শোণিতপুৰৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত চৰকাৰী আঁচনিৰ পৰ্যালোচনা বৈঠকত অভিভাৱক মন্ত্ৰী পীযুষ হাজৰীকা...

অসম চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ ইত্যাদি বিভাগৰ মন্ত্ৰী তথা শোণিতপুৰ জিলাৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰীকাই আজি শোণিতপুৰ জিলা ভ্ৰমণ কৰি জিলা

author-image
Asomiya Pratidin
New Update
ujujj

ডিজিটেল সংবাদ, দিছপুৰঃ অসম চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ ইত্যাদি বিভাগৰ মন্ত্ৰী তথা শোণিতপুৰ জিলাৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰীকাই আজি শোণিতপুৰ জিলা ভ্ৰমণ কৰি জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত কেইবাটাও চৰকাৰী জনকল্যাণমূলক আঁচনিৰ অগ্ৰগতি সন্দৰ্ভত এখন পৰ্যালোচনা বৈঠকত অধ্যক্ষতা কৰে ।

Advertisment

মন্ত্ৰীগৰাকীয়ে বিধায়কসকল ক্ৰমে পৃথ্বীৰাজ ৰাভা, গণেশ কুমাৰ লিম্বু আৰু কৃষ্ণকমল তাঁতীৰ উপস্থিতিত মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান ২.০, অৰুণোদয় ৩.০, আৰু মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ সফল ৰূপায়ণৰ অগ্ৰগতি সন্দৰ্ভত জিলা বিষয়াসকলৰ পৰা বিস্তৃতভাৱে বুজ লয় ।

পৰ্যালোচনা বৈঠকত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন অসম চৰকাৰে গ্ৰহণ কৰা জনকল্যাণমূলক আঁচনিসমূহৰ ১০০% ফলপ্ৰসূ ৰূপায়ণ সুনিশ্চিত কৰিবলৈ আৰু যোগ্য হিতাধিকাৰীসকলে যাতে এই আঁচনিৰ সুফল লাভ কৰিবলৈ সক্ষম হয়, তাৰ বাবে বিষয়াসকলক তীক্ষ্ণ দৃষ্টি ৰাখিবলৈ জলসম্পদ মন্ত্ৰীগৰাকীয়ে নিৰ্দেশনা প্ৰদান কৰে ।

পাছত জলসম্পদ বিভাগৰ মন্ত্ৰীগৰাকীয়ে তেজপুৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত দ-পৰ্বতীয়াৰ বৰাচুবুৰীত উপস্থিত হৈ ব্ৰহ্মপুত্ৰৰ এটা সুঁতিয়ে সৃষ্টি কৰি অহা ব্যাপক বান আৰু খহনীয়াৰ বুজ লয় । এই অঞ্চল পৰিদৰ্শন কৰি জলসম্পদ মন্ত্ৰীগৰাকীয়ে স্থানীয় ৰাইজৰ সৈতে মত বিনিময় কৰি সামগ্ৰিক পৰিস্থিতিৰ বুজ লয় ।

পৰিদৰ্শনকালত মন্ত্ৰীগৰাকীয়ে এই অংশত খহনীয়া প্ৰতিৰোধী কাম হাতত লৈ অতিশীঘ্ৰে সুঁতিটো বন্ধৰ বাবে পদক্ষেপ গ্ৰহণ কৰিবলৈ বিভাগীয় অভিযন্তাক নিৰ্দেশনা প্ৰদান কৰে । উল্লেখ্য যে এই সুঁতিটো বন্ধ হ'লে তেজপুৰ বিধানসভা সমষ্টিৰ উপৰি মেডিকেল কলেজ, আইটিবিপিসহ বৰচলা সমষ্টিৰ বহুকেইটা অংশ বানমুক্ত হ'বলৈ সক্ষম হ'ব ।

মন্ত্ৰী পীয়ুষ হাজৰিকা