বৰাকত মন্ত্ৰী পীযুষ হাজৰিকা...

হাইলাকান্দি আৰু শ্ৰীভূমি জিলাৰ কাৰ্যকৰ্তা সকলৰ সৈতে আলোচনা কৰাৰ পিচত বুধবাৰে কাছাৰ বিজেপিৰ নেতৃত্ব আৰু দলীয় কাৰ্যকৰ্তা সকলৰ সৈতে আলোচনাত বহে মন্ত্ৰী পীযুষ হাজৰিকা।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
ৰ

ডিজিটেল সংবাদ,শিলচৰঃ  অচিৰেই গঠন হ'ব ৰাজ্যিক বিজেপিৰ নতুন সমিতি। নিৰ্বাচিত কৰা হ'ব নতুন ৰাজ্যিক সভাপতিও। ইয়াৰ পূৰ্বে ৰাজ্যৰ প্ৰতিখন জিলাতে জিলা সভাপতি আৰু মণ্ডল সভাপতি নিৰ্বাচনৰ কাম দ্ৰুত গতিত আগবাঢ়িছে। ৰাজ্যৰ অন্যান্য জিলাৰ লগতে বৰাক উপত্যকাৰ কাছাৰ শ্ৰীভূমি আৰু হাইলাকান্দি জিলাতো জিলা সভাপতি আৰু মণ্ডল সভাপতি নিৰ্বাচনৰ কাম যুদ্ধকালীন তৎপৰতাৰে আগবাঢ়িছে।

Advertisment

জিলা সভাপতি আৰু মণ্ডল সভাপতি সকলক নিৰ্বাচন কৰাৰ ক্ষেত্ৰত দলৰ কাৰ্যকৰ্তা সকলৰ মতামত গ্ৰহণ কৰিবলৈ বৰাকত উপস্থিত হৈছে মন্ত্ৰী পীযুষ হাজৰিকা। বৰাকৰ তিনিও খন জিলাৰ সাংগঠনিক দায়িত্ব লাভ কৰা মন্ত্ৰী গৰাকীয়ে মঙলবাৰৰ পৰা বৰাকত বাহৰ পাতি দলীয় কাৰ্যকৰ্তা সকলৰ সৈতে মত বিনিময় কৰে।‌

্

মঙলবাৰে হাইলাকান্দি আৰু শ্ৰীভূমি জিলাৰ কাৰ্যকৰ্তা সকলৰ সৈতে আলোচনা কৰাৰ পিচত বুধবাৰে কাছাৰ বিজেপিৰ নেতৃত্ব আৰু দলীয় কাৰ্যকৰ্তা সকলৰ সৈতে আলোচনাত বহে মন্ত্ৰী হাজৰিকা। শিলচৰস্থিত জিলা কাৰ্যালয়ত অনুষ্ঠিত পৃথক পৃথক বৈঠকত জিলা আৰু ৬৩ টা মণ্ডলৰ সম্ভাব্য সভাপতি পদৰ প্ৰাৰ্থী সকলৰ সৈতে আলোচনা কৰে মন্ত্ৰী গৰাকীয়ে।

জিলা আৰু মণ্ডলৰ নতুন সভাপতি নিৰ্বাচনৰ ক্ষেত্ৰত জ্যেষ্ঠ কাৰ্যকৰ্তা সহ মন্ত্ৰী কৌশিক ৰায়, দুই বিধায়ক দিপায়ন চক্ৰৱৰ্তী আৰু মিহিৰকান্তি সোমৰ মতামত আৰু পৰামৰ্শ গ্ৰহণ কৰা হয়। এই বৈঠকতে জিলা সভাপতি আৰু মণ্ডল সভাপতি সকলৰ সম্ভাৱ্য নামৰ তালিকা গ্ৰহণ কৰে পীযুষ হাজৰিকাই। এই তালিকা ৰাজ্যিক বিজেপি নেতৃত্বৰ হাতত দাখিল কৰিব বুলি জানিবলৈ দিয়ে মন্ত্ৰী গৰাকীয়ে।

্

অৱশ্যে, সভাপতি পদৰ  পেনেলত  কাৰ কাৰ নাম আছে সেয়া সদৰী কৰাৰ পৰা বিৰত আছে হাজৰিকা।
ইফালে, দলীয় সূত্ৰে জানিব পৰা মতে, কাছাৰ জিলা বিজেপিৰ সভাপতি পদৰ বাবে অমিয় কান্তি দাস, মঞ্জুল দেব, ৰূপম সাহা, ৰাজেশ দাস,জয় জ্যোতি দাস আৰু কংকণ নাৰায়ণ চিকিদাৰৰ নাম আছে। এই ৬জন দাবীদাৰৰ ভিতৰত ধলাই সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে টিকটৰ পৰা বঞ্চিত অমিয় কান্তি দাস আৰু বৰ্তমান শিলচৰ উন্নয়ণ প্ৰাধিকৰণ বৰ্ডৰ অধ্যক্ষ মঞ্জুল দেব আৰু যুব কাৰ্যকৰ্তা ৰাজেশ দাসৰ নাম চৰ্চিত হৈছে।

ইফালে এক দেশ, এক নিৰ্বাচন বিধেয়কক লৈ বিভিন্ন ৰাজনৈতিক দলৰ মাজত দেশ জুৰি বাদ বিবাদ অব্যাহত থকাৰ সময়ত এই বিধেয়কখনক পুৰ্ণ সমৰ্থন কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই । বিধেয়ক খনক লৈ অত্যন্ত সুখী বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। শিলচৰত সংবাদ মাধ্যমৰ আগত এই সন্দৰ্ভত তেওঁ কয় যে, এক দেশ, এক নিৰ্বাচন কাৰ্যকৰী হলে ব্যয় যথেষ্ট কমিব । দুবাৰকৈ নিৰ্বাচন অনুষ্ঠিত হোৱা বাবে দেশত উন্নয়ণ স্থবিৰ হৈ পৰে বুলি মন্তব্য কৰে মন্ত্ৰী গৰাকীয়ে।

পীযুষ হাজৰিকা