পি এল আই আঁচনিৰ জৰিয়তে ১২ লাখৰো অধিক লোকক দিব কৰ্মসংস্থাপন

পিএলআই আঁচনিৰ অধীনত সামৰি লোৱা মূল খণ্ডসমূহত আত্মনিৰ্ভৰশীল হোৱাৰ প্ৰয়োজনীয়তা আছে। লগতে বিভিন্ন অংশীদাৰে সন্মুখীন হোৱা সমস্যাসমূহৰ সমাধান কৰিব লাগিব যাতে দেশৰ ৰপ্তানি বৃদ্ধি পাব পাৰে।

author-image
Asomiya Pratidin
New Update
ghj

ডিজিটেল ডেস্কঃ  বুধবাৰে মন্ত্ৰী পীযুষ গোৱেলে ফ্লেগশ্বিপ কাৰ্যসূচী সন্দৰ্ভত এক পৰ্যালোচনা বৈঠকৰ অধ্যক্ষতা কৰে। উক্ত বৈঠকত মন্ত্ৰী গোৱেলে প্ৰকাশ কৰা অনুসৰি লিংকড ইনচেণ্টিভ (পিএলআই) আঁচনিৰ জৰিয়তে ১৪ টা খণ্ডত ১.৭৬ লাখ কোটি টকাৰ বিনিয়োগ কৰা লগতে ১৬.৫ লাখ কোটিৰো অধিক উৎপাদন আৰু ১২ লাখৰো অধিক লোকক কৰ্মসংস্থাপন প্ৰদান কৰা হৈছে।

মন্ত্ৰী পীয়ুষ গোৱেলে কয় যে, পিএলআই আঁচনিৰ অধীনত সামৰি লোৱা মূল খণ্ডসমূহত আত্মনিৰ্ভৰশীল হোৱাৰ প্ৰয়োজনীয়তা আছে। লগতে বিভিন্ন অংশীদাৰে সন্মুখীন হোৱা সমস্যাসমূহৰ সমাধান কৰিব লাগিব যাতে দেশৰ ৰপ্তানি বৃদ্ধি পাব পাৰে।

উল্লেখ্য যে, ১২টা খণ্ডৰ বাবে পিএলআই আঁচনিৰ অধীনত মুঠ ২১,৫৩৪ কোটি টকাৰ প্ৰৰোচনামূলক ধনৰাশি প্ৰদান কৰা হৈছে। প্ৰৰোচনা লাভ কৰা ১২টা খণ্ডৰ ভিতৰত আছে বৃহৎ পৰিসৰৰ ইলেক্ট্ৰনিকছ উৎপাদন , আই টি হাৰ্ডৱেৰ, বাল্ক ড্ৰাগছ, মেডিকেল ডিভাইচ, ফাৰ্মা, টেলিকম, ফুড প্ৰচেছিং, ​​হোৱাইট গুডছ, অটোম’বাইল, স্পেচিয়েলিটি ষ্টীল, টেক্সটাইল আৰু ড্ৰ’ন।

লক্ষ্যণীয় যে, ভাৰতৰ বিভিন্ন খণ্ডত পি এল আই আঁচনিৰ প্ৰভাৱ যথেষ্ট দেখা গৈছে। এই আঁচনিসমূহে ঘৰুৱা উৎপাদনত সহায় কৰিছে, যাৰ ফলত উৎপাদন বৃদ্ধি পাইছে, চাকৰি সৃষ্টি হৈছে।

india govt