/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/fd7c9780-f3d1-41f1-a7ea-f1edbafc70de/f5888020_1539_4941_9f31_515edfa3c4b9.jpg)
ডিজিটেল ডেস্কঃ আজি দেশৰ প্ৰায় ৯.৩কোটি কৃষকৰ বাবে মুকলি কৰা হয় প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ ১৭সংখ্যক কিস্তিৰ ধন। অসমৰ ১৭.৪৯ লাখ কৃষকে লাভ কৰিব প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ ১৭ সংখ্যক কিস্তিৰ ধন। ১৩ সংখ্যক কিস্তিত অন্তৰ্ভুক্ত হিতাধিকাৰীৰ সংখ্যাৰ তুলনাত বৰ্তমানৰ ১৭সংখ্যক কিস্তিলৈ ৰাজ্যখনত যোগ্য হিতাধিকাৰীৰ সংখ্যা ১৮৪ শতাংশ বৃদ্ধি পাইছে বুলি সদৰি কৰিছে কৃষি মন্ত্ৰী অতুল বৰাই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/882a1919-1f81-4aa2-81de-a84173aacf21/448605866_1011937087159730_2676984477266690307_n.jpg)
ইফালে এই বিশেষ দিনটো "পিএম কিষাণ উৎসৱ দিৱস" হিচাপে উদযাপন হৈছে সমগ্ৰ দেশত। মঙলাবাৰে এই অনুষ্ঠানটি অসম চৰকাৰৰ কৃষি বিভাগেও শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীশ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আয়োজন কৰে। কিন্তু দিল্লীত থকা কিছু কামৰ বাবে এই অনুষ্ঠানত উপস্থিত থাকিব নোৱাৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। উপস্থিত থাকিব নোৱাৰিলেও দিল্লীৰ পৰাই প্ৰধানমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/9370f20d-ad69-40b8-9545-7d1b794d9a0a/448607032_1011937280493044_2214181171356835944_n.jpg)
উল্লেখ কৰা প্ৰয়োজন যে, গুৱাহাটীত অনুষ্ঠিত হোৱা এই অনুষ্ঠানটোত কৃষি মন্ত্ৰী অতুল বৰাৰ লগতে অসম বীজ উন্নয়ন নিগমৰ অধ্যক্ষ শ্ৰী প্ৰবীণ হাজৰিকা, অসম কৃষি বিপণন পৰিষদৰ অধ্যক্ষ শ্ৰী মনোজ বৰুৱা, কৃষি উৎপাদন আয়ুক্ত শ্ৰীমতী অৰুণা ৰাজ'ৰিয়া, কৃষি সঞ্চালক শ্ৰী ভাস্কৰ পেগু, কৃষি বিভাগৰ সচিব তথা উদ্যানশস্য সঞ্চালক শ্ৰী তেজপ্ৰসাদ ভূষাল প্ৰমুখ্যে কৃষি বিভাগৰ অন্যান্য সংশ্লিষ্ট বিষয়াসকল, মৰিগাঁও আৰু কামৰূপ জিলাৰপৰা অহা কৃষকসকল উপস্থিত আছিল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/ad4fadd0-7c13-4e77-99f0-a0cefb2e3a2f/448603510_1011937330493039_2072771784738741956_n.jpg)
অনুষ্ঠানটিত কৃষি মন্ত্ৰীগৰাকীয়ে কয় যে, প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বাধীন এনডিএ চৰকাৰে কৃষক ৰাইজৰ সৰ্বাঙ্গীণ কল্যাণক অগ্ৰাধিকাৰ দি আহিছে। ইয়াৰেই উল্লেখনীয় পদক্ষেপ হিচাপে আজি উত্তৰ প্ৰদেশৰ বাৰাণসীৰপৰা দেশৰ ৯.২৬ কোটিৰো অধিক কৃষকৰ বাবে আনুষ্ঠানিকভাৱে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি যোজনাৰ সপ্তদশ কিস্তিৰ ২০,০০০ কোটিৰ ধনৰাশি মুকলি কৰিলে। আঁচনিখনৰ অধীনত এইবাৰ অসমৰ কৃষকসকলৰ বাবে ৩৮১ কোটি টকা মুকলি হৈছে। এয়া দেশৰ কৃষকসকলৰ বাবে বৰ ভাল খবৰ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/58f8fac8-5bd8-446d-b845-32db211aad07/448605876_1011937363826369_8268725782764258508_n.jpg)
উল্লেখ্য যে, এইবাৰৰ ১৭ সংখ্যক কিস্তিত আমাৰ ৰাজ্যখনৰ ১৭,৪৮,৫৯৭ কৃষকে এই অভিলাষী আঁচনিখনৰ সুবিধা লাভ কৰিবলৈ সক্ষম হৈছে। আজিৰ অনুষ্ঠানটিত চন্দ্ৰপুৰৰ প্ৰগতিশীল কৃষক শ্ৰী নৃপেন চন্দ্ৰ ডেকা আৰু মৰিগাঁৱৰ শ্ৰী প্ৰদীপ পাটৰে বক্তব্য প্ৰদান কৰি উপস্থিত কৃষকসকলক অনুপ্ৰাণিত কৰে।