/asomiyapratidin/media/media_files/2025/04/24/8UDYPVG9uKyxmZAFLAMI.jpg)
ডিজিটেল ডেস্কঃ পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণ সন্দৰ্ভত দিল্লীত অনুষ্ঠিত বৈঠকৰ অন্তত বৃহস্পতিবাৰে বিহাৰলৈ ৰাওনা হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। বিহাৰৰ মধুবনীত উপস্থিত হৈ কেইবাটাও প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে শ্ৰী মোডীয়ে।
তেওঁ বিহাৰবাসীক ১৩,৪৮০ কোটিতকৈ অধিক মূল্যৰ উন্নয়নমূলক প্ৰকল্পৰ কেইবাটাও উপহাৰ দিয়ে। ইয়াৰোপৰি উক্ত অনুষ্ঠানৰ পৰাই পেহেলগামত সন্ত্ৰাসবাদীৰ বৰ্বৰতাৰ বলি হোৱা সকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে।
তেওঁ কয় যে, সন্ত্ৰাসবাদীক নিশ্চয় শাস্তি দিয়া হ’ব। কোনো কাৰণতে তেওঁলোকক ৰেহাই দিয়া নহ’ব। ২২ এপ্ৰিলত জম্মু-কাশ্মীৰৰ পেহেলগামত সন্ত্ৰাসবাদীয়ে নিৰীহ নাগৰিকক যি বৰ্বৰতাৰে হত্যা কৰিছিল, তাক লৈ সমগ্ৰ দেশ ম্ৰিয়মান।
লগতে কয়, সমগ্ৰ জাতিটোৱে ভুক্তভোগী পৰিয়াল সকলৰ কাষত থিয় দিছে। বৰ্তমান চিকিৎসাধীন হৈ থকা পৰিয়ালৰ সদস্যসকল যাতে সোনকালে সুস্থ হৈ উঠে তাৰ বাবে চৰকাৰে যৎপৰোনাস্তি চেষ্টা চলাইছে। দেশৰ শত্ৰুৱে ভাৰতৰ আত্মাক আক্ৰমণ কৰিবলৈ সাহস কৰিছে। মই অতি স্পষ্টভাৱে ক’ব বিচাৰিছো,যিসকল সন্ত্ৰাসবাদীয়ে এই আক্ৰমণ সংঘটিত কৰিছিল আৰু যিসকলে এই আক্ৰমণৰ ষড়যন্ত্ৰ ৰচনা কৰিছিল তেওঁলোকে কল্পনা কৰাতকৈও কঠোৰ শাস্তি বিহা হ'ব।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us