/asomiyapratidin/media/media_files/2025/02/08/zxesauQcU1cKs1Jxuv7R.png)
ডিজিটেল সংবাদ,দিল্লীঃ অসমৰ সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰী পীযুষ হাজৰীকাই প্ৰধানমন্ত্ৰী অনুসূচিত জাতি অভ্যুদয় যোজনাৰ কেন্দ্ৰীয় পৰামৰ্শদাতা সমিতিক এই আঁচনিৰ অধীনত অসম আৰু উত্তৰ-পূব অঞ্চলৰ বাবে হোষ্টেলৰ উপাদান বৃদ্ধি কৰিবলৈ আহ্বান জনায়। শনিবাৰে ড০ আম্বেদকাৰ আন্তৰ্জাতিক কেন্দ্ৰত PM-AJAY-ৰ প্ৰথমখন CAC-ৰ বৈঠকত ভাষণ দি মন্ত্ৰীগৰাকীয়ে এই আহ্বান জনায়।
মন্ত্ৰী হাজৰীকাই আঁচনিৰ অধীনত বৰ্তমানৰ ২০ লাখ টকাৰ পৰা হোষ্টেলৰ উপাদান বৃদ্ধি কৰিবলৈ চিএচিক আহ্বান জনাই কয় যে দেশৰ অন্যান্য অঞ্চলৰ তুলনাত উত্তৰ-পূব অঞ্চলক আঁচনিৰ হোষ্টেল উপাদানৰ অধীনত অধিক সহায় আৰু সমৰ্থনৰ প্ৰয়োজন।
মন্ত্ৰীগৰাকীয়ে কয় যে, PM-AJAYৰ অধীনত অনুসূচিত জাতিসমূহৰ জীৱনৰ মান উন্নীত কৰিবলৈ অসম চৰকাৰ দৃঢ় প্ৰতিশ্ৰুতি বদ্ধ। কেন্দ্ৰীয় সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰী ড০ বীৰেন্দ্ৰ কুমাৰৰ সভাপতিত্বত অনুষ্ঠিত এই দিনব্যাপী বৈঠকত CACৰ সদস্যসকল, বিভিন্ন ৰাজ্যৰ সংশ্লিষ্ট বিভাগৰ মন্ত্ৰীসকল আৰু বিভিন্ন মন্ত্ৰ্যালয়ৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে।
কেন্দ্ৰীয় মন্ত্ৰী ড০ বীৰেন্দ্ৰ কুমাৰে কয়, "PM-AJAY সামাজিক আৰু অৰ্থনৈতিক বৈষম্য দূৰ কৰিবলৈ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। লক্ষ্যভিত্তিক পদক্ষেপ আৰু একত্ৰিত প্ৰচেষ্টাৰ জৰিয়তে আমি অনুসূচিত জাতিসমূহক সৱলীকৰণ কৰি সৰ্বসমাৱেশী উন্নয়নৰ দিশত আগবাঢ়ি যাবলৈ চেষ্টা কৰি আছোঁ।"
২০২১-২২ চনত আৰম্ভ হোৱা PM-AJAY এটি কেন্দ্ৰীয় পৃষ্ঠপোষকতাপ্ৰাপ্ত আঁচনি য'ত তিনিটা মূল উপাদান আছে—
১) আদৰ্শ গ্ৰাম উপাদান
২) ৰাজ্য/জিলা পৰ্যায়ৰ প্ৰকল্পৰ বাবে অনুদান
৩) হোষ্টেল উপাদান
CAC-এ এই আঁচনিৰ সামগ্ৰিক পৰিচালনা আৰু মনিটৰিং কৰাৰ লগতে বিস্তৃত নীতি-সম্পৰ্কীয় বিষয়সমূহৰ পৰ্যালোচনা কৰিব আৰু আঁচনিৰ সামগ্ৰিক সামাজিক-অৰ্থনৈতিক প্ৰভাৱ মূল্যায়ন কৰিব।
পিছত, X ত মন্ত্ৰী হাজৰীকাই উল্লেখ কৰে যে-
"PM-AJAYৰ কেন্দ্ৰীয় উপদেষ্টা সমিতিৰ প্ৰথম বৈঠকত অংশগ্ৰহণ কৰাৰ সৌভাগ্য হ’ল, যি মাননীয় কেন্দ্ৰীয় সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰী ড০ বীৰেন্দ্ৰ কুমাৰ জীয়ে দিল্লীৰ ড০ আম্বেদকাৰ আন্তৰ্জাতিক কেন্দ্ৰত অধ্যক্ষতা কৰিছিল।’’
২০২১-২২ চনত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীজীৰ দূৰদৰ্শী নেতৃত্বত আৰম্ভ হোৱা এই আঁচনিখনে ভাৰতৰ অনুসূচিত জাতিসমূহক শিক্ষা, দৰিদ্ৰতা নিৰ্মূলকৰণ আৰু কৌশল বিকাশৰ যোগেদি পৰিৱর্তন আনিবলৈ লক্ষ্য হাতত লৈছে। আমি প্ৰতিশ্ৰুতিৱদ্ধ যে, PM-AJAYৰ প্ৰতিটো পদক্ষেপে আমাৰ জনগোষ্ঠীৰ জীৱনত পৰিবর্তন আনিব।"
ইয়াৰ উপৰি, মন্ত্ৰী হাজৰীকাই কেন্দ্ৰীয় মন্ত্ৰী ড০ কুমাৰৰ সৈতে বৈঠক কৰি অসমত ভাৰতৰ প্ৰথম দিব্যাংগ বিশ্ববিদ্যালয় স্থাপনৰ বাবে কেন্দ্ৰীয় চৰকাৰক অনুৰোধ জনায়। তেওঁ কয় যে এক বিশেষ শিক্ষাগত প্ৰতিষ্ঠান স্থাপন কৰিলে দিব্যাংগসকলৰ শিক্ষা, কৌশল বিকাশ আৰু সৱলীকৰণৰ জৰিয়তে তেওঁলোকক সমাজৰ মূল ধাৰালৈ আনি ৰাষ্ট্ৰ গঠনৰ পথত আগুৱাই নিব পাৰিব। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৰাজ্যিক মন্ত্ৰীগৰাকীৰ অনুৰোধৰ প্ৰতি মনোযোগ দিয়ে।
X-ত মন্ত্ৰী হাজৰীকাই উল্লেখ কৰে যে, মাননীয় কেন্দ্ৰীয় সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰী ড০ বীৰেন্দ্ৰ কুমাৰ জীৰ সৈতে দিল্লীত বৈঠক কৰাৰ সৌভাগ্য হ’ল। আমাৰ দূৰদৰ্শী নেতা, মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীজীৰ নেতৃত্বত, কেন্দ্ৰীয় চৰকাৰে অসমত ভাৰতৰ প্ৰথম দিব্যাংগ বিশ্ববিদ্যালয় স্থাপনৰ কথা বিবেচনা কৰিব বুলি মই আশা প্ৰকাশ কৰিলোঁ।
অসম চৰকাৰৰ হৈ মাননীয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমি দৃঢ়বিশ্বাসী যে, এই বিশেষ প্ৰতিষ্ঠানটোৱে দিব্যাংগসকলক সৱলীকৰণ কৰি সমাজ আৰু ৰাষ্ট্ৰগঠনত উল্লেখযোগ্য অৱদান আগবঢ়াব।