প্ৰদ্যুৎ বৰদলৈৰ বিৰুদ্ধে মানহানিৰ গোচৰ দিবলৈ সাজু পীযুষ হাজৰীকা...

উজনি অসমলৈ মাছ যোগান নধৰাৰ আঁৰত পীযুষ হাজৰীকাৰ ষড়যন্ত্ৰ অভিযোগ কৰিছিল সাংসদ বৰদলৈয়ে
প্ৰদ্যুৎ বৰদলৈৰ বিৰুদ্ধে মানহানিৰ গোচৰ দিবলৈ সাজু পীযুষ হাজৰীকা...
Published on
Updated on

ডিজিটেল ডেস্কঃ নগাওঁ লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে উজনি অসমলৈ মধ্য অসমৰ মৎস্য ব্যৱসায়ী সন্থাই মাছ যোগান নধৰাৰ সিদ্ধান্তৰ আঁৰত মন্ত্ৰী পীযুষ হাজৰীকাৰ ষড়যন্ত্ৰৰ যি অভিযোগ উত্থাপন কৰিছিল সেই অভিযোগ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মন্ত্ৰী হাজৰীকাই। আজি তেওঁ সামাজিক মাধ্যমৰ জৰিয়তে তেওঁৰ বিৰুদ্ধে এয়া অপপ্ৰচাৰ বুলি আখ্যা দিয়াৰ লগতে প্ৰদ্যুৎ বৰদলৈৰ বিৰুদ্ধে মানহানিৰ গোচৰ তৰিবলৈ সাজু হৈছে বুলিও উল্লেখ কৰিছে।

উল্লেখ্য যে, ৰাজ্যজুৰি মিঞা হাটাও বিতৰ্ক আৰু উজনি অসমলৈ মাছ যোগান নধৰাৰ বিতৰ্কিক এক সিদ্ধান্তক লৈ ৰাজনৈতিক আৰু সামাজিক পৰিবেশ উত্তাল হৈ থকাৰ মাজতেই সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল। বৰদলৈয়ে নগাঁৱৰ পৰা উজনি অসমলৈ মাছৰ সৰবৰাহ বন্ধ কৰাৰ আঁৰত যি দুই নেতা জড়িত আছে তেওঁলোক দুয়োজন ৰাজ্যৰ জনসংযোগ, জলসম্পদ আদি বিভাগৰ মন্ত্ৰী পীযূষ হাজৰীকা আৰু এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলামৰ বিশ্বস্ত বুলি উল্লেখ কৰিছিল।

নগাঁও সমষ্টিৰ সাংসদগৰাকীয়ে বুধবাৰে সংবাদ মাধ্যমৰ আগত কৈছিল বিজেপি আৰু এ আই ইউ ডি এফে লগ হৈ উজনি-নামনি কৰি আছে। বিজেপিয়ে এ আই ইউ ডি এফৰ সৈতে লগ লাগি অতি পৰিকল্পিতভাৱে নগাঁৱৰ পৰা উজনি অসমলৈ মাছৰ সৰবৰাহ বন্ধ কৰি উজনি-নামনি আৰু হিন্দু-মুছলমানৰ মাজত সংঘাত সৃষ্টি কৰিব বিচাৰিছে।

সাংসদ বৰদলৈৰ এনে অভিযোগৰ পাছতে আজি ইয়াৰ প্ৰত্যুত্তৰ দিছে পীযুষ হাজৰীকাই। তেওঁ নিজৰ সামাজিক মাধ্যমত লিখিছে- ‘’সাংসদ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই হকে-বিহকে মোৰ বিৰুদ্ধে অপপ্ৰচাৰত নামি পৰা পৰিলক্ষিত হৈছে। বিগত লোকসভা নিৰ্বাচনত মই প্ৰতিনিধিত্ব কৰা জাগীৰোড বিধানসভা সমষ্টিত ৭৬,৮০০ ভোটৰ বৃহৎ ব্যৱধানত পৰাজয় কৰাৰ পাছত বৰদলৈ ডাঙৰীয়াই জনমানসত মোক হেয় প্ৰতিপন্ন কৰিবলৈ উঠি-পৰি লাগিছে। সন্মানীয় নগাঁও লোকসভা সমষ্টিত মূলতঃ 'মিঞা' সম্প্ৰদায়ৰ ভোট লাভ কৰি সাংসদ হোৱা বৰদলৈ ডাঙৰীয়াই উজনিলৈ মাছ প্ৰেৰণ বন্ধ কৰাৰ আঁৰত মোকো সাঙুৰি আবোল-তাবোল বলকিবলৈ আৰম্ভ কৰিছে।

ইয়াৰোপৰি মন্ত্ৰী হাজৰীকাই কয়, বৰদলৈৰ এনে ভাষ্য তেওঁৰ বিৰুদ্ধে ষড়যন্ত্ৰমূলক। প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াৰ বিৰুদ্ধে মই মানহানিৰ গোচৰ তৰিবলৈ সাজু হৈছোঁ।

প্ৰদ্যুৎ বৰদলৈৰ বিৰুদ্ধে মানহানিৰ গোচৰ দিবলৈ সাজু পীযুষ হাজৰীকা...
সাজু হ'বৰ হ'লঃ ১৫ ছেপ্টেম্বৰৰ পৰা আৰম্ভ চৰকাৰী নিযুক্তিৰ পৰীক্ষা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in