দিছপুৰত সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰী পীযুষ হাজৰীকাৰ বিভাগীয় বিষয়াৰে বৈঠক...

নিৰ্দ্ধাৰিত সময়ৰ পাছত নীতি অনুসৰণ নকৰা নিচামুক্তি কেন্দ্ৰসমূহৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ ল'ব চৰকাৰে

author-image
Asomiya Pratidin
New Update
দিছপুৰত সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰী পীযুষ হাজৰীকাৰ বিভাগীয় বিষয়াৰে বৈঠক...

pijush hazarika's meeting

ডিজিটেল ডেস্কঃ অসম চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই বুধবাৰে জনতা ভৱনস্থিত কাৰ্যালয়ৰ সভাকক্ষত ৰাজ্যিক ড্ৰাগছ বিৰোধী আৰু নিষিদ্ধকৰণ পৰিষদৰ অধ্যক্ষা-উপাধ্যক্ষ আৰু বিভাগৰ উচ্চপদস্থ বিষয়াসকলৰ সৈতে নিচামুক্তি কেন্দ্ৰ পৰিচালনাৰ বাবে বিভাগৰ পৰা প্ৰস্তুত হৈ থকা নীতি নিৰ্দেশনা বিষয়ক এখন বৈঠকত অংশ লয় ।

Advertisment

শেহতীয়াকৈ মন্ত্ৰী হাজৰীকাই গুৱাহাটীস্থিত নিচামুক্তি কেন্দ্ৰসমূহৰ স্বত্বাধিকাৰীসকলৰ সৈতে এখন বৈঠক অনুষ্ঠিত কৰি কেন্দ্ৰসমূহ সু-পৰিচালনাৰ বাবে বিভাগীয় কিছুমান নীতি নিৰ্দেশনা প্ৰস্তুত কৰাৰ কথা ঘোষণা কৰি এখন সমিতি গঠন কৰি দিছিল ।

বৈঠকত মন্ত্ৰী হাজৰীকাই বিভাগীয় বিষয়াসকলৰ পৰা নীতি সমূহ প্ৰস্তুতৰ অগ্ৰগতিৰ বিষয়ে বুজ লয়। অন্যহাতে ডিব্ৰুগড়, তিনিচুকীয়া, তেজপুৰ, গোলাঘাট, গুৱাহাটী আৰু বৰপেটাত ৰাজ্যিক ড্ৰাগছ বিৰোধী আৰু নিষিদ্ধকৰণ পৰিষদৰ অধীনত সাজু হৈ উঠা চৰকাৰী নিচামুক্তি কেন্দ্ৰ কেইটাৰ বিষয়েও বৈঠকতে মন্ত্ৰী গৰাকীয়ে বুজ লয়।

উল্লেখ্য যে অহা ২ অক্টোবৰত গুৱাহাটীত সাজু হৈ উঠা চৰকাৰী নিচামুক্তি কেন্দ্ৰ আৰম্ভ কৰাৰ বিষয়ে প্ৰয়োজনীয় ব্যৱস্থা ল'বলৈও মন্ত্ৰী গৰাকীয়ে নিৰ্দেশনা প্ৰদান কৰে। বাকী কেন্দ্ৰসমূহ পৰৱৰ্তী এক মাহৰ ভিতৰত কৰ্যক্ষম কৰি তোলাৰ বাবেও বৈঠকতে সিদ্ধান্ত গ্ৰহণ কৰে।

একেটা সময়তে সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ প্ৰত্যক্ষ তত্বাৱধানত আন দুটা নিচামুক্তি কেন্দ্ৰ সাজু কৰি তোলাৰ বিষয়েও আলোচনা কৰা হয়। আলোচনাৰ সময়ত মন্ত্ৰীগৰাকীয়ে ৰাজ্যখনত গুণগত মানৰ নিচামুক্তি কেন্দ্ৰ সুনিশ্চিত কৰাৰ ক্ষেত্ৰত গুৰুত্ব দিয়ে ।

তাৰোপৰি বিভাগীয় ভাৱে প্ৰস্তুত হৈ থকা নিচামুক্তি কেন্দ্ৰ পৰিচালনাৰ নীতি নিৰ্দেশনাৰ সমান্তৰাল ভাৱে ব্যক্তিগত নিচামুক্তি কেন্দ্ৰসমূহৰ বৰ্তমানৰ সামগ্ৰিক পৰিৱেশৰ বিষয়েও চকু ৰাখিবলৈ মন্ত্ৰী হাজৰীকাই বিভাগীয় বিষয়াক নিৰ্দেশ দিয়ে ।

লগতে ড্ৰাগচৰ ব্যৱহাৰৰ ভয়াবহ পৰণতিৰ বিষয়ে মানুহৰ মাজত সজাগতা অনাৰ বাবে ব্যৱস্থা লোৱাৰ ওপৰতো তেঁও মত পোষণ কৰে। চৰকাৰে বান্ধি দিয়া নিৰ্দ্ধাৰিত ৩ মাহৰ ভিতৰত যি সমূহ নিচামুক্তি কেন্দ্ৰই উপযুক্ত কোঠা, খাদ্য আৰু স্বাস্থ্য আদি সু ব্যৱস্থা কৰিব নোৱাৰে সেই কেন্দ্ৰসমূহৰ বিৰুদ্ধে চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলিও মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে।

বৈঠকত মন্ত্ৰী পীযুষ হাজৰীকাই তুলনামূলকভাৱে নতুন বিভাগটোৰ আন্তঃগাঁথনি তথা প্ৰয়োজনীয় কৰ্মচাৰীৰ সংখ্যাৰ বিষয়েও আলোচনা কৰে । এই ক্ষেত্ৰত বিভাগটোক অধিক গতিশীল ৰূপ দিবলৈ প্ৰয়োজন হোৱা আন্তঃগাঁথনিৰ বিষয়ে বিভাগীয় পদক্ষেপ লবলৈ তেঁও বিভাগক নিৰ্দেশনা প্ৰদান কৰে ।

বৈঠকত ৰাজ্যিক ড্ৰাগছ বিৰোধী আৰু নিষিদ্ধকৰণ পৰিষদৰ অধ্যক্ষা মৃদুলা বৰকাকতী, উপাধ্যক্ষ জিতু বৰগোঁহাই, সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ অতিৰিক্ত সচিব ফজলুল হক চৌধুৰী, সঞ্চালক কিশোৰ ঠাকুৰীয়া আৰু আন বিভাগীয় বিষয়াসকল উপস্থিত আছিল ।

pijush hazarika