/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/242691fa-6314-43a8-9f08-506eff5ff1a1/kisa.jpg)
ডিজিটেল ডেস্কঃ অসমত কালি প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হৈ গ'ল। মই গোটেই অসমখন এইকেইদিন ঘূৰি আছো, ৰাইজৰ সৈতে কথা পাতি আছো- মই দৃঢ়তাৰে ক'ব পাৰো যে এই পাঁচাটা সমষ্টিতে বিজেপিয়ে জয়লাভ কৰিছে। - এই মন্তব্য মন্ত্ৰী পীযুষ হাজৰীকাৰ। নগাঁও লোকসভা সমষ্টিৰ মৰিগাঁও বিধানসভা সমষ্টিৰ মিকিৰভেটা বিহু মঞ্চত আয়োজিত এখন বিশাল নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে এইদৰে মন্তব্য কৰে। উল্লেখ্য অসমত কালি প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হৈ হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/9272b99b-ca9f-4479-b05f-673a52aa3695/c2aced62_ea7a_4f84_8a08_f576b01dd88b.jpg)
প্ৰথম পৰ্যায়ত অসমৰ পাঁচটা সমষ্টি যোৰহাট, ডিব্ৰুগড়, কাজিৰঙা, শোণিতপুৰ আৰু লখিমপুৰত কালি নিৰ্বাচন অনুষ্ঠিত হৈ হয়। ব্যাপক জনসমাগম হোৱা সভাত ভাষণ দাঙি ধৰি মন্ত্ৰীগৰাকীয়ে কয় যে মই গোটেই অসমখন এইকেইদিন ঘূৰি আছো, ৰাইজৰ সৈতে কথা পাতি আছো- মই দৃঢ়তাৰে কব পাৰো যে এই পাঁচাটা সমষ্টিতে বিজেপিয়ে জয়লাভ কৰিছে।
সভাত মন্ত্ৰী পীযুষ হাজৰীকাই নগাঁৱৰ বৰ্তমানৰ সাংসদ প্ৰদ্যুত বৰদলৈক আক্ৰমণ কৰি কয় যে কংগ্ৰেছৰ এই সাংসদজনে নিজৰ পাঁচ বছৰীয়া কাৰ্যকাল শেষ হ'বৰ হ'ল, কিন্তু পাঁচ বছৰত তেওঁ মৰিগাঁও, জাগীৰোড তথা লাহৰীঘাটলৈকে এদিনো নাহিল। কংগ্ৰেছ দলে আকৌ তেওঁকে প্ৰাৰ্থিত্ব দিছে- এইবাৰ মিকিৰভেটা বাদ দিয়ক, মৰিগাঁও টাউন বাদ দিয়ক, জাগীৰোড, লাহৰীঘাট, ধিঙত, ৰূপহীত বাদ দিয়ক এওঁক এইবাৰ সংখ্যালঘুৱেও ভোট নিদিয়ে, ভোট এইবাৰ বিজেপিক দিব। মন্ত্ৰীগৰাকীয়ে কালি লাহৰীঘাটত উপস্থিত থকাৰ কথা উল্লেখ কৰি কয় যে লাহৰীঘাটত কালি মই ৪ খন সভাত অংশগ্ৰহণ কৰিছিলো।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/d3c4167d-3555-4cad-b01e-dbf7d1b534e6/d01b77cb_9185_4155_80e4_61f4e937054e.jpg)
