পঞ্চায়ত নিৰ্বাচনঃ ৰাইডঙীয়াত ৰণডংকা বজালে মন্ত্ৰী পীযুষ হাজৰিকাই

মন্ত্ৰী হাজৰিকাই সভাত কাছমাৰী জিলা পৰিষদৰ সদস্য পদৰ প্ৰাৰ্থী প্ৰাঞ্জল দাস, আঞ্চলিক পঞ্চায়তৰ সদস্যা স্মৃতা বৰা, ৰানা বৰা, দীপাঞ্জলী কোৱৰ, পূৰবী মহন্ত বৰা, জ্যোতি প্ৰসাদ দাসৰ হৈ প্ৰচাৰ চলায়। 

author-image
Asomiya Pratidin
New Update
sdfsdf

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ  "গৌৰৱ গগৈয়ে ১৫ দিন পাকিস্তানত থাকি আহিছে। আমাৰ দৰে সাধাৰণ মানুহ পাকিস্তানত থাকিলে, মাৰিয়েই পেলাব। তেখেতৰ নিশ্চয়কৈ পাকিস্তানৰ লগত কিবা লিংক আছে। সাংসদ গৌৰৱ গগৈৰ পুত্ৰৰ বিদেশৰ নাগৰিক, সুদুৰ ইংলেণ্ডৰ। গৌৰৱ গগৈ পাকিস্তান, ইংলেণ্ডৰ চাপৰ্টাৰ। ভাৰত পাকিস্তানৰ যুদ্ধ হ'লে গৌৰৱ গগৈ পলাই যাব ইংলেণ্ডলৈ"- আজি নগাঁও-বটদ্ৰৱা সমষ্টিৰ কাছমাৰী জিলা পৰিষদৰ অন্তৰ্গত ৰাইডঙীয়াত অনুষ্ঠিত নিৰ্বাচনী সভাত এই মন্তব্য কৰে মন্ত্ৰী পীযুষ হাজৰিকাই।

Advertisment

সাংসদ প্ৰদ্যুত বৰদলৈৰ আক্ৰমণ সন্দৰ্ভত তেওঁ কয় যে, ৩০ লাখ টকা ঘোচ লৈ প্ৰদ্যুত বৰদলৈক আক্ৰমণ কৰি জিলা পৰিষদৰ টিকট বিক্ৰী কৰিছে। ইয়াৰোপৰি ভূপেন বৰাই ২৬ ৰ নিৰ্বাচনৰ পাছত চৰকাৰী বাহন চলাম বুলি যে কৈছে, ভূপেন বৰা ড্ৰাইভাৰ নেকি? তেওঁ ইমান তললৈ নামিব নালাগে বুলিও কয় মন্ত্ৰী হাজৰিকাই।

্িি্

সভাত শিৱ প্ৰসাদ কলিতা, আইভেটি গাঁও পঞ্চায়তৰ প্ৰাক্তন সভানেত্ৰী জ্যোতি বৰা, দলংঘাট ব্লক যুৱ কংগ্ৰেছৰ উপসভাপতি ধ্ৰুৱজ্যোতি বৰা, আইভেটি গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি নৱ কুমাৰ বৰাকে ধৰি ৫০ জন কংগ্ৰেছ দলৰ নেতা কৰ্মীয়ে আনুষ্ঠানিক ভাৱে বিজেপিত যোগদান কৰে।

উল্লেখ্য যে, মন্ত্ৰী হাজৰিকাই সভাত কাছমাৰী জিলা পৰিষদৰ সদস্য পদৰ প্ৰাৰ্থী প্ৰাঞ্জল দাস, আঞ্চলিক পঞ্চায়তৰ সদস্যা স্মৃতা বৰা, ৰানা বৰা, দীপাঞ্জলী কোৱৰ, পূৰবী মহন্ত বৰা, জ্যোতি প্ৰসাদ দাসৰ হৈ প্ৰচাৰ চলায়। 

ুিি

বিধায়ক ৰূপক শৰ্মা, অগপৰ নগাঁও জিলাৰ সভাপতি মনি মাধৱ মহন্তই ভাষণ প্ৰদান কৰা সভা খনত বটদ্ৰৱা মণ্ডল বিজেপিৰ সভাপতি ৰাজেশ কোঁৱৰ, নগাঁও জিলা ভাৰতীয় জনতা পাৰ্টীৰ সভাপতি ৰঞ্জিত বৰদলৈকে আদি কৰি পাঁচ সহস্ৰাধিক লোক উপস্থিত থাকে।

পঞ্চায়ত নিৰ্বাচন পীযুষ হাজৰিকা