কামৰূপৰ হাহিমত নতুনকৈ নিৰ্মাণ কৰা হ'ল সীমান্ত খুঁটি

দুয়োখন ৰাজ্যৰ মাজত কেইবা দশক ধৰি চলি থকা হিংসাত্মক বিবাদৰ অন্ত পৰাৰ আৰম্ভণি হিচাপে কামৰূপ জিলাৰ হাহিম অঞ্চলত নতুনকৈ নিৰ্মাণ কৰা হল এটা সীমান্ত খুঁটি।

author-image
Asomiya Pratidin
New Update
new ap web  4

ডিজিটেল ডেস্কঃ অসম-মেঘালয় সীমা বিবাদ অন্ত পেলাবৰ বাবে শুকুৰবাবে দুই ৰাজ্যই হাতত ললে এক ঐতিহাসিক পদক্ষেপ। দুয়োখন ৰাজ্যৰ মাজত কেইবা দশক ধৰি চলি থকা হিংসাত্মক বিবাদৰ অন্ত পৰাৰ আৰম্ভণি হিচাপে কামৰূপ জিলাৰ হাহিম অঞ্চলত নতুনকৈ নিৰ্মাণ কৰা হ'ল এটা সীমান্ত খুঁটি। এই খুঁটিটোৰ জৰিয়তে আন্তঃৰাজ্যিক সীমাৰ প্রথমটো ভৌগলিক সীমা নির্ধাৰণ কৰা হয়।

Advertisment

গীজাং আৰু তিৰচাঙৰ নদীৰ পাৰত হাহিম বজাৰৰ সমীপৰ উমছেক (মথাপোটা), মাছপাৰা, মালাপাৰা, ৰাণীঘৰ, চালপাৰা, থুতিয়া বজাৰ আদি গাঁৱৰ মাজেৰে পাৰ হৈ শেষত মেঘালয়ৰ অন্তৰ্গত আঠিয়াবাৰীৰ ৰংছাপাৰালৈ খুঁটি নিৰ্মাণ কৰা হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমৰ জৰিয়তে শুকুৰবাবে এই কথা সদৰি কৰাৰ পাছতে সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়া। মুখ্যমন্ত্ৰীগৰাকীয়ে এই সীমান্তৰ খুঁটিক স্পষ্টতা আৰু শান্তিৰ খুঁটি আখ্যা দিছে।

আনহাতে, জৰীপ দলটোৰ এজন জ্যেষ্ঠ বিষয়াই সদৰি কৰে যে, "এয়া কেৱল এটা কংক্ৰিট স্তম্ভ নহয়, ই শান্তি, স্পষ্টতা আৰু সীমান্তৱৰ্তী জনগোষ্ঠীসমূহৰ বাবে এক উন্নত ভৱিষ্যতৰ প্ৰতীক। আমি স্বাধীনতা দিৱসৰ বহু আগতেই এই পৰ্যায়টো সম্পূৰ্ণ কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ।"

hbs tweet

উল্লেখযোগ্য যে, ২০২২ চনত গৃহমন্ত্রী অমিত শ্বাহৰ উপস্থিতিত দুয়োখন ৰাজ্যৰ মাজত হোৱা চুক্তিৰ ফলস্বৰূপে, ৮৮৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ আন্তঃৰাজ্যিক সীমান্তত ২৭০০ বর্গ কিলোমিটাৰতকৈ অধিক অঞ্চল সামৰি ১২টা বিবাদিত অঞ্চলৰ ভিতৰত ছটাত বছৰ বছৰ ধৰি চলি অহা আলোচনা আৰু কাগজ-পত্রক বাস্তৱতালৈ ৰূপান্তৰিত কৰা হৈছে। বর্তমান বাকী ছটা ক্ষেত্রত বিবাদিত স্থানৰ সমাধানৰ প্ৰচেষ্টা অব্যাহত আছে। নতুন দিল্লীত অসমৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা আৰু মেঘালয়ৰ সমকক্ষ কনৰাড চাংমাই স্বাক্ষৰ কৰিছিল এই চুক্তি। এই চুক্তিৰ জৰিয়তে এই ছটা স্থানত দুয়োখন ৰাজ্যৰ মাজত আন্তঃৰাজ্যিক সীমা পুনৰ অংকন কৰাৰ পথ প্রশস্ত কৰিছে। 

ইফালে, এই পদক্ষেপৰ পাছতে মেঘালয়ত সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়া। ৰাজ্যখনৰ দল-সংগঠনসমূহে দাবী কৰে যে, স্থানীয় জনগোষ্ঠী, পৰম্পৰাগত প্ৰতিষ্ঠান আৰু অন্যান্য অংশীদাৰসকলৰ সৈতে পৰ্যাপ্ত আলোচনা অবিহনে এই চুক্তি কৰা হৈছে। তেওঁলোকৰ মতে সীমান্ত বিবাদ নিষ্পত্তি প্ৰক্ৰিয়াত খিলঞ্জীয়াৰ অধিকাৰ আৰু স্বাৰ্থক অগ্ৰাধিকাৰ দিয়া উচিত আৰু তেওঁলোকৰ দাবী মনাটো নিশ্চিত কৰা উচিত। আনকি শ্বিলঙৰ সংসদ সদস্য ৰিকি এ জে চিংকনেও ইয়াৰ বিৰোধীতা কৰি কয় যে, "দীৰ্ঘদিন ধৰি বাকী থকা সীমা বিবাদ কেইদিনমানৰ ভিতৰতে সমাধান কৰিব নোৱাৰি।"

অসম মেঘালয় অসম মেঘালয় সংঘাত অসম-মেঘালয় ভূমি বিবাদ অসম-মেঘালয়