জি-৭ শীৰ্ষ সন্মিলনত অংশ লোৱা উদ্দেশ্যে কানাডাত উপস্থিত প্ৰধানমন্ত্ৰী মোডী

সোমবাৰৰ পৰা আৰম্ভ হোৱা দুদিনীয়া জি-৭ (গ্ৰুপ অৱ চেভেন) শীৰ্ষ সন্মিলনত আমেৰিকা, ফ্ৰান্স, যুক্তৰাজ্য, ইটালী, জাৰ্মানী, কানাডা, জাপান, ইউৰোপীয় সংঘকে ধৰি বিশ্বৰ কিছুমান উন্নত অৰ্থনীতিৰ নেতাসকলক একত্ৰিত কৰা হৈছে।

author-image
Asomiya Pratidin
New Update
G

ডিজিটেল ডেস্কঃ  আজি জি-৭ সন্মিলনত অংশ লোৱাৰ উদ্দেশ্যে কানাডাত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নীৰ আনুষ্ঠানিক আমন্ত্ৰণৰ পিছত ২০১৫ চনৰ পিছত প্ৰধানমন্ত্ৰী মোডীৰ এয়া প্ৰথম কানাডা ভ্ৰমণ।

Advertisment

সোমবাৰৰ পৰা আৰম্ভ হোৱা দুদিনীয়া জি-৭ (গ্ৰুপ অৱ চেভেন) শীৰ্ষ সন্মিলনত আমেৰিকা, ফ্ৰান্স, যুক্তৰাজ্য, ইটালী, জাৰ্মানী, কানাডা, জাপান, ইউৰোপীয় সংঘকে ধৰি বিশ্বৰ কিছুমান উন্নত অৰ্থনীতিৰ নেতাসকলক একত্ৰিত কৰা হৈছে। এই সন্মিলনত ৰাষ্ট্ৰসংঘ, বিশ্ব বেংক আৰু আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি (আই এম এফ)ৰ দৰে আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহৰ প্ৰতিনিধিও অংশগ্ৰহণ কৰিব।

কানাডাত প্ৰধানমন্ত্ৰী মোডীয়ে জি-৭ৰ নেতা, ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন, ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰ, ইটালীৰ জৰ্জিয়া মেল’নি, জাপানৰ শ্বিগেৰু ইছিবা, জাৰ্মান চ্যান্সেলৰ ফ্ৰেড্ৰিখ মেৰ্জ আৰু ইউৰোপীয় আয়োগৰ সভাপতি উৰ্চুলা ভন ডাৰ লেয়েন আৰু ইউৰোপীয় পৰিষদৰ সভাপতি এণ্টনিঅ’ কষ্টাৰ সৈতে আলোচনাত মিলিত হ’ব।

উল্লেখ্য যে, যদিও ভাৰত জি-৭ৰ সদস্য নহয়, তথাপিও ২০১৯ চনৰ পৰা প্ৰধানমন্ত্ৰী মোডীক গ্ৰুপিঙৰ বৈঠকলৈ ধাৰাবাহিকভাৱে আমন্ত্ৰণ জনোৱা হৈছে।এই আমন্ত্ৰণে কানাডা আৰু বিশ্বত ভাৰতৰ ক্ৰমবৰ্ধমান গুৰুত্বক প্ৰতিফলিত কৰিছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী