অপেক্ষাৰ অৱসান! পি এম কিষাণ উৎসৱ দিৱসত কৃষকক ২০,৫০০ কোটি টকা প্ৰদান...

কাঁহিকুছিৰ পোনপটীয়া সম্প্ৰচাৰত উপস্থিত থাকে কেন্দ্ৰীয় চৰকাৰৰ বৈদেশিক পৰিক্ৰমা তথা বস্ত্ৰ বিভাগৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, কৃষি মন্ত্ৰী অতুল বৰা, বিধায়ক হেমাংগ ঠাকুৰীয়াৰ লগতে কৃষি বিভাগৰ বিষয়া আৰু কৃষকসকল।

author-image
Asomiya Pratidin
New Update
web ap krishi

ডিজিটেল সংবাদ,আজাৰাঃ  আজি উত্তৰ প্ৰদেশৰ বাৰাণসীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীয়ে পি এম কিষাণ উৎসৱ দিৱস কাৰ্যসূচীৰ অংশৰূপে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনিৰ বিংশতিতম কিস্তি ভাৰ্চুৱেল মাধ্যমেৰে মুকলি কৰে।

এই অনুষ্ঠানত সমগ্ৰ দেশৰ লগতে অসমৰো ভিন্ন প্ৰান্তৰ কৃষক তথা ৰাজ্যখনৰ কৃষি কাৰ্যালয়ৰ সমূহ বিষয়া-কৰ্মচাৰীয়ে ভাৰ্চুৱেল মাধ্যমেৰে অনুষ্ঠানত অংশগ্ৰহণ কৰে। সমান্তৰালকৈ কামৰূপৰ কাঁহিকুছিস্থিত কৃষি বিজ্ঞান কেন্দ্ৰটো উক্ত অনুষ্ঠানৰ আয়োজন কৰা হয়।

WhatsApp Image 2025-08-02 at 6.06.10 PM

কাঁহিকুছিৰ পোনপটীয়া সম্প্ৰচাৰত উপস্থিত থাকে কেন্দ্ৰীয় চৰকাৰৰ বৈদেশিক পৰিক্ৰমা তথা বস্ত্ৰ বিভাগৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, কৃষি মন্ত্ৰী অতুল বৰা, বিধায়ক হেমাংগ ঠাকুৰীয়াৰ লগতে কৃষি বিভাগৰ বিষয়া আৰু কৃষকসকল।

অনুষ্ঠানৰ পূৰ্বে কৃষি বিজ্ঞান কেন্দ্ৰত কেন্দ্ৰটোৰ জ্যেষ্ঠ বিজ্ঞানী তথা মুখ্য বিষয়া সোণমইনা ভূঞাই আঁত ধৰা অনুষ্ঠানত অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড: বিদ্যুৎ চন্দ্ৰ ডেকাই আদৰণী ভাষণ দিয়ে। ইয়াৰ পিছতে বৈদেশিক পৰিক্ৰমা তথা বস্ত্ৰ বিভাগৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই উল্লেখ কৰি কয় যে, পি এম কিষাণ নিধিৰ জৰিয়তে বিগত তিনি বছৰত কৃষকৰ মাজত পোনপটীয়াকৈ ৩৬৯ হাজাৰ কোটি টকা দিয়া হৈছে।

WhatsApp Image 2025-08-02 at 6.06.10 PM (1)

আজি প্ৰধানমন্ত্ৰীয়ে বাৰাণসীৰ বানাউলিৰ পৰা ২০ নং কিস্তিৰ জৰিয়তে সৰ্বমুঠ ২০,৫০০ কোটি টকা কৃষকলৈ প্ৰেৰণ কৰিছে। ইয়াৰে অসমৰ ২১ লাখ কৃষকে প্ৰায় ৬৭৫১ কোটি টকা লাভ কৰিবলৈ সক্ষম হৈছে।

ভাষণ প্ৰসংগত তেওঁ কয় যে দেশৰ ৮০ শতাংশ লোকে কৃষি নিৰ্ভৰশীল।তেনে ক্ষেত্ৰত অন্নদাতাৰ উন্নয়ন হলেহে দেশৰ উন্নয়ন হ'ব। এই ক্ষেত্ৰত কৃষি বিজ্ঞানী, কৃষি বিশ্ববিদ্যালয়ৰ অধ্যাপক,কৃষক আৰু চৰকাৰৰ উমৈহতীয়া প্ৰচেষ্টাত আগবাঢ়ি যাব লাগিব বুলি উল্লেখ কৰে।

1 (1)

ভাষণ প্ৰসংগত তেওঁ অসমৰ স্বাস্থ্য, শিক্ষা, কৃষি,পথ আদিৰ আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰত চৰকাৰী আঁচনি সমূহৰ বিষয়েও উল্লেখ কৰে। অনুষ্ঠানত বিভিন্ন ঠাইৰ পৰা অহা কৃষকৰ লগতে বিভাগীয় বিষয়া -কৰ্মচাৰী সকল উপস্থিত থাকে।

মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা