ্ডাৰ অৱ মাকাৰিয়াছ তৃতীয়ৰ বাবে মই আপোনাক, চাইপ্ৰাছ চৰকাৰ আৰু চাইপ্ৰাছৰ জনসাধাৰণৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা প্ৰকাশ কৰিছো।
তেওঁ লগতে কয়, এয়া কেৱল নৰেন্দ্ৰ মোডীৰ বাবেই নহয়, ১৪০ কোটি ভাৰতীয়ৰ বাবেও সন্মান। তেওঁলোকৰ সামৰ্থ্য আৰু আকাংক্ষাৰ বাবে ই এক সন্মান। আমাৰ সংস্কৃতি, ভাতৃত্ববোধ আৰু আকাংক্ষাৰ বাবে ই এক সন্মান মই ইয়াক ভাৰত আৰু চাইপ্ৰাছৰ মাজৰ বন্ধুত্বপূৰ্ণ সম্পৰ্ক, আমাৰ ভাগ-বতৰা কৰা মূল্যবোধ আৰু পাৰস্পৰিক বুজাবুজিৰ নামত উৎসৰ্গা কৰিছো। সকলো ভাৰতীয়ৰ হৈ মই এই সন্মান অতি নম্ৰতা আৰু কৃতজ্ঞতাৰে গ্ৰহণ কৰিছো।
উল্লেখ্য যে, দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নিকোছিয়াত চাইপ্ৰাছৰ ৰাষ্ট্ৰপতি নিকোছ ক্রিষ্টোডুলিডেছৰ সৈতে ব্যৱসায়িক বৈঠক অনুষ্ঠিত কৰি বাণিজ্য, বিনিয়োগ আৰু প্ৰতিৰক্ষাৰ দৰে ক্ষেত্ৰত দ্বিপাক্ষিক সহযোগিতা শক্তিশালী কৰাৰ আহ্বান জনায়।
বিষয়াসকলৰ মতে, প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ সময়ত ভাৰতীয় ৰাষ্ট্ৰীয় পেমেণ্ট কৰ্প’ৰেশ্যন (এনপিচিআই) আৰু চাইপ্ৰাছৰ ইউৰোবেংকৰ মাজত সীমা অতিক্ৰম কৰি লেনদেনৰ বাবে চাইপ্ৰাছত ইউপিআই সেৱা আৰম্ভ কৰাৰ বাবে বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়।
ভাষণত মোডীয়ে কয় যে, ইউ পি আইৰ বাবে আজি বিশ্বৰ ৫০ শতাংশ ডিজিটেল লেনদেন ভাৰতত হয় । তেওঁ কয় যে, ইউৰোপ আৰু ‘গিফ্ট চিটি ইণ্ডিয়া’ৰ মাজত এই ধৰণৰ প্ৰথম ব্যৱস্থা আৰু ইয়াৰ দ্বাৰা গিফ্ট চিটি, চাইপ্ৰাছ আৰু ইউৰোপৰ বিনিয়োগকাৰীসকল উপকৃত হ’ব।