ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰীৰ ইন্টাৰ্ণশ্বিপ আঁচনি-২০২৪ য়ে দেশৰ যুৱচামৰ পৰা লাভ কৰিছে অভূতপূৰ্ব সঁহাৰি । ১.২৭ পদৰ বিপৰীতে আবেদন লাভ কৰিছে ৬.২১ লাখ। উল্লেখখোগ্য যে বৰ্তমানেও চলি আছে বাচনি প্ৰক্ৰিয়া ।
কেন্দ্ৰীয় বাজেট ২০২৪ৰ অংশ হিচাপে ঘোষণা কৰা এই আঁচনিখনৰ লক্ষ্য হৈছে অহা পাঁচ বছৰত শীৰ্ষ ৫০০ কোম্পানীত যুৱক-যুৱতীক ইন্টাৰ্ণশ্বিপৰ সুযোগ প্ৰদান কৰা। এই পদক্ষেপে নিয়োগযোগ্যতা বৃদ্ধি কৰাৰ লগতে যুৱক-যুৱতীসকলক ব্যৱহাৰিক উদ্যোগৰ পৰিচয় প্ৰদান কৰিব ।
৩ অক্টোবৰৰ পৰা আৰম্ভ হোৱা প্ৰধানমন্ত্ৰীৰ ইন্টাৰ্ণশ্বিপ আঁচনিৰ পাইলট পৰ্যায়ৰ লক্ষ্য হৈছে ২০২৪-২৫ বৰ্ষৰ সময়ছোৱাত ১.২৫ লাখ ইন্টাৰ্ণশ্বিপৰ সুযোগ প্ৰদান কৰা।
দেওবাৰে কৰ্পৰেট পৰিক্ৰমা মন্ত্ৰালয়ৰ এক বিবৃতি অনুসৰি বৰ্তমান উপলব্ধ ১.২৭ লাখ ইন্টাৰ্ণশ্বিপৰ সুযোগৰ বাবে প্ৰায় ৬.২১ লাখ আবেদন দাখিল কৰা হৈছে।
অংশীদাৰ কোম্পানীসমূহে ইন্টাৰ্ণশ্বিপ আঁচনিৰ পৰ্টেলত প্ৰায় ১.২৭ লাখ ইন্টাৰ্ণশ্বিপৰ সুযোগ তালিকাভুক্ত কৰিছে। ইয়াৰ উপৰিও প্ৰায় ৪.৮৭ লাখ ব্যক্তিয়ে কেৱাইচি সম্পূৰ্ণ কৰি পৰ্টেলত পঞ্জীয়ন কৰিছে বুলি প্ৰকাশ কৰিছে ।
এই আঁচনিৰ অংশ হিচাপে ইন্টাৰ্ণসকলে ১২ মাহৰ বাবে মাহিলী ৫ হাজাৰ টকাৰ আৰ্থিক সাহায্য লাভ কৰাৰ লগতে ৬ হাজাৰ টকাৰ এককালীন অনুদান লাভ কৰিব।
এই বছৰ গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ ওপৰত আলোকপাত কৰি মন্ত্ৰালয়ে কয় যে অংশীদাৰসকলৰ মতামত আৰু মন্ত্ৰালয়ে নিযুক্তি দিয়া সমিতিৰ পৰামৰ্শৰ প্ৰতি লক্ষ্য ৰাখি খৰচৰ ৰেকৰ্ড আৰু অডিটৰ কাঠামো সংশোধন কৰা হ’ব।