Advertisment

বঢ়মপুৰত খেল মহাৰণৰ দ্বিতীয় সংস্কৰণৰ খেল…

দক্ষিণ ননৈ, কন্দলী, ৰাঙলু, বামুণী, বঢ়মপুৰ, চাপানালা, পুৰণিগুদাম, বালিজুৰি আদিত প্ৰথম পৰ্যায়ৰ খেলসমূহ জিলা ক্ৰীড়া বিষয়া আৰু বঢ়মপুৰ উন্নয়ন খণ্ডৰ অধীনত সফলভাৱে সমাপ্ত হৈছে

author-image
Asomiya Pratidin
New Update
khel maharan 2.0

ডিজিটেল সংবাদ, বঢ়মপুৰ : খেল মহাৰণৰ দ্বিতীয় সংস্কৰণত বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত বিভিন্ন স্থানত বৃহস্পতিবাৰে পুৱা কেইবাটাও খেল অনুষ্ঠিত হয়। জানিব পৰা মতে, সমষ্টিটোৰ অন্তৰ্গত দক্ষিণ ননৈ, কন্দলী, ৰাঙলু, বামুণী, বঢ়মপুৰ, চাপানালা, পুৰণিগুদাম, বালিজুৰি, বৰবাৰী, চলচলি হালোৱাগাঁও, ভৰাগুৰি, কঠাঁলগুৰি আৰু নিজ ভেলেউগুৰি গাঁও পঞ্চায়তৰ প্ৰথম পৰ্যায়ৰ খেলসমূহ জিলা ক্ৰীড়া বিষয়া আৰু বঢ়মপুৰ উন্নয়ন খণ্ডৰ অধীনত সফলভাৱে সমাপ্ত হৈছে। 

Advertisment

১ ডিচেম্বৰৰ পৰা ৫ ডিচেম্বৰলৈ দ্বিতীয় পৰ্যায়ত চামগুৰি, সূতাৰ খাটোৱাল আৰু উদমাৰিত ফুটবল, এথলেটিকচ আৰু কাবাডী খেলসমূহ অনুষ্ঠিত হ'ব। আনহাতে কঠীয়াতলী উন্নয়ন খণ্ডৰ ৰাঙলু, কন্দলী আৰু দক্ষিণ ননৈ গাঁও পঞ্চায়তৰ খেলসমূহ যোৱা ১৮ নৱেম্বৰৰ পৰা ২১ নৱেম্বৰলৈ সফলভাৱে অনুষ্ঠিত কৰা হৈছিল।  

ভেলেউগুৰি, আকাশীগঙ্গা, গাৰুখুণ্ডা, যমুনামুখ, বালিৰাম, চানখোলা, নগঞাপাম, কচুৱা, চাংচকী, কঠীয়াতলী, জুমুৰমূৰ, তেতেলীসৰা আৰু কামপুৰ ইউ এল বিৰ খেলসমূহ ১ ডিচেম্বৰৰ পৰা ৫ ডিচেম্বৰলৈ অনুষ্ঠিত হ'ব। উক্ত পঞ্চায়তসমূহৰ ফুটবল, এথলেটিকচ, কাবাডী, ৰোড চাইক্লিং আৰু ডবা খেলসমূহ সমষ্টিৰ বিভিন্ন স্থান আৰু সময়ত সফলভাৱে পৰিচালনাৰ বাবে প্ৰস্তুতি চলোৱা হৈছে।

ASSAM KHEL MAHARAN bahrampur