বাৰ্মিজ চুপাৰী সন্দৰ্ভত বিধানসভাত মন্ত্ৰী পীযুষ হাজৰিকাৰ গুৰুত্বপূৰ্ণ মন্তব্যঃ কোনো পধ্যেই অসমলৈ আনিব দিয়া নহ'ব বাৰ্মিজ চুপাৰী...

চৰকাৰে বৰ্তমানলৈকে ৯৬৫ টন চুপাৰি জব্দ কৰিবলৈ সক্ষম হৈছে

author-image
Asomiya Pratidin
New Update
বাৰ্মিজ চুপাৰী সন্দৰ্ভত বিধানসভাত মন্ত্ৰী পীযুষ হাজৰিকাৰ গুৰুত্বপূৰ্ণ মন্তব্যঃ কোনো পধ্যেই অসমলৈ আনিব দিয়া নহ'ব বাৰ্মিজ চুপাৰী...

pijush hazarika

ডিজিটেল ডেস্কঃ অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ শুকুৰবাৰৰ দিনটোত সংসদীয় পৰিক্ৰমা, জলসম্পদ আদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই ৰাজ্যত অব্য়াহত থকা চুপাৰী ছিণ্ডিকেট সম্পৰ্কে কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। অধিৱেশত এক প্ৰশ্নৰ উত্তৰত মন্ত্ৰী গৰাকীয়ে কয় যে, কোনো মূল্যৰ বিনিময়ত ম্যানমাৰৰ চুপাৰী অসমলৈ আহিব দিয়া নহ'ব।

Advertisment

বিধানসভাৰ মজিয়াত মন্ত্ৰী হাজৰিকাই কয়, ম্যানমাৰৰ চুপাৰি অসমলৈ অহাৰ ক্ষেত্ৰত বি জে পি চৰকাৰে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ উপৰিও মন্ত্ৰী হাজৰিকাই একাংশ লোকে ম্যানমাৰাৰ চুপাৰীৰ সৈতে ড্ৰাগছ তথা অবৈধ অস্ত্ৰ-শস্ত্ৰৰো সৰবৰাহ হোৱাৰ অভিযোগ উত্থাপন কৰাৰ কথা উল্লেখ কৰে। তেওঁ এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কঠোৰ স্থিতি গ্ৰহণ কৰাৰ কথা দোহাৰে।

উল্লেখ্য যে, শেহতীয়াকৈ ৰাজ্যত ধাৰাবাহিক ভাৱে বাৰ্মিজ চুপাৰী, চিগাৰেট আদি জব্দ হৈছে। ৰে'ল তথা সামগ্ৰী কঢ়িওৱা ট্ৰাক আদিত বাৰ্মিজ চুপাৰী, ড্ৰাগছকে ধৰি অবৈধ সামগ্ৰী কঢ়িওৱা অৱস্থাত আৰক্ষীয়ে বহু কেইজন লোকক গ্ৰেপ্তাৰ কৰাৰ লগতে বৃহৎ পৰিমাণৰ এনে অবৈধ বাৰ্মিজ চুপাৰী, চিগাৰেট আদি জব্দ কৰিবলৈ সক্ষম হৈছে। বিধানসভাত শুকুৰবাৰে মন্ত্ৰী পীযুষ হাজৰিকাই দিয়া তথ্য অনুসৰি বৰ্তমানলৈকে ৯৬৫ টন বাৰ্মিজ চুপাৰী জব্দ কৰিবলৈ সক্ষম হৈছে।

assam govt pijush hazarika