/asomiyapratidin/media/media_files/2025/06/14/UGVEhnYn8brNIZmnFyYn.jpg)
খহনীয়াত আক্ৰান্ত অঞ্চল পৰিদৰ্শন পীযুষ হাজৰীকাৰ
ডিজিটেল সংবাদ, ডিব্ৰুগড়: কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে অসম চৰকাৰৰ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাই শনিবাৰে ডিব্ৰুগড় জিলাৰ চাবুৱাৰ বালিজান আৰু তিনিচুকীয়া জিলাৰ কৰদৈগুৰি অঞ্চল পৰিভ্ৰমণ কৰি ব্ৰহ্মপুত্ৰ নদীৰ খহনীয়াৰ বুজ লৈ বিভাগীয় অভিযন্তাক খহনীয়া ৰোধৰ বাবে প্ৰয়োজনীয় আৰু সম্ভৱপৰ সকলো ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰে ।
/asomiyapratidin/media/media_files/2025/06/14/KFevU8StYqDkfLrbaWMX.jpeg)
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে অসমৰ জলসম্পদ মন্ত্ৰীগৰাকীয়ে প্ৰথমতে চাবুৱাৰ বালিজানত উপস্থিত হৈ ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ বুজ লয় । বালিজানত প্ৰায় ১৫০০ মিটাৰ অংশত সৃষ্টি হোৱা ব্যাপক খহনীয়াই ঐতিহাসিক তামুলীছিঙা আলিলৈও ভাবুকি কঢ়িয়াই আনিছিল। এই অংশত পানীৰ তীব্ৰ সোঁত থকাৰ বাবে বৃহত্তৰ অঞ্চলটোৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি জলসম্পদ বিভাগে যুদ্ধকালীন তৎপৰতাৰে খহনীয়া ৰোধৰ বাবে পাৰ্কুপাইন স্থাপন কৰি পানীৰ প্ৰবাহ হ্ৰাস কৰাৰ উপৰি অন্যান্য জৰুৰী প্ৰতিৰোধী ব্যৱস্থা গ্ৰহণ কৰি আছে।
/asomiyapratidin/media/media_files/2025/06/14/taa2oJ9XcLl7QuiBZ7oh.jpeg)
আনহাতে, এই অংশৰ সুৰক্ষাৰ বাবে বিভাগীয় অভিযন্তাক প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰি থকাৰ লগতে পৰিস্থিতিৰ যাতে অধিক অৱনতি নহয়, তাৰ প্ৰতি সুক্ষ্ম দৃষ্টি ৰাখিবলৈ মন্ত্ৰী হাজৰীকাই নিৰ্দেশনা প্ৰদান কৰে । চলিত বাৰিষাকালৰ অন্তত এই অংশত মেগা জিঅ' বেগ আদিৰ সহায়ত স্থায়ী প্ৰতিৰোধী কাম হাতত লোৱা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে উপস্থিত স্থানীয় ৰাইজক আশ্বস্ত কৰে ।
/asomiyapratidin/media/media_files/2025/06/14/OS2xO2CAFKhvGOJJvscd.jpeg)
পাছত মন্ত্ৰী দুগৰাকীয়ে তিনিচুকীয়া জিলাৰ কৰদৈগুৰি অঞ্চলত উপস্থিত হৈ ব্ৰহ্মপুত্ৰত নাৱৰ সহায়ত অঞ্চলটোৰ তামুলীগাঁও, ভটিয়াখাল, গৰীয়াটিং, কেৰাণীগাঁও, শিমলুগুৰি, টিপুক সত্ৰ আদি এলেকা পৰিদৰ্শন কৰে আৰু খহনীয়া সমস্যাৰ বুজ লয় । ইতিমধ্যে জলসম্পদ বিভাগৰ অধীনত গৰীয়াটিং আৰু কেৰাণীগাঁৱত খহনীয়া প্ৰতিৰোধী প্ৰকল্প গ্ৰহণ কৰা হৈছে।
/asomiyapratidin/media/media_files/2025/06/14/l1xxLylFSg6l117Ms4ix.jpeg)
আজিৰ পৰিদর্শনকালত এই অঞ্চলত খহনীয়াত আক্ৰান্ত প্ৰায় ২ কিলোমিটাৰ দৈৰ্ঘ্যৰ স্থানত যুদ্ধকালীন তৎপৰতাৰে প্ৰতিৰোধ ব্যৱস্থা হাতত লৈ পাৰ্কুপাইন, জিঅ' মেগা টিউব আদিৰ সহায়ত কাম আৰম্ভ কৰিবলৈ বিভাগীয় অভিযন্তাক জলসম্পদ মন্ত্ৰীগৰাকীয়ে নিৰ্দেশনা প্ৰদান কৰে । এই অঞ্চলত থকা ব্ৰহ্মপুত্ৰৰ চাৰিটা সৰু 'চেনেল' জিঅ' মেগা টিউবৰ সহায়ত বন্ধ কৰি দিবলৈও মন্ত্ৰীগৰাকীয়ে বিভাগীয় অভিযন্তাক নিৰ্দেশ দিয়ে।