/asomiyapratidin/media/media_files/2025/06/07/HAZ2H2OMLnqaoycXizjt.jpg)
ডিজিটেল ডেস্কঃ পবিত্ৰ ঈদ-উজ-জোহাৰ উপলক্ষে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সমূহ ইছলামধৰ্মী জনতাক শুভেচ্ছা জ্ঞাপন কৰে। সামাজিক মাধ্যমৰ জৰিয়তে তেও সকলোকে শুভেচ্ছা জ্ঞাপন কৰি লিখে- পবিত্ৰ ঈদ-উজ-জোহাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। এই উপলক্ষত সমন্বয়ৰ প্ৰেৰণা যোগাওক আৰু আমাৰ সমাজত শান্তিৰ তন্ত্ৰ শক্তিশালী কৰক। সকলোৰে সুস্বাস্থ্য আৰু সমৃদ্ধি কামনা কৰিলো।
ইফালে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইও এক ভিডিঅ বাৰ্তাযোগে ঈদৰ শুভেচ্ছা জ্ঞাপন কৰে। উল্লেখ কৰা প্ৰয়োজন যে, ৰাজ্যৰ বিভিন্ন প্ৰান্তত ঈদকলৈ যথেষ্ট উৎসাহ-উদ্দীপনাই বিৰাজ কৰা পৰিলক্ষিত হৈছে। সজাই-পৰাই তোলা হৈছে ঈদগাহ ময়দানৰ লগতে মছজিদসমূহ। আজিৰ এই পৱিত্ৰ ক্ষণটিৰ বাবে বিভিন্ন দল-সংগঠন তথা ব্যক্তিয়ে সমূহ ইছলামধৰ্মী ৰাইজলৈ জনাইছে ঈদৰ শুভেচ্ছা।