ড° হিমন্ত বিশ্ব শৰ্মাকেই দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰীৰূপে বিচাৰে অসমৰ ৰাইজেঃ মন্ত্ৰী পীয়ুষ হাজৰিকা...

অসমৰ ৰাইজে ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক পুনৰবাৰ মুখ্যমন্ত্ৰীৰূপে বিচাৰে। সদ্যঘোষিত পঞ্চায়ত নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিৰ চমকপ্ৰদ প্ৰদৰ্শনত এই কথা প্ৰমাণ হৈ গৈছে। অসমত কংগ্ৰেছ দলৰ অৱস্থা একেবাৰে শোচনীয়।

author-image
Asomiya Pratidin
New Update
alik sss

ডিজিটেল সংবাদ, গুৱাহাটীঃ  'অসমৰ ৰাইজে ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক পুনৰবাৰ মুখ্যমন্ত্ৰীৰূপে বিচাৰে। সদ্যঘোষিত পঞ্চায়ত নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিৰ চমকপ্ৰদ প্ৰদৰ্শনত এই কথা প্ৰমাণ হৈ গৈছে। অসমত কংগ্ৰেছ দলৰ অৱস্থা একেবাৰে শোচনীয়।

পঞ্চায়ত নিৰ্বাচনত শ্ৰী গৌৰৱ গগৈ ডাঙৰীয়া নিজৰ সমষ্টিতেই বিধ্বস্ত হৈছে।'- সাংসদ গৌৰৱ গগৈক তীব্ৰ সমালোচনা আৰু কটাক্ষ কৰি এইদৰে কয় কেবিনেট মন্ত্ৰী শ্ৰী পীযুষ হাজৰীকাই। দেওবাৰে মন্ত্ৰী হাজৰীকাই জাগীৰোড সমষ্টিৰ বুঢ়াবুঢ়ী গাঁও পঞ্চায়তৰ ৩৪নং বুথত আয়োজন কৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অনাতাঁৰ অনুষ্ঠান 'মন কী বাত' কাৰ্যসূচীত অংশ লোৱাৰ অন্তত সংবাদ মাধ্যমক সম্বোধন কৰি এইদৰে উল্লেখ কৰে।

669faf96-d117-4165-8004-1bcc2b792808

 উল্লেখ্য যে সদ্যঘোষিত পঞ্চায়ত নিৰ্বাচনত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ভাৰতীয় জনতা পাৰ্টিয়ে চমকপ্ৰদ প্রদর্শন লাভ কৰিবলৈ সক্ষম হয়। এইবাৰ পঞ্চায়ত নিৰ্বাচনত চাৰিওদিশে গেৰুৱাময় পৰিৱেশৰ সৃষ্টি হোৱাৰ বিপৰীতে কংগ্ৰেছ দলৰ অৱস্থা শোচনীয় হোৱা পৰিলক্ষিত হয়। ৰাইজৰ মৰম, আশীৰ্বাদ বুটলিবলৈ যেন সম্পূৰ্ণৰূপে ব্যৰ্থ হয় কংগ্ৰেছ দলৰ লগতে তেওঁলোকৰ নেতা গৌৰৱ গগৈ।

e7455824-8e7e-4783-9214-3785c10ca5ad

 মন্ত্ৰী হাজৰীকাই সাংসদ গৌৰৱ গগৈ আৰু কংগ্ৰেছ নেতা ৰিপুণ বৰাক তীব্ৰ সমালোচনা কৰি লগতে কয়- 'পঞ্চায়ত নিৰ্বাচনত নিজৰ সমষ্টিতে ধূলিসাৎ হোৱা গৌৰৱ গগৈক ৰিপুণ বৰাই মুখ্যমন্ত্ৰী পাতিব বিচৰাতো অলীক কল্পনা। কংগ্ৰেছৰ 'ব্লু ব্লাডৰ' প্ৰতি আকৰ্ষণৰ বাহিৰে এয়া আন একো নহয়।' মন্ত্ৰী হাজৰীকাই লগতে কয় যে যদিহে ৰাইজে সঁচাকৈ গৌৰৱ গগৈক মুখ্যমন্ত্ৰীৰূপে বিচাৰিলে হয়, তেনেহ'লে তেওঁৰ প্ৰতি ন্যূনতম সমৰ্থন হলেও ৰাইজে আগবঢ়ালে হয়।

 যোৰহাট লোকসভা সমষ্টিতেই ইয়াৰ ফলাফল লাভ কৰিলে হয় আৰু কংগ্ৰেছ দলে ভাল ফলাফল লাভ কৰিলে হয়। গৌৰৱ গগৈ ডাঙৰীয়া নিজৰ সমষ্টিত বিধ্বস্ত হৈছে, কংগ্ৰেছ দল অসমত বিধ্বস্ত হৈছে। গতিকে ৰাইজে ইতিমধ্যে প্ৰমাণ কৰি দিলে যে ড° হিমন্ত বিশ্ব শৰ্মাকহে অসমৰ জনতাই দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰীৰূপে বিচাৰে।

1464ab2e-cd59-4df6-b1a9-57497a9d9545

ড হিমন্ত বিশ্ব শৰ্মা