নৱবৰ্ষৰ প্ৰাকক্ষণত বটদ্ৰৱাৰ আকাশীগংগাৰ তীৰত তীৰ্থযাত্রীৰ ভিৰ...

বছৰৰ শেষৰ দিনটোত বটদ্ৰৱা থানত সেৱা জনাই, পবিত্ৰ আকাশী গংগাৰ তীৰত লগে ভাগে এসাঁজ খাবলৈ আহি হৰিনাম মত্ত হৈ পৰিল তীৰ্থযাত্রী তথা বনভোজৰ দল।

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ আজি ২০২৪ বৰ্ষৰ অন্তিমটো দিন। আৰু মাত্ৰ কেইঘণ্টামানৰ পাছতে মেলানি মাগিব ২০২৪ বৰ্ষই। বছৰৰ অন্তিমটো দিনত সকলোৱে লগে ভাগে এসাঁজ খাই আনন্দ-স্ফূৰ্তি কৰি ঈশ্বৰৰ নাম লৈ নতুন বছৰক আদৰিবলৈ আয়োজন চলাইছে।

বছৰৰ শেষৰ দিনটোত বটদ্ৰৱা থানত সেৱা জনাই, পবিত্ৰ আকাশী গংগাৰ তীৰত লগে ভাগে এসাঁজ খাবলৈ আহি হৰিনাম মত্ত হৈ পৰিল তীৰ্থযাত্রী তথা বনভোজৰ দল। সকলোৰে কামনা নৱবৰ্ষই সুখ, শান্তি আৰু আনন্দ কঢ়িয়াই আনিব ।

বটদ্ৰৱা