/asomiyapratidin/media/media_files/2025/01/19/0VoBz34nOTJ0VCTu6Ohv.jpg)
নাট্যকাৰ - লেখক দীনেশ চন্দ্ৰ দত্তৰ গ্ৰন্থ উন্মোচন…
ডিজিটেল সংবাদ, গুৱাহাটী : বিশিষ্ট নাট্যকাৰ, অভিনেতা, লেখক দীনেশ চন্দ্ৰ দত্তৰ দুখন গ্ৰন্থ 'সঞ্চিত কথা মন্থিত নিৰ্যাস (প্ৰবন্ধ সংকলন) আৰু ঈশ্বৰৰ জন্ম (মঞ্চ নাট) দেওবাৰে চানমাৰিস্থিত পেন্সনাৰ ভৱনত এখন গাম্ভীৰ্যপূৰ্ণ সভাত উন্মোচন কৰা হয়। এনিশা চৌধুৰীয়ে পৰিবেশন কৰা এটি বৰগীতেৰে আৰম্ভ হোৱা সভাখনত গ্ৰন্থ দুখন উন্মোচন কৰে অৱসৰী ন্যায়াধীশ ধীৰেশ নাৰায়ণ চৌধুৰী, সাহিত্যিক পেন্সনাৰ চফিউৰ ৰহমান শইকীয়া আৰু বিশিষ্ট লেখক পদ্মশ্ৰী ড০ ৰোমান শৰ্মাই।
এগছি বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ হোৱা সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে অৰ্পনা দত্ত চৌধুৰীয়ে। সভাত ভাষণ দি বিশিষ্ট লেখক চফিউৰ ৰহমান শইকীয়াই সৰুৰে পৰাই দীনেশ চন্দ্ৰ দত্ত নাটক-অভিনয়ৰ লগত জড়িত বুলি উল্লেখ কৰে।
সভাত অৱসৰী ন্যায়াধীশ ধীৰেশ নাৰায়ণ চৌধুৰী, বিশিষ্ট লেখক ড০ৰোমান শৰ্মাও ভাষণ দিয়ে। গ্ৰন্থ দুখনৰ লেখক দীনেশ চন্দ্ৰ দত্তও নিজৰ মনৰ অনুভৱ ব্যক্ত কৰে। সভাখনত দীনেশ চন্দ্ৰ দত্তৰ নাটক মঞ্চস্থ কৰা অনুশীলন নাট্যগোষ্ঠীৰ বিশ্বজিৎ ওজা, নাটশালাৰ ভূপেন বৰকটকীক সম্বৰ্ধনা জনোৱা হয়। সভাখনৰ আঁত ধৰে সত্যজিৎ গগৈয়ে।