/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-11/3oram3pn/5323dab8-3aeb-439d-9cfc-cfb13171230f.jpg)
ডিজিটেল সংবাদ, ধুবুৰীঃ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাই আজি ধুবুৰী জিলাৰ গোলকগঞ্জ বিধানসভা সমষ্টিৰ অধীনৰ গংগাধৰ নৈৰ পাৰৰ কেইবাটাও স্থান নাৱেৰে ভ্ৰমণ কৰি জলসম্পদ বিভাগৰ অধীনত নিৰ্মিত মথাউৰি পৰিদৰ্শন কৰাৰ লগতে অসম-পশ্চিমবংগ সীমান্ত অঞ্চলৰ প্ৰায় এক কিল'মিটাৰ দৈৰ্ঘ্যৰ অংশত প্ৰয়োজন হোৱা বান-খহনীয়া প্ৰতিৰোধী ব্যৱস্থাৰ বুজ লয় ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-11/polono1a/20a4819b-05aa-4612-a157-e9280564c8ff.jpg)
জলসম্পদ মন্ত্ৰীগৰাকীয়ে প্ৰথমতে জিলাখনৰ কইমাৰী কথালতলিৰ পৰা নাৱেৰে গংগাধৰ নদীৰ উজনী দিশত যাত্ৰা আৰম্ভ কৰি ভলাৰখাচ নামৰ স্থানত উপস্থিত হয় । এই স্থানত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ এটা বান্ধ ২০২২ চনত ছিগি কাষৰীয়া অঞ্চলত বানৰ সৃষ্টি কৰি আহিছিল। বিগত বৰ্ষত মন্ত্ৰী হাজৰীকাৰ নিৰ্দেশমৰ্মে জলসম্পদ বিভাগে ছিগা অংশ মেৰামতি কৰি মথাউৰি নিৰ্মাণৰ বাবে ব্যৱস্থা হাতত লৈছিল ।
প্ৰায় ডেৰ কিল'মিটাৰ দৈৰ্ঘ্যৰ মথাউৰি নিৰ্মাণ কৰাৰ ফলত এইবাৰ ৪০ খনমান গাঁৱৰ প্ৰায় ১,৯০০ হেক্টৰ কৃষিভূমিৰ লগতে প্ৰায় ৯০ হাজাৰ লোক বানৰ পৰা মুক্ত হৈছে । মন্ত্ৰীগৰাকীৰ আজিৰ পৰিদৰ্শনকালত স্থানীয় লোকসকলে জলসম্পদ বিভাগৰ এই কামত নিজৰ সন্তোষ্টি প্ৰকাশ কৰে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-11/uk3xyzv5/c28d127e-b59d-43ee-98e1-a6b9c72672d1.jpg)
কইমাৰীৰ এই স্থানৰ পৰা পুনৰ নাৱেৰে যাত্ৰা আৰম্ভ কৰি মন্ত্ৰীগৰাকীয়ে প্ৰাক্তন বিধায়ক অশ্বিনী ৰয় চৰকাৰ আৰু বিভাগীয় মুখ্য অভিযন্তা সমন্বিতে আন বিষয়া বৰ্গৰ সৈতে অসম-পশ্চিমবংগ সীমান্ত অঞ্চলৰ বাকডোক্ৰা গাঁৱত উপস্থিত হয়গৈ । বাগডোক্ৰা অঞ্চলটোৰ কাষেৰে বৈ যোৱা গংগাধৰ নদীখনৰ বাওপাৰৰ ওপৰৰ আৰু তলৰ দিশৰ অংশ পশ্চিমবংগৰ অধীনত পৰাৰ বিপৰীতে অসমত মাথো এক কিল'মিটাৰমান অংশহে পৰে । নদীখনৰ এই এক কিল'মিটাৰ দৈৰ্ঘ্যৰ অংশ উন্মুক্ত হৈ থকা বাবে বাগডোক্ৰা, গাৰোপাৰা, ঘৃতিনেৰকুটি আদি অসমৰ অন্তৰ্গত কেইবাখনো গাঁৱত বানৰ সৃষ্টি হৈ আহিছে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-11/eumosdkd/c4dd962b-c25d-4569-a792-0899c656204c.jpg)
জলসম্পদ মন্ত্ৰীগৰাকীয়ে আজি এই স্থান পৰিদৰ্শন কৰি স্থানীয় ৰাইজ আৰু বিভাগীয় অভিযন্তাৰ পৰা বান আৰু খহনীয়া সমস্যাৰ সবিস্তাৰে বুজ লয় । এই অঞ্চলত নৱেম্বৰ-ডিচেম্বৰ মাহত অত্যাধুনিক প্ৰযুক্তিৰে জিঅ' মেগা বেগ আৰু জিঅ' টিউৱ সংস্থাপন কৰি বান-খহনীয়া প্ৰতিৰোধৰ বাবে মথাউৰি নিৰ্মাণ কৰা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে স্থানীয় ৰাইজক প্ৰতিশ্ৰুতি প্ৰদান কৰে । মন্ত্ৰীগৰাকীয়ে এইক্ষেত্ৰত প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ বিভাগীয় অভিযন্তাক নিৰ্দেশনা প্ৰদান কৰে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-11/nd0xehem/96e7e013-ead7-4aa3-ade1-349a9cb45a0f.jpg)