/asomiyapratidin/media/media_files/2025/08/15/dgddfdfd-copy-2025-08-15-22-14-41.jpg)
ডিজিটেল ডেস্কঃ বেদখলকাৰীক বেদখলমুক্ত হোৱা ভূমি পুনৰ ঘূৰাই দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে গৌৰৱ গগৈয়ে ৷ কংগ্ৰেছৰ ভোটবেংকৰ স্বাৰ্থত স্বাধীনতা দিৱসৰ পৱিত্ৰ দিনটোতে অবৈধ উচ্ছিদতসকলক ভূমি ঘূৰাই দিয়াৰ আশ্বাস প্ৰদান কৰে নেতাগৰাকীয়ে ৷ এখন সভাত ভাষণ দি গৌৰৱ গগৈয়ে কয় যে, "আমি যুঁজিব লাগিব সেইসকলৰ লগত, যিসকলে মানুহে দুখীয়া মানুহৰ ঘৰত বুলড’জাৰ চলাই ভাল পায়৷"
প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে লগতে সদৰি কৰে যে, "পৰৱৰ্তী সময়ত আমি যেতিয়া কংগ্ৰেছৰ চৰকাৰ গঢ়ি তুলিম, তেওঁলোকৰ মাটি-সম্পত্তি কাঢ়ি লৈ আমি দুখীয়া মানুহৰ মাজত বিতৰণ কৰিম ৷ ৰাহুল গান্ধীয়ে কৈছিল যে, বৰ্তমানৰ চৰকাৰ আতংকিত, বৰ্তমানৰ চৰকাৰ শংকিত৷ তেওঁলোকে গম পাই গৈছে যে ভৱিষ্যতে কংগ্ৰেছৰ চৰকাৰ আহিব" বুলিও উল্লেখ কৰে নেতাগৰাকীয়ে।
উল্লেখযোগ্য যে, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই স্বাধীনতা দিৱসৰ ভাষণ প্ৰসংগত অচিনাকি লোকে বেদখল কৰি অহা অসমৰ ভূমি উচ্ছেদ কৰা হ’বই বুলি স্পষ্ট কৰি দিয়ে৷ বেদখলমুক্ত হোৱা এক ইঞ্চি ভূমিও বেদখলকাৰীয়ে ঘূৰাই নাপায় বুলিও মুখ্যমন্ত্ৰীয়ে লগতে উল্লেখ কৰে ৷ তেওঁ কয় যে, "অসমৰ প্ৰতি টুকুৰা বনভূমিৰ পৰা, অসমৰ প্ৰতি টুকুৰা গ্ৰেজিং লেণ্ডৰ পৰা অসমৰ প্ৰতি টুকুৰা ট্ৰাইবেল বেল্ড এণ্ড ব্লকৰ পৰা, অসমৰ প্ৰতি টুকুৰা চৰকাৰী ভূমিৰ পৰা আমি এই অচিনাকি বেদখলকাৰীসকলক উচ্ছেদ কৰিম আৰু আমি আমাৰ নিৰন্তৰ সংগ্ৰাম অব্যাহত ৰাখিম৷"
আনহাতে, দেশৰ স্বাধীনতা দিৱসৰ পৱিত্ৰ দিনটোতে অবৈধ বেদখলকাৰীক ভূমি ঘূৰাই দিয়াৰ আশ্বাস দিয়া কংগ্ৰেছ নেতা গৌৰৱ গগৈৰ বিৰুদ্ধে সৰৱ হৈ পৰে মন্ত্ৰী পীযুষ হাজৰীকা ৷ সামাজিক মাধ্যমত এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মন্ত্ৰীগৰাকীয়ে গৌৰৱ গগৈক তীব্ৰ সমালোচনা কৰে৷ তেওঁ কয় যে, "কংগ্ৰেছে জানি থোৱা ভাল যে বেদখলমুক্ত হোৱা এক ইঞ্চি ভূমিও বেদখলকাৰীয়ে ঘূৰাই নাপায়। ভূমিপুত্ৰৰ ভূমি, বনাঞ্চলৰ ভূমি, চৰকাৰী ভূমি ভোটবেংকৰ বাবে নহয়, কংগ্ৰেছৰ ব্যক্তিগত সম্পত্তিও নহয়। স্বাধীনতা দিৱসৰ পৱিত্ৰ দিনটোতে বেদখলকাৰীক দেশৰ ভূমি ঘূৰাই দিয়াৰ আশ্বাস দিয়াসকলক, ব্যক্তিগত স্বাৰ্থ পূৰণৰ আকাংক্ষা কৰাসকলক দেশবাসীয়ে ক্ষমা নকৰে। এনে দলক সমৰ্থন কৰাসকল কেতিয়াও অসমৰ হিতচিন্তক হ'ব নোৱাৰে" বুলিও উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে।