/asomiyapratidin/media/media_files/2025/09/15/1-2025-09-15-08-15-12.jpg)
ডিজিটেল ডেস্কঃ প্রধানমন্ত্রী নৰেন্দ্র মোডীয়ে আজি কলকাতাৰ বিজয় দুৰ্গৰ সেনা বাহিনীৰ পূব কামাণ্ড মুখ্য কার্যালয়ত সংযুক্ত কমাণ্ডাৰ্ছ সকলৰ সন্মিলন উদ্বোধন কৰিব। অহা ১৭ ছেপ্তেম্বৰত এই সন্মিলনৰ সামৰণি পৰিব। তিনিদিনীয়া এই সন্মিলনত প্রযুক্তিগত বিকাশ, সেনা বাহিনীৰ তিনিওটা বাহিনীৰ মাজৰ সহযোগিতা, আধুনিকীকৰণৰ লগতে বিশ্বৰ সাম্প্রতিক ৰাজনৈতিক পৰিস্থিতি সন্দৰ্ভত বিভিন্ন বিষয়ত আলোচনা কৰা হ'ব।
অনুষ্ঠানত প্ৰতিৰক্ষা মন্ত্রী ৰাজনাথ সিং উপস্থিত থাকিব। শ্ৰী মোডীয়ে দুদিনীয়া উত্তৰ-পূব ভ্রমণ সামৰি কালি সন্ধিয়া কলকাতাত উপস্থিত হয় আৰু নিশাটো তেওঁ কলকাতাৰ ৰাজভৱনত কটায়। এই ভ্রমণকালত গৰাকীয়ে অসমত ১৮ হাজাৰ কোটি টকা ব্যয় সাপেক্ষে ভালেমান উন্নয়নমূলক প্রকল্পব উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে।
আজি বিহাৰৰ পুনীয়া জিলাত ৩৬ হাজাৰ কোটি টকা ব্যয় সাপেক্ষে বহুকেইটা প্রকল্প মুকলি কৰিব। তেওঁ লগতে উত্তৰ বিহাৰ নগৰত নতুনকৈ বিকশাই তোলা এটা বিমানবন্দৰ টার্মিনেল মুকলি কৰি সেই খণ্ডৰ দীর্ঘদিনীয়া দাবী পূৰণ কৰিব। এই ভ্রমণকালতে তেওঁ ৰাষ্ট্রীয় মাখনা পৰিষদ উদ্বোধন কৰিব।
উল্লেখ্য যে, চলিত বৰ্ষৰ আৰম্ভণিতে কেন্দ্রীয় বাজেটত মাখনা পৰিষদ গঠন কৰাৰ কথা ঘোষণা কৰা হৈছিল। সামাজিক মাধ্যমৰ এটা বার্তাত প্রধানমন্ত্রী মোডীয়ে কয় যে, মাখনা আৰু বিহাৰৰ বিশেষ সম্পর্ক আছে। ৰাষ্ট্রীয় মাখনা পৰিষদে এই খণ্ডৰ সৈতে জড়িত বহুসংখ্যক কৃষকক উপকৃত কৰিব।