Advertisment

বান আৰু নদী খহনীয়া ব্যৱস্থাপনা প্ৰাধিকৰণৰ কামৰ খতিয়ান ল'লে মন্ত্ৰী পীযুষ হাজৰীকাই...

জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাই আজি গুৱাহাটীৰ বশিষ্ঠস্থিত অসম জল ভৱনত বান আৰু নদী খহনীয়া ব্যৱস্থাপনা প্ৰাধিকৰণ, অসম (FREMAA)ৰ অধীনত চলি থকা আঁচনিসমূহৰ এখন পৰ্যালোচনা  

author-image
Asomiya Pratidin
New Update
পীয়ুষ হাজৰিকা

Photograph: (পীয়ুষ হাজৰিকা)

ডিজিটেল ডেস্কঃ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাই আজি গুৱাহাটীৰ বশিষ্ঠস্থিত অসম জল ভৱনত বান আৰু নদী খহনীয়া ব্যৱস্থাপনা প্ৰাধিকৰণ, অসম (FREMAA)ৰ অধীনত চলি থকা আঁচনিসমূহৰ এখন পৰ্যালোচনা  বৈঠকত অংশগ্ৰহণ কৰে । উল্লেখ্য যে FREMAA ৰ উদ্যোগত এটা প্ৰকল্পৰ অধীনত ডিব্ৰুগড়-তিনিচুকীয়া, মৰিগাঁও, কামৰূপ আৰু গোৱালপাৰা মুঠ চাৰিটা মণ্ডলত ব্ৰহ্মপুত্ৰৰ খহনীয়া প্ৰতিৰোধী কাম চলি আছে ।

Advertisment
আলোচনাত মিলিত মন্ত্ৰী পীয়ুষ হাজৰিকা
Photograph: (আলোচনাত মিলিত মন্ত্ৰী পীয়ুষ হাজৰিকা)

 

আজি বিভাগটোৰ অভিযন্তা আৰু ঠিকাদাৰসকলৰ পৰা এই কামবোৰৰ অগ্ৰগতিৰ বুজ লৈ মন্ত্ৰী হাজৰীকাই গুণগত মানদণ্ড অটুট ৰাখি কামসমূহ ক্ষিপ্ৰতাৰে সম্পাদন কৰিবলৈ তেওঁলোকক নিৰ্দেশ দিয়ে । অসমৰ এক অন্যতম প্ৰধান সমস্যা বান আৰু খহনীয়া সমাধানৰ ক্ষেত্ৰত গুৰুত্ব সহকাৰে কাম কৰি চৰকাৰী ধনৰ যাতে অলপো অপব্যয় নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখি কামসমূহ ভালকৈ সম্পাদন কৰিবলৈ জলসম্পদ মন্ত্ৰীগৰাকীয়ে সংশ্লিষ্ট সকলোকে আহ্বান জনায় ।

আনহাতে একেটা প্ৰকল্পৰ অধীনত আগন্তুক দিনত দ্বিতীয় পৰ্যায়ত শিৱসাগৰ, গোলাঘাট, যোৰহাট, ধেমাজি আদি জিলাত ব্ৰহ্মপুত্ৰৰ স্পৰ্শকাতৰ অঞ্চলসমূহৰ খহনীয়া প্ৰতিৰোধী কাম কৰা হ'ব । ইয়াৰ বাবে মন্ত্ৰীগৰাকীয়ে স্পৰ্শকাতৰ অঞ্চলসমূহ সঠিককৈ নিৰ্ণয় কৰিবলৈ অভিযন্তাসকলক নিৰ্দেশ দিয়ে ।

সকলো কাম নিয়াৰিকৈ সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ
সকলো কাম নিয়াৰিকৈ সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ Photograph: (সকলো কাম নিয়াৰিকৈ সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ)

 

আনহাতে আজিৰ পৰ্যালোচনা বৈঠকতে মন্ত্ৰীগৰাকীয়ে FREMAA ৰ অধীনত চলি থকা বেঁকী আৰু বুঢ়ীদিহিং নৈৰ খহনীয়া প্ৰতিৰোধী কামসমূহৰো পৰ্যালোচনা কৰে । ইতিমধ্যে নৈ দুখনত প্ৰথম পৰ্যায়ত খহনীয়া প্ৰতিৰোধী কামৰ ৮০ শতাংশ কাম সম্পূৰ্ণ হৈছে । আজিৰ বৈঠকত মন্ত্ৰীগৰাকীয়ে দ্বিতীয় পৰ্যায়ত কৰিব লগা কামসমূহৰো বিস্তৃতভাৱে বুজ লয় ।

মন্ত্ৰী পীযুষ হাজৰীকা