প্ৰত্যকখন সভাত ৮ৰ পৰা ১০ হাজাৰ মানুহৰ সমাগম হৈছিল আৰু ইয়াৰ ৮০ শতাংশই আছিল সংখ্যালঘু মানুহ। সেই সভাত মন্ত্ৰীগৰাকীয়ে এইবাৰ কাক ভোট দিব বুলি প্ৰশ্ন কৰাত লাহৰীঘাটবাসীয়ে একেমুখে অকল বিজেপিক ভোট দিব বুলি কয়। কিয়নো কংগ্ৰেছে লাহৰীঘাটবাসীৰ বাবে একো কাম কৰা নাই। মন্ত্ৰীগৰাকীয়ে আৰু কয় যে কংগ্ৰেছ চৰকাৰ অসমত ৬০ বছৰ আছিল। এই ৬০ বছৰত কংগ্ৰেছে অসমত মাত্ৰ ৬ খন মেডিকেল কলেজ বনালে আৰু আমি ৭ বছৰ ১০ মাহ অসমখন চলালো, এই ৭ বছৰ ১০ মাহত মেডিকেল কলেজ বনালো ১৮ খন।
মন্ত্ৰীগৰাকীয়ে অসমৰ কত কত মেডিকেল কলেজ নিৰ্মাণ কৰা হল আৰু কত কত মেডিকেল কলেজৰ কাম চলি আছে সেই বিষয়ে উল্লেখ কৰে। মন্ত্ৰীগৰাকীয়ে মেডিকেল কলেজ আমাক কিয় লাগে সেই বিষয়ে ব্যাখ্যা দাঙি ধৰি কয় যে মেডিকেল কলেজ অকল চিকিত্সাৰ বাবেই নহয়, মেডিকেল কলেজ হলেহে ডাক্তৰ পঢ়িব পাৰে। আৰু ডাক্তৰ পঢ়িলেহে আমি মিকিৰভেটাৰ দৰে অঞ্চলসমূহলৈ ডাক্তৰ পঠিয়াব পাৰিম। কংগ্ৰেছৰ দিনত অসমত বছৰত মাত্ৰ ৭২৬ জন ডাক্তৰ ওলাইছিল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/94d1d98f-fe3f-4418-a013-d3152139cbed/c147adaa_2501_4676_856d_029a25de3a98.jpg)
সেই কাৰণে আমি গ্ৰামাঞ্চললৈ ডক্তৰ পঠিয়াব পৰা নাই, গাঁৱৰ মানুহ বেমাৰৰ সৈতে জীৱন নিৰ্বাহ কৰিবলগা হৈছে। ইয়াৰ কাৰণে একমাত্ৰ কংগ্ৰেছ চৰকাৰ দায়ী বুলি মন্ত্ৰীগৰাকীয়ে কয়। কংগ্ৰেছে যদি মেডিকেল কলেজ বনালেহেঁতেন, আজি আমাৰ ইয়াত চিকিত্সক উভৈনদী হৈ থাকিলহেঁতেন।
আমাৰ মানুহ কম বয়সতে আজি মৃত্যুমুখত নপৰিলেহেঁতেন। ইয়াৰ বাবে কংগ্ৰেছক নীৰিহ মানুহৰ হত্যাকাৰী বুলি কয় মন্ত্ৰী পীযুষ হাজৰীকাই। কংগ্ৰেছে ডক্তৰ সৃষ্টি নকৰাৰ বাবে আজি গাঁৱে-ভূঞে বহু নীৰিহ মানুহে চিকিত্সা অবিহনে মৰিব লগা হল বুলি মন্তব্য কৰে। কংগ্ৰেছক হত্যাকাৰী বুলি পুনৰ তেওঁ ভাষণত উল্লেখ কৰে। এনেকুৱা কংগ্ৰেছক ভোট দি কিবা লাভ হব নেকি বুলি মন্ত্ৰীগৰাকীয়ে প্ৰশ্ন কৰে।
আনহাতে, কংগ্ৰেছক সমালোচনা কৰি আজি মন্ত্ৰীগাৰাকীয়ে পুনৰ কংগ্ৰেছক সূতা-কম্বলৰ পাৰ্টি বুলি কটাক্ষ কৰে। তেওঁ কয় যে কংগ্ৰেছক ভোট দিয়া মানে সূতা-কম্বল নিজে নিজে আহি যোৱা। কংগ্ৰেছ আহি গলে আকৌ সূতা-কম্বল আহি যাব ৰাইজৰ কোনো উন্নয়ন নহব বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। কংগ্ৰেছ চৰকাৰৰ দিনত, ৬০ বছৰত অসমত বিশ্ববিদ্যালয়ৰ সংখ্যা আছিল মাত্ৰ ৭খন। পৰ্যাপ্ত বিশ্ববিদ্যালয় নথকাৰ বাবে আমাৰ দুখীয়া ঘৰৰ লৰা-ছোৱালীয়ে উচ্চ শিক্ষা গ্ৰহণ কৰিব পৰা নাছিল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/60111812-3866-4447-9130-3bcdc6a40b20/f5cb55b4_d140_4542_a5d8_811382f8a8ab.jpg)
ইয়াৰ ফলত আমাৰ লৰা-ছোৱালী অশিক্ষিত হৈ আছিল বা শিক্ষা আধাৰুৱা হৈ আছিল। ইয়াৰ কাৰণে একমাত্ৰ কংগ্ৰেছ দায়ী, কংগ্ৰেছ চৰকাৰ দায়ী বুলি তেওঁ ভাষণত প্ৰকাশ কৰে। অসম তথা ভাৰতবৰ্ষক পিছুৱাই লৈ যোৱাৰ কাৰণে একমাত্ৰ কংগ্ৰেছ দায়ী বুলি তেওঁ কয়। এই কাৰণে এতিয়া অসম তথা ভাৰতবৰ্ষৰ মানুহে কংগ্ৰেছক কেতিয়াও ভোট নিদিয়ে। অসমৰ মানুহে নৰেন্দ্ৰ মোদীক ভোট দিব, হিমন্ত বিশ্ব শৰ্মাক ভোট দিব বুলি মন্ত্ৰীগৰাকীয়ে দাবী কৰে। মন্ত্ৰীগৰাকীয়ে কংগ্ৰেছ দলক পুনৰ কটাক্ষ কৰি কয় যে মই আজিকালি কংগ্ৰেছ দল বুলি নকওঁ সূতা-কম্বলৰ পাৰ্টি বুলি কওঁ।
ভাষণত তেওঁ কংগ্ৰেছ চৰকাৰে দিয়া অনুদানৰ ঘৰকেইটা কেনেকুৱা আছিল আৰু বৰ্তমান বিজেপি চৰকাৰে দিয়া ঘৰবিলাক কেনেকুৱা তাৰ পাৰ্থক্য দাঙি ধৰে। আগতে এই ঘৰৰ নামত ঠিকাদাৰ, পঞ্চায়তৰ প্ৰতিনিধি, বিধায়ক, দালাল আদিয়ে টকা খাই ঘৰ নিৰ্মাণ কৰি দিছিল। কিন্তু বিজেপি চৰকাৰ অহাৰ পিছত অনুদানৰ ঘৰ নিৰ্মাণৰ দায়িত্ব কেৱল গৃহস্থক দিয়া হল। অনুদানৰ ঘৰৰ বাবে অহা সকলোখিনি টকাৰে ঘৰ নিৰ্মাণ কৰাৰ ব্যৱস্থা বিজেপি চৰকাৰে কৰি দিলে। ইয়াত এতিয়া কোনেও দুৰ্নীতি কৰিব নোৱাৰে, টকা খাব নোৱাৰে। এয়া সম্ভৱ কৰি তুলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। আনহাতে, ৰেচন কাৰ্ড থাকিলে কি কি সুবিধা পায় মন্ত্ৰীগৰাকীয়ে সেই বিষয়েও সভাত উল্লেখ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/aec44465-e7ba-4273-abe8-264ce6ea80db/6bb9754b_3187_46f1_9ac6_ab912b040df6.jpg)
আনকি চৰকাৰী বিভিন্ন আঁচনি, নিবনুৱাক চাকৰি আদিৰ প্ৰসংগতো মন্ত্ৰীগৰাকীয়ে উপস্থিত ৰাইজক অৱগত কৰাৰ উপৰি মুখ্যমন্ত্ৰীগৰাকীয়ে আগন্তুক সময়ত অসমত যিমানখিনি পৰিয়ালৰ ৰেচন কাৰ্ড আছে প্ৰত্যককে অৰুণোদয় দিয়াৰ কথা উল্লেখ কৰে। আনহাতে, লাখপতি বাইদেউ সম্পৰ্কতো মন্ত্ৰীগৰাকীয়ে কয় যে অহা আগষ্ট মাহৰ ভিতৰত লাখপতি বাইদেউৰ অধীনত প্ৰত্যেকেই ১০ হাজাৰকৈ টকা পাব আৰু অহাবাৰ ২৫ হাজাৰ টকালৈকে পাব। ছোৱালীৰ শিক্ষাৰ বাবে চৰকাৰে কি কি পদক্ষেপ গ্ৰহণ কৰিছে সেই বিষয়েও মন্ত্ৰীগৰাকীয়ে সভাত উল্লেখ কৰাৰ লগতে ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালৰ মুৰব্বীক একোটাকৈ জীৱন বীমা আৰু দুৰ্ঘটনাৰ বীমা কৰি দিয়াৰ কথাও তেওঁ উল্লেখ কৰে যাৰ প্ৰিমিয়াক চৰকাৰে বহন কৰিব বুলি কয়।
আনহাতে, মন্ত্ৰীগৰাকীয়ে নগাঁৱৰ ধিঙৰ বেচামাৰীত আন এখন বিশাল জনসভা সম্বোধন কৰি বহাগ বিহু আৰু হৈ যোৱা ঈদৰ শুভেচ্ছা জ্ঞাপন কৰে। অহা ২৬ এপ্ৰিলত নগাঁও লোকসভা সমষ্টিৰ বাবে অনুষ্ঠিত নিৰ্বাচনত বিজেপি দলৰ প্ৰাৰ্থী সুৰেশ বৰাক বিপুল সংখ্যক ভোটত বিজয়ী কৰাবলৈ উপস্থিত ৰাইজক মন্ত্ৰীগৰাকীয়ে আহ্বান জনায়। ভাষণৰ আৰম্ভণিতে মন্ত্ৰীগৰাকীয়ে কালি ধিঙত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বিশাল জনসভাৰ কথা উল্লেখ কৰে। তেওঁ কয় যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি পুৱাই মোক জনাইছে যে কালি ধিঙৰ মানুহে তেওঁক যিমান মৰমৰ দিছে, মুখ্যমন্ত্ৰী ডাঙৰীয়া খুচ হৈ গৈছে। কালি ধিঙত মামাৰ মিটিং ফালাফালি হৈছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰি কয় যে এইবাৰ আমাক কোনেও ৰখাব নোৱাৰে, এইবাৰ বিজেপিৰ প্ৰাৰ্থী সুৰেশ বৰাৰ জয় নিশ্চিত।
আজিৰ এইখন মিটিঙতো ৰাইজে মন্ত্ৰীগৰাকী ব্যাপক সঁহাৰি দিয়া পৰিলক্ষিত হয়। সভাত মন্ত্ৰী পীযুষ হাজৰীকাই এআই ইউডিএফক আক্ৰমণ কৰি কয় যে, এআইইউডিএফে না ৰাস্তা দিছে, না মথাউৰি নিৰ্মাণ কৰিছে না খহনীয়া প্ৰতিৰোধ কৰিব পাৰিছে। এআইইউডিএফে না চাকৰি দিব পাৰে, না স্কুটি দিব পাৰে না চাইকেল দিব পাৰে, এআইইউডিএফে একো দিব নোৱাৰে, গতিকে এআইইউডিএফক ভোট দি লাভ নাই। সভাত মন্ত্ৰীগৰাকীয়ে কটহগুৰি গাঁও পঞ্চায়তত ৯০০ টা পৰিয়ালে ঘৰৰ অনুদান লাভ কৰাৰ কথা উল্লেখ কৰে। তেওঁ কয় যে যত আমি ৯০ টাও ভোট পোৱা নাছিলো, তাত আমি ৯০০ টা আবাস যোজনাৰ ঘৰ দিছো। ইয়াৰ উপৰি মথাউৰি, ৰাস্তা-ঘাটৰ উন্নয়ন অঞ্চলটোত বিজেপিয়ে কৰা বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰি ভোট বিজেপিক দিবলৈ ৰাইজৰ প্ৰতি আহ্বান জনায়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/9f3d9ce6-0d14-4494-adde-6c5442e0e459/dc34cd5d_9865_406b_976f_d6c304212309.jpg)