আন্না বিশ্ববিদ্যালয়ৰ ৪২ সংখ্যক দীক্ষান্ত সমাৰোহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী…

আন্না বিশ্ববিদ্যালয়ৰ ৪২ সংখ্যক দীক্ষান্ত সমাৰোহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী…

author-image
asomiyapratidin
New Update
আন্না বিশ্ববিদ্যালয়ৰ ৪২ সংখ্যক দীক্ষান্ত সমাৰোহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী…

ডিজিটেল ডেস্ক : শুক্ৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ৰ দুদিনিয়া তামিলনাডু ভ্ৰমণ সূচীৰ দ্বিতীয়টো দিনত অংশগ্ৰহণ কৰে  আন্না বিশ্ববিদ্যালয়ৰ ৪২ সংখ্যক দীক্ষান্ত সমাৰোহত । প্ৰধানমন্ত্ৰী মোদীয়ে দীক্ষান্ত সমাৰোহ সম্বোধন কৰি শিক্ষাৰ্থী সকলক শুভকামনা জ্ঞাপন কৰাৰ লগতে উজ্বল ভবিষ্যতৰ কামনা কৰে । এই সমাৰোহতে প্ৰধানমন্ত্ৰী মোদীয়ে বিশ্ব বিদ্যালয়খনৰ ৬৯ গৰাকী সোনৰ পদক অৰ্জন কৰা শিক্ষাৰ্থীক পদক আৰু মানপত্ৰ প্ৰদান কৰে ।

Advertisment

প্ৰধানমন্ত্ৰী মোদীয়ে দীক্ষান্ত সমাৰোহ সম্বোধন কৰি কয় যে, "আপোনালোকে নিজৰ মন মগজুত নিজৰ বাবে ভবিষ্যত সৃষ্টি কৰিছে । সেইকাৰণে আজিৰ দিনটো কেৱল সফলতাৰ দিন নহয় ই আকাংশাৰো দিন হয় । আজি সমগ্ৰ বিশ্বই ভাৰতৰ যুৱ সমাজৰ প্ৰতি আশাৰ দৃষ্টিৰে চাই আছে । কাৰণ আপোনালোক হৈছে দেশ বিকাশৰ ইঞ্জিন আৰু ভাৰত হৈছে বিশ্ব বিকাশৰ ইঞ্জিন ।"  

আৰু পঢ়ক : ভূঁই ৰোৱাত ব্যস্ত বিধায়ক অমিয় কুমাৰ ভূঞা…

anna university pm modi tamilnadu