/asomiyapratidin/media/media_files/2025/04/18/gkJbf2H2Niwp82pRu53q.jpg)
কংগ্ৰেছক তীব্ৰ কটাক্ষ মন্ত্ৰী পীযুষ হাজৰীকাৰ
ডিজিটেল সংবাদ, লখিমপুৰ : লখিমপুৰৰ লালুক নাওবৈচাত ৰঙানদী উন্নয়ন মঞ্চৰ উদ্যোগত আৰু ৰঙানদী সমষ্টিবাসীৰ সহযোগত আয়োজিত ৰঙানদী কেন্দ্ৰীয় ৰঙালী মহোৎসৱত উপস্থিত থাকে মন্ত্ৰী পীযুষ হাজৰিকা। ভাষণৰ মাজতে মন্ত্ৰীগৰাকীয়ে ৰঙালী মহোৎসৱত উপস্থিত থকা সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰে। "বিহু আৰু শক্তিশালী হওঁক, অসম আৰু শক্তিশালী হওঁক, অসমীয়া আৰু শক্তিশালী হওঁক" এই কামনাৰে মন্ত্ৰীগৰাকীয়ে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই ৰঙানদী কেন্দ্ৰীয় ৰঙালী মহোৎসৱৰ কাৰ্যসূচী আনুষ্ঠানিকভাৱে মুকলি কৰে। বিহুৰ অনুষ্ঠানত 'ৰঙানদীৰ লখিমী' শীৰ্ষক দলৰ ২ হাজাৰ নাচনীয়ে পৰিৱেশন কৰা বিহু তথা গায়ন-বায়ন, সোণোৱাল কছাৰী আৰু মিছিং সম্প্ৰদায়ৰ বৰ্ণাঢ্য নৃত্য উপভোগ কৰি মন্ত্ৰীগৰাকী অভিভূত হৈ পৰে। অনুষ্ঠানত বিধায়ক মানৱ ডেকা, অসম যুৱ আয়োগৰ সদস্য তথা বিহুৰ মুখ্য উদ্যোক্তা ঋষিৰাজ হাজৰিকা, ধলপুৰ আঠাবাৰী সত্ৰৰ শ্ৰীশ্ৰী গোপাল মহাপ্ৰভু, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদক কুশল ঠাকুৰীয়াসহ বহুকেইগৰাকী স্বনামধন্য অভিনেতা-অভিনেত্ৰী, সাংস্কৃতিক কৰ্মী, সাংবাদিক আৰু বিশিষ্ট ব্যক্তি উপস্থিত থাকে।"
এই অনুষ্ঠানৰ পিছত মন্ত্ৰীগৰাকীয়ে লখিমপুৰৰ নাৰায়ণপুৰত উপস্থিত হৈ সংবাদ মাধ্যমৰ আগত কংগ্ৰেছক তীব্ৰ কটাক্ষ কৰে। তেওঁ কয় যে, "এতিয়া মানুহে আৰু কংগ্ৰেছক ভোট নিদিয়ে। অন্য দলৰতো অৱস্থা নায়েই। গতিকে য’ত য’ত পঞ্চায়ত নিৰ্বাচন হ’ব তাতেই আমি বিপুল ভোটত জয়লাভ কৰিম।" তেওঁ লগতে উল্লেখ কৰে, "আমি ৩৩ খন জিলা পৰিষদ, ৩১১ খন আঞ্চলিক পঞ্চায়তত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হৈছো। ইতিমধ্যে আমি বহুত আগুৱাই গ’লো।"
ড০ হীৰেন গোহাঁইৰ নেতৃত্ব বিৰোধী পুনৰ ঐক্যবদ্ধ হোৱা বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে, "ইয়াৰ পৰা তেওঁলোকে কি উত্তৰ পাব মই নাজানো, কিন্তু ৰাইজে যে তেওঁলোকক কিবা ভাল উত্তৰ দিব বুলি মই নাভাবো। ৰাইজে ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনক আশীৰ্বাদ কৰে, নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আশীৰ্বাদ কৰে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আশীৰ্বাদ কৰে" বুলি তেওঁ মন্তব্য কৰে।