কাজলগাঁৱত হিতাধিকাৰীৰ মাজত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অনুমোদন পত্ৰ বিতৰণ

ৰাজ্যৰ অন্যান্য জিলাৰ লগতে চিৰাং জিলা সদৰ কাজলগাঁৱতো ৩১ নং চিদলী বিধানসভা সমষ্টি ভিত্তিত হিতাধিকাৰীৰ মাজত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহৰ অনুমোদন পত্ৰ বিতৰণ হয়

author-image
Asomiya Pratidin
New Update
কাজলগাঁৱত হিতাধিকাৰীৰ মাজত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অনুমোদন পত্ৰ বিতৰণ

ডিজিটেল সংবাদ, চিৰাং : ৰাজ্যৰ অন্যান্য জিলাৰ লগতে চিৰাং জিলা সদৰ কাজলগাঁৱতো ৩১ নং চিদলী বিধানসভা সমষ্টি ভিত্তিত হিতাধিকাৰীৰ মাজত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহৰ অনুমোদন পত্ৰ বিতৰণ হয়। উল্লেখযোগ্য যে কামৰূপ জিলা পলাশবাৰীৰ পৰা কেন্দ্ৰীয়ভাৱে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ভাৰ্চুৱেলী প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অনুমোদন পত্ৰ বিতৰণ কৰে।

Advertisment

ইয়াৰ পিছতেই কাজলগাঁৱৰ পেৰেড গ্ৰাউণ্ডত জিলা গ্ৰামোন্নয়ন বিভাগৰ উদ্যোগত আৰু চিৰাং জিলা প্ৰশাসনৰ সহযোগত চিদলী বিধানসভা সমষ্টি ভিত্তিত মুঠ ১২৭৯ গৰাকী হিতাধিকাৰীৰ মাজত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহৰ অনুমোদন পত্ৰ বিতৰণ কৰা হয় । ৩১ নং চিদলী সমষ্টিৰ বিধায়ক নিৰ্মল কুমাৰ ব্ৰহ্ম, জিলা আয়ুক্ত যতীন বৰা, জিলা গ্ৰামোন্নয়ন প্ৰকল্প বিষয়া তথা অতিৰিক্ত আয়ুক্ত যুগ কিশোৰ ৰাজবংশী, টিচিএলচিৰ সভাপতি মাউথি ব্ৰহ্ম হাজোৱাৰীসহ বহু সংখ্যক লোকৰ উপস্থিতিত হিতাধিকাৰীসকলৰ মাজত আনুষ্ঠানিকভাৱে অনুমোদন পত্ৰ বিতৰণ কৰা হয়। 

সভাত ভাষণ প্ৰসংগত চিদলী সমষ্টিৰ বিধায়ক নিৰ্মল কুমাৰ ব্ৰহ্মই কয় যে বিগত সময়ত গ্ৰামাঞ্চলত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণ কৰাৰ সময়ত বহু ভিচিডিচি এলেকাত কিছু খেলিমেলি হোৱাৰ অভিযোগ উত্থাপিত হৈছিল। তাৰ প্ৰতি লক্ষ্য ৰাখি এইবেলি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণৰ সময়ত যাতে কোনো ধৰণৰ তেনেকুৱা খেলিমেলি সংঘটিত তাৰ প্ৰতি আমি সকলোৱে লক্ষ্য ৰাখিব লাগিব। 

এই আচঁনিৰ নামত যদি কোনোবাই টকা বিচাৰে তেনেহ’লে তেওঁৰ বিৰুদ্ধে অভিযোগ জনাবলৈ হিতাধিকাৰীসকলৰ উদ্দেশ্যি আহ্বান জনাই বিধায়ক ব্ৰহ্মই । জিলা আয়ুক্ত যতীন বৰাই কয় যে, চিৰাং জিলা হিচাপে ৩,১৯১ গৰাকী হিতাধিকাৰীয়ে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ লাভ কৰিব আৰু ইয়াৰ চিদলী সমষ্টিত ১,২৭৯ গৰাকী বাকীখিনি বিজনী সমষ্টিৰ হিতাধিকাৰীয়ে লাভ কৰিব। 

এইবেলি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ আচঁনিৰ ৰূপায়ণৰ সময়ত যাতে কোনোধৰণৰ দুৰ্নীতি বা অনিয়ম সংঘটিত নহোৱাকৈ সফলভাৱে ৰূপায়ণ কৰিব পাৰো তাৰ প্ৰতি গুৰুত্ব দিয়া হ’ব আৰু বিগত সময়ছোৱাত যিসমূহ গৃহ নিৰ্মাণৰ খেলিমেলি হৈছে সেই আধৰুৱা গৃহসমূহ সম্পুৰ্ণ কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি সংবাদ মাধ্যমৰ আগত সদৰী কৰে জিলা আয়ুক্ত বৰাই ।

চিৰাং প্ৰধানমন্ত্ৰী আৱাস যোজনা