/asomiyapratidin/media/media_files/2025/07/29/pjh-2025-07-29-10-46-16.jpg)
ডিজিটেল ডেস্কঃ কেওঁটসকলক অনুসূচিত জাতিৰ মৰ্যাদা দিয়াৰ সন্দৰ্ভত সোমবাৰে পুৱা ১০ বজাত ১৩টা সংগঠনৰ প্ৰতিনিধিৰ সৈতে আলোচনাত মিলিত হয় মন্ত্ৰী পীয়ুষ হাজৰীকাই ৷ আলোচনাৰ সময়ত পীয়ুষ হাজৰীকাই "সাংবিধানিকভাৱে কেওঁটসকলে অনুসূচিত জাতিৰ মৰ্যাদা পোৱাত প্ৰশ্ন আছে আৰু অসম চৰকাৰে অনুসূচিত জাতিৰ মৰ্যাদা দিব নোৱাৰে" বুলি স্পষ্ট কৰি দিয়ে ৷ অনুসূচিত জাতিৰ সংগঠনেসমূহে মন্ত্ৰীগৰাকীৰ সৈতে আলোচনাত মিলিত হৈ আশ্বস্ত হোৱা বুলি প্ৰকাশ কৰিছে ৷
আনহাতে, আলোচনা ইতিবাচক হোৱাৰ বাবে ২৯ জুলাইত দিছপুৰ ঘেৰাও আৰু ১ আগষ্টত ঘোষিত অসম বন্ধ কাৰ্যসূচী বাতিল কৰাৰ ঘোষণা কৰিছে সংগঠনকেইটাই ৷ মন্ত্ৰীগৰাকীৰ সৈতে আলোচনাৰ অন্তত অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ সভাপতি সঞ্জীৱ দাসে সামাজিক মাধ্যম যোগে প্ৰতিক্ৰিয়া ব্যক্ত কৰি দিছপুৰ ঘেৰাও আৰু অসম বন্ধ কাৰ্যসূচী বাতিল কৰাৰ কথা ঘোষণা কৰিছে৷
সঞ্জীৱ দাসে লগতে মন্তব্য কৰে যে, সংগ্ৰাম সফলতাৰ দিশত এখোজ আগুৱালে ৷ ১৩ সংগঠনৰ দাবীৰ প্ৰতি চৰকাৰে সঁহাৰি দিছে। সাংবিধানিকভাৱে কেওঁটসকলে অনুসূচিত জাতি মৰ্যাদা পোৱাত প্ৰশ্ন আছে আৰু অসম চৰকাৰে অনুসূচিত জাতিৰ মৰ্যাদা দিব নোৱাৰে বুলি কয় মন্ত্ৰী পীয়ুষ হাজৰিকাই। ১৩ সংগঠনৰ তথ্যভিত্তিক আৰু যুক্তিগত কথাবোৰত মান্যতা প্ৰদানৰ বহু উপাদান আছে বুলি অভিহিত কৰে মন্ত্ৰীগৰাকীয়ে৷ শীঘ্ৰে অনুসূচিত জাতি উন্নয়ন পৰিষদ ঘোষিত কৰাৰ লগতে মিছন ভূমিপুত্ৰ পৰ্টেলৰ সন্দৰ্ভত সিদ্ধান্ত লোৱাৰ কথাও মন্ত্ৰীগৰাকীয়ে প্ৰতিশ্ৰুতি দিছে বুলি সদৰি কৰে সঞ্জীৱ দাসে। লগতে, অনুসূচিত জাতি পৰিষদে জাতিগত প্ৰমাণপত্ৰ প্ৰদানৰ সিদ্ধান্ত ল’ব নোৱাৰিব বুলিও গুৰুত্বপূৰ্ণ মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে।
এই আলোচনাৰ পাছতে সাময়িকভাৱে সকলো আন্দোলনৰ কাৰ্য্যসূচী স্থগিত ঘোষণা কৰে সঞ্জীৱ দাসে ৷ পিছে, সমান্তৰালকৈ আইনী যুঁজ চলি থাকিব বুলিও উল্লেখ কৰে অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ নেতাগৰাকীয়ে। লগতে, বিগত দিনকেইটাত সমগ্ৰ অসমৰ অনুসূচিত জাতি ৰাইজ সহায় কৰাত ধন্যবাদ জ্ঞাপন কৰে ৷ জাতি ৰক্ষাৰ সংগ্ৰামখনত সহায়-সহযোগিতা লাগিব বুলিও উল্লেখ কৰে দাসে ৷
উল্লেখ্যে যে, মন্ত্ৰী ৰণজিৎ দাসে ইতিমধ্যে সদৰি কৰা অনুসৰি, ৰাজ্যৰ কেওঁট সম্প্ৰদায়ৰ কেইবা লাখ লোকক অনুসূচিত জাতিৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ প্ৰস্তাৱ কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰিবলৈ সাজু হৈছে অসমৰ চৰকাৰ ৷ কেওঁট জনগোষ্ঠীৰ আবেদনৰ ভিত্তিত অনুসূচিত জাতিত স্বীকৃতি দিয়াৰ সন্দৰ্ভত কেন্দ্ৰ চৰকাৰলৈ পঠিয়াবলৈ প্ৰতিবেদন প্রস্তুত কৰা হৈছে ৷