/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/FY5B2FNUsAAWOfi-1.jpg)
ডিজিটেল ডেস্ক : শনিবাৰে প্ৰথম সৰ্বভাৰতীয় জিলা আইনী সেৱা কৰ্তৃপক্ষ বৈঠক সম্বোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে । উক্ত বৈঠকখন সম্বোধন কৰি প্ৰধানমন্ত্ৰী মোডীয়ে ভাৰতৰ ন্যায় ব্যৱস্থা সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰে ।
প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে , "যিকোনো সমাজৰ বাবে ন্যায় ব্যৱস্থা যেনেদৰে গুৰুত্বপূৰ্ণ ঠিক তেনেদৰে ন্যায়প্ৰদানো সমানে গুৰুত্বপূৰ্ণ । ইয়াৰ ওপৰিও যোৱা ৮ টা বছৰে ভাৰত চৰকাৰে দ্ৰুত গতিত কাম কৰি গৈছে । ভাৰতত এতিয়া ই-আদালত মিচনৰ আধিনত কাম কৰাৰ ব্যৱস্থা কৰা হৈছে ।
ইয়াৰ ফলত যানবাহন আইন উলংঘাৰ দৰে আপৰাধৰ বাবে ২৪ ঘন্টাৰ ভিতৰতে আদালতে কাম আৰম্ভ কৰিছে । আনহাতে আদালতত ভিডিঅ' কনফাৰেন্সিঙৰ ব্যৱস্থাৰ বাবে আন্ত:গাঁথনিৰ কাম কৰা হৈছে ।" উল্লেখ্য যে উক্ত বৈঠকত দেশৰ ৬৭৬ খন জিলাৰ জিলা আইনী সেৱা কৰ্তৃপক্ষৰ বিষয়া সকল উপস্থিত থাকে ।
আৰু পঢ়ক :ৰাজ্যত পুনৰ আটক জেহাদীৰ ২ টা লিংকমেন